উলুবাৰীস্থিত অসম আৰক্ষীৰ চিআইডিৰ মুখ্য কাৰ্যালয়ত আজি হাজিৰ হয় থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁই।
৩০/২০১৯ নম্বৰ গোচৰৰ ভিত্তিত চিআইডিএ চমন জাৰি কৰিছিল বৰগোঁহাইলৈ।
কা বিৰোধী অন্দোলনত জড়িত থকা অভিযোগত চমন দিয়া হৈছিল প্ৰাক্তন বিধায়ক গৰাকীক।
প্ৰায় দুঘন্টা সময় প্ৰাক্তন বিধায়কগৰাকীক জেৰা অব্যাহত ৰাখে চিআইডিএ৷
জেৰাৰ অন্তত সাংবাদিকৰ আগত বৰগোহাঁয়ে কয়, ‘কৰবাত হয়টো ৰাজনৈতিক ষড়যন্ত্ৰ আছে৷ যদিও আৰক্ষীয়ে কৈছে ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ নাই৷’
‘তেখেতসকলে যেনেকৈ জেৰা কৰিব লাগে তেনেকৈয়ে কৰিছে৷ তেওঁলোকে কৈছে শৃংখল চলিহাৰ লগত ডাঙৰ সম্পৰ্ক আছে৷ সম্পৰ্ক থকাটো কেনেকৈ জনিলে সোধাত কলে ফোন কলৰ সবিশেষ থকা বুলি কৈছে৷ লোকসভা নিৰ্বাচনৰ সময়ত শৃংখলৰ লগত ডেৰ মিনিটৰ এটা আউট গয়িং কল দেখুৱাই মাতিছিল।’ তেওঁ কয়।
প্ৰাক্তন বিধায়ক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কা’ বিৰোধী আন্দোলন ৯ মাহৰ পূবে শৃংখলৰ লগত কথা পতা তথ্য পাইছে। তাৰ পিছত কেনেকৈ কা’ বিৰোধী আন্দোলনৰ লগত জড়িত থকা বুলি তদন্তকাৰী দলক প্ৰশ্ন কৰাত তেওঁলোকে এটা এঙ্গল পোৱা বুলিহে কয়।
সেই প্ৰসঙ্গত তেওঁ কয়, ‘চৰকাৰৰ সমাজ বিৰোধী কাম-কাজত মাত মাতিছো আৰু মাতিম। কিন্তু এই ধৰণৰ ষড়যন্ত্ৰই গণতন্ত্ৰৰ ধ্বংস কৰিব। হিংসা, ধ্বংসৰ জৰিয়তে আমি কোনো দিনে সমাজ সৃষ্টি কৰিব বিচৰা নাই।’
বৰগোহাঁয়ে লগতে কয় ‘ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী হিচাপে মই চৰকাৰৰ সমাজ বিৰোধী নীতিত মাত মাতি যাম৷এনে এখন সমাজ য’ত সকলোৱে মত ৰাখিব লাগে ৷ ক’ৰ’নাৰ ভযাৱহতাৰ সময়তো আমি চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত৷’
ক’ৰ’নাৰ আতংকৰ সময়তে চিআইডিয়ে মতাটো উচিত আছিল নে বুলি সোধা সাংবাদিকৰ প্ৰশ্নত কয়, ‘মোৰ এজনী সৰু ছোৱালী আছে৷ মোৰ ঘৰত বৃদ্ধা মা আছে৷ ক’ৰ’নাৰ ভয়াৱহতাৰ বাবে তিনিমাহ ঘৰত সোমাই আছো৷ কিন্তু হঠাৎ গুৱাহাটী নিচিনা জেগাত য’ত কৰ’নাৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰো বা মোৰ ঘৰৰ কণমানি আৰু মাৰ আক্ৰান্ত হ’ব পাৰে৷ তেতিয়া কিন্তু কোনে আজি দোষ লব।’
ৰাজ্যখন এনেদৰে পৰিচালিত হওক যাতে আমি সকলোৱে মিলি এক সুস্থ গনতন্ত্ৰৰ বাতাবৰণ সৃষ্টি কৰিব পাৰো বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনায় প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহায়ে।