চিআইডি-এ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহা আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱালৈ চমন জাৰি কৰিছে।
দুয়োগৰাকী নেতাক ১৮ মে’ৰ দিনৰ ১১ বজাত চিআইডিৰ উলুবাৰীৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
শৃংখল চলিহাক CID PS Case No 30/2019 us120B/121/121A/122/123/143/147/148/149/150/152/153/153A/326/333 IPC added sec 66 I.T act 2000ৰ অধীনত চমন জাৰি কৰা হৈছে।
আনহাতে চিতু বৰুৱালৈ CID PS Case No 30/2019 us120B/121/121A/122/123/143/147/148/150/152/153A/326/333/353 IPC added sec.66 I.T act 2000, added sec. 420/436 IPCৰ অধীনত চমন জাৰি কৰা হৈছে।
উল্লেখ্য যে কা-বিৰোধী আন্দোলনত নেতৃত্ব দিয়া শৃংখল চলিহাই ইয়াৰ পূৰ্বে ২২ দিন জেলত কটাইছিল।
ইয়াৰ পূৰ্বে শৃংখল চলিহাৰ ঘৰত চিআইডিয়ে অভিযানো চলাইছিল।