চিগাৰেট সেৱনে আঁতৰাই ৰাখে ক’ৰ’না ভাইৰাছ! কি কয় ফ্ৰান্সৰ গৱেষকৰ দলে?

প্ৰতিনিধিত্বমূলক ছবি

চিগাৰেট আদি ধঁপাতজাতীয় সামগ্ৰীত থকা নিকোটিনে মানুহৰ শৰীৰক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে, ফ্ৰান্সত হোৱা এক গৱেষনাত এই কথা পোহৰলৈ আহিছে। livemint এক বাতৰিত প্ৰকাশ।

অৱশ্যে COVID-19ৰ চিকিৎসা বা এই ৰোগ প্ৰতিৰোধ কৰাত নিকোটিন ব্যৱহাৰ যোগ্য হয় নে নহয় তাক লৈ এতিয়াও গৱেষকৰ দলটো স্পষ্ট হোৱা নাই, এইক্ষেত্ৰত তেওঁলোকে আৰু অধিক পৰীক্ষাৰ কৰাৰ পৰিকল্পনা কৰিছে।

গৱেষকৰ দলটোৱে পেৰিছৰ এখন আগশাৰীৰ চিকিৎসালয়ত ৩৪৩ গৰাকী COVID-19 ৰোগী আৰু ক’ৰ’না ভাইৰাছৰ সামান্য লক্ষণ দেখোৱা ১৩৯ গৰাকী ব্যক্তিক পৰীক্ষা কৰাৰ পিছত এই ফলাফল পোৱা যায়।

তেওঁলোকৰ মতে ক’ৰ’নাত আক্ৰান্ত বা লক্ষণ দেখা দিয়াসকলৰ মূঠেই কম সংখ্যকেহে চিগাৰেট সেৱন কৰে। ফ্ৰান্সত চিগাৰেট সেৱন কৰা লোকৰ সংখ্যা হৈছে দেশখনৰ মূঠ জনসংখ্যাৰ ৩৫শতাংশ।

‘ৰোগীসকলৰ ভিতৰত মাত্ৰ ৫ শতাংশ চিগাৰেট সেৱনকাৰীহে আছে,’ গৱেষক দলটোৰ এগৰাকী সদস্য তথা অভ্যন্তৰীণ চিকিৎসাশাস্ত্ৰৰ অধ্যাপক জাহিৰ আমৌৰাই (Zahir Amoura) কয়।

দলটোৰ আন এগৰাকী সদস্য তথা প্ৰখ্যাত neurobiologist জাঁ-পিয়েৰ চাঁ (Jean-Pierre Changeux)ৰ মতে নিকোটিন আমাৰ দেহৰ কোষ সংগাহী ইন্দ্ৰিয় (cell receptors)ত  লিপিট খাই লাগি ধৰিব পাৰে, ফলত ই ভাইৰাছবিধ জীৱকোষত প্ৰৱেশ কৰা আৰু দেহত বিয়পী পৰাত বাধা দিয়ে।

গৱেষকৰ দলটোৱে এইক্ষেত্ৰত অধিক পৰীক্ষাৰ বাবে ফ্ৰান্সৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছে।

অৱশ্যে তেওঁলোকে এতিয়াই কাকো ক’ৰ’না ভাইৰাছৰ পৰা বাচিবলৈ চিগাৰেট সেৱন কৰিবলৈ পৰামৰ্শ নাই দিয়া।

‘আমি কেতিয়াও নিকোটিনৰ ক্ষতিকৰ দিশসমূহ পাহৰিব নালাগে,’ দেশখনৰ এগৰাকী শীৰ্ষ স্বাস্থ্য বিষয়া জিৰ’ম ছাল’ম’ন (Jerome Salomon)এ কয়।

উল্লেখযোগ্য যে এইপৰ্যন্ত ফ্ৰান্সত ২১,০০০ হাজাৰতকৈ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশখনত চিগাৰেট সেৱন সংক্ৰান্তীয় কাৰণত প্ৰতি বছৰে প্ৰায় ৭৫,০০০ হাজাৰ লোকৰ মৃত্যু হয়।