NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় বিত্তীয় বাজেট-২০১৯ : দাম বৃদ্ধি পাব বিড়ী, চিগাৰেট, গুটখা আৰু পান-মছলা আদিৰ

July 5, 2019 4:53 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

কেন্দ্ৰীয় বিত্তীয় বাজেটৰ পৰা প্ৰতিবছৰে বেছিভাগ ঔদ্যোগ-প্ৰতিষ্ঠানে সদায় লাভৰ বাবে আশা কৰে যদিও চিগাৰেট আৰু অন্যান্য ধঁপাত জতীয় সামগ্ৰী নিৰ্মানকাৰী ঔদ্যোগসমূহে সদায় বাজেটৰ পৰা হতাশহে হ’বলগীয়া হয়। চলিত বৰ্ষৰ বিত্তীয় বাজেটতো ধঁপাত ঔদ্যোগ সমূহে কেন্দ্ৰ চৰকাৰৰ পৰা কোনোধৰণ সাহায্য লাভ কৰিবলৈ সক্ষম নহ’ল।

স্বাস্থ্য সজাগতামূলক গোট সমূহে উল্লেখ কৰা অনুসৰি বৰ্তমানেও ভাৰতবৰ্ষত ধঁপাতজাতীয় সামগ্ৰীসমূহ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া মূল্যমানতকৈ ৭৫ শতাংশ কম দামত বিক্ৰী হয়।

উল্লেখযোগ্য যে, ধঁপাত জাতীয় সামগ্ৰী যেনে চিগাৰেট, বিড়ী, পান-মছলা, গুটখা আদি সামগ্ৰী নিৰ্মানৰ ক্ষেত্ৰত প্ৰতিবছৰে কেন্ত্ৰীয় বিত্তীয় বাজেটত আবকাৰী শুল্ক বৃদ্ধি কৰি অহা হৈছে। চলিত বিত্তীয় বাজেটতো বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ধঁপাত জাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ স্পষ্ট ইংগিত দিয়ে।

চলিত বিত্তীয় বৰ্ষৰ বাজেটত ধঁপাত ঔদ্যোগসমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ক্ষতিপূৰণ উপকৰ আৰু আবকাৰী শুল্ক হ্ৰাস কৰিব বুলি আশা কৰিছিল। ২০১২ বৰ্ষৰ বিত্তীয় বৰ্ষৰ পৰা ক্ৰমাগত ভাৱে ধঁপাত জাতীয় সামগ্ৰীসমূহৰ দাম ২০২ শতাংশ বৃদ্ধি পাইছে।

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে জনস্বাস্থ্য ক্ষতি কৰিবপৰা সামগ্ৰীসমূহৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰি ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে পৰোক্ষভাৱে চেষ্টা কৰি আহিছে। ধঁপাত ঔদ্যোগ সমূহৰ ওপৰত বৃদ্ধি হৈ অহা আবকাৰী শুল্ক আৰু ক্ষতিপূৰণ উপকৰৰ বাবে দেশত ২৫ শতাংশ চিগাৰেট ঔদ্যোগ হ্ৰাস পাইছে।

Related News