• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া অস্মিতা ৰেখা বৰাক ভাড়া ঘৰৰ মালিকৰ দুৰ্ব্যৱহাৰ; এজাহাৰ দাখিল

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
June 24, 2020 6:55 pm
safe_image.php

চক্ৰ বিষয়া অস্মিতা ৰেখা বৰা। ফটো: নৰ্থইষ্ট নাও

4.8k
VIEWS
Share on FacebookShare on Twitter

ফ্ৰৰ্ন্ট লাইন ৱৰ্কাৰ হিচাপে ক‘ভিড-১৯ৰ ডিউটিত থকা চামগুৰি ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অস্মিতা ৰেখা বৰাক ভাড়া ঘৰৰ মালিকে কৰা দুৰ্ব্যৱহাৰক কেন্দ্ৰ কৰি আজি নগাঁও জিলা প্ৰশাসনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়।

জানিব পৰা মতে, নগাঁও জিলাৰ ইটাচালি আৰক্ষী থানাৰ অন্তৰ্গত আমোলাপট্টিৰ কৃষ্ণ শইকীয়া আৰু ললিতা বাৰিকৰ ঘৰত ভাড়াতীয়া হিচাপে থাকে চামগুৰি ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অস্মিতা ৰেখা বৰা আৰু সহকাৰী আয়ুক্ত মৃদুল বড়ো।

সাম্প্ৰতিক সময়ত দুয়োগৰাকী প্ৰশাসনিক বিষয়াই জিলাখনত ক‘ভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে জৰুৰীকালীন সেৱাৰ লগত জড়িত হৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে।

এই দুয়োগৰাকী বিষয়াই ক‘ভিড-১৯ৰ কৰ্তৱ্যত গৈ ভাড়াঘৰলৈ ভাইৰাছ কঢ়িয়াই অনাৰ আশংকাত মালিকে দুৰ্ব্যৱহাৰ কৰে।

তদুপৰি, পুৱা ৬ বজাত ক‘ভিড-১৯ৰ ডিউটিত যোৱাৰ ক্ষেত্ৰত আৰু নিশা ১০ বজাৰ পাছত ভাড়াঘৰলৈ উভতি অহাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি প্ৰতিদিনে মূল গেটত তলা মাৰি থয়।

ইয়াকে লৈ ভাড়াঘৰৰ মালিকৰ লগত প্ৰায়ে তৰ্কাতৰ্কিতো লিপ্ত হ’বলগীয়া হৈছে প্ৰশাসনিক বিষয়া গৰাকীয়ে।

প্ৰশাসনীয় বিষয়া হিচাপে এই ক্ষেত্ৰত মালিকৰ লগত হোৱা কাৰ্য দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে চক্ৰ বিষয়াগৰাকীয়ে।

আনহাতে, প্ৰশাসনীয় বিষয়াগৰাকীয়ে ইউ পি এছ ই পৰীক্ষাৰ বাবে পঢ়িবলৈ গোটাই ৰখা নোট সহ “দ্যা হিন্দু“কাকত সমূহো বনকৰা মহিলাৰ দ্বাৰা হৰলুকি কৰাত জড়িত হোৱা এক ঘটনাও সদৰী হৈছে।

এই সন্দৰ্ভত মলিকৰ পৰা যেতিয়া এটা মোবাইল মেচেজৰ জৰিয়তে জানিবলৈ বিচৰা হ‘ল, তেতিয়াই মালিকে বেয়া মেচেজ দিয়া বুলি চেলু উলিয়াই প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত কৰাৰ লগতে ৰাস্তাত চিঞৰ-বাখৰ কৰি পৰিৱেশ বিনষ্ট কৰে আৰু বৰাক ঘৰৰ পৰা বাহিৰ হৈ যাবলৈ দিয়ে।

WhatsApp Image 2020-06-24 at 5.37.46 PM
চক্ৰবিষয়াগৰাকীয়ে দাখিল কৰা এজাহাৰখন।

তদুপৰি, অস্মিতা ৰেখা বৰা আৰু মৃদুল বড়োৰ সহযোগী হিচাপে কাম আৰু বন কৰা লোক সকলকো বিভিন্ন কটুক্তিৰে ভাড়াঘৰৰ মালিকে ককৰ্থনা কৰে।

আনহাতে, মাহেকীয়া ভাড়া সময় মতে আদায় নিদিয়া বুলি মিছা অভিযোগ তুলি ঘৰৰ পৰা ওলাই যাবলৈ মালিকে কাঢ়া নিৰ্দেশ দিয়াত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উপায়ন্তৰ হৈ ভাড়াঘৰৰ মালিক কৃষ্ণ শইকীয়া আৰু ললিতা বাৰিকৰ বিৰুদ্ধে ইটাচালি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

কালি থানাত দিয়া এজাহাৰৰ প্ৰতিলিপি ইতিমধ্যে নগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্ৰদান কৰা হৈছে।

আৰক্ষীয়ে বন কৰা পুৰুষ-মহিলাক গেটতে চেণ্ডেল খুলাই অপমান কৰা,মানসিক নিৰ্যাতন কৰাকে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে যদিও প্ৰশাসনে সময়ত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেইটোও বিচাৰ্যৰ বিষয় হ’ব বুলি সচেতন মহলে ধাৰণা কৰিছে।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd