• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া অস্মিতা ৰেখা বৰাক ভাড়া ঘৰৰ মালিকৰ দুৰ্ব্যৱহাৰ; এজাহাৰ দাখিল

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
June 24, 2020 6:55 pm
safe_image.php

চক্ৰ বিষয়া অস্মিতা ৰেখা বৰা। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰৰ্ন্ট লাইন ৱৰ্কাৰ হিচাপে ক‘ভিড-১৯ৰ ডিউটিত থকা চামগুৰি ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অস্মিতা ৰেখা বৰাক ভাড়া ঘৰৰ মালিকে কৰা দুৰ্ব্যৱহাৰক কেন্দ্ৰ কৰি আজি নগাঁও জিলা প্ৰশাসনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়।

জানিব পৰা মতে, নগাঁও জিলাৰ ইটাচালি আৰক্ষী থানাৰ অন্তৰ্গত আমোলাপট্টিৰ কৃষ্ণ শইকীয়া আৰু ললিতা বাৰিকৰ ঘৰত ভাড়াতীয়া হিচাপে থাকে চামগুৰি ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অস্মিতা ৰেখা বৰা আৰু সহকাৰী আয়ুক্ত মৃদুল বড়ো।

Apply Now

সাম্প্ৰতিক সময়ত দুয়োগৰাকী প্ৰশাসনিক বিষয়াই জিলাখনত ক‘ভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে জৰুৰীকালীন সেৱাৰ লগত জড়িত হৈ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে।

এই দুয়োগৰাকী বিষয়াই ক‘ভিড-১৯ৰ কৰ্তৱ্যত গৈ ভাড়াঘৰলৈ ভাইৰাছ কঢ়িয়াই অনাৰ আশংকাত মালিকে দুৰ্ব্যৱহাৰ কৰে।

তদুপৰি, পুৱা ৬ বজাত ক‘ভিড-১৯ৰ ডিউটিত যোৱাৰ ক্ষেত্ৰত আৰু নিশা ১০ বজাৰ পাছত ভাড়াঘৰলৈ উভতি অহাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি প্ৰতিদিনে মূল গেটত তলা মাৰি থয়।

ইয়াকে লৈ ভাড়াঘৰৰ মালিকৰ লগত প্ৰায়ে তৰ্কাতৰ্কিতো লিপ্ত হ’বলগীয়া হৈছে প্ৰশাসনিক বিষয়া গৰাকীয়ে।

প্ৰশাসনীয় বিষয়া হিচাপে এই ক্ষেত্ৰত মালিকৰ লগত হোৱা কাৰ্য দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে চক্ৰ বিষয়াগৰাকীয়ে।

আনহাতে, প্ৰশাসনীয় বিষয়াগৰাকীয়ে ইউ পি এছ ই পৰীক্ষাৰ বাবে পঢ়িবলৈ গোটাই ৰখা নোট সহ “দ্যা হিন্দু“কাকত সমূহো বনকৰা মহিলাৰ দ্বাৰা হৰলুকি কৰাত জড়িত হোৱা এক ঘটনাও সদৰী হৈছে।

এই সন্দৰ্ভত মলিকৰ পৰা যেতিয়া এটা মোবাইল মেচেজৰ জৰিয়তে জানিবলৈ বিচৰা হ‘ল, তেতিয়াই মালিকে বেয়া মেচেজ দিয়া বুলি চেলু উলিয়াই প্ৰচণ্ড কাজিয়াৰ সূত্ৰপাত কৰাৰ লগতে ৰাস্তাত চিঞৰ-বাখৰ কৰি পৰিৱেশ বিনষ্ট কৰে আৰু বৰাক ঘৰৰ পৰা বাহিৰ হৈ যাবলৈ দিয়ে।

WhatsApp Image 2020-06-24 at 5.37.46 PM
চক্ৰবিষয়াগৰাকীয়ে দাখিল কৰা এজাহাৰখন।

তদুপৰি, অস্মিতা ৰেখা বৰা আৰু মৃদুল বড়োৰ সহযোগী হিচাপে কাম আৰু বন কৰা লোক সকলকো বিভিন্ন কটুক্তিৰে ভাড়াঘৰৰ মালিকে ককৰ্থনা কৰে।

আনহাতে, মাহেকীয়া ভাড়া সময় মতে আদায় নিদিয়া বুলি মিছা অভিযোগ তুলি ঘৰৰ পৰা ওলাই যাবলৈ মালিকে কাঢ়া নিৰ্দেশ দিয়াত ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে উপায়ন্তৰ হৈ ভাড়াঘৰৰ মালিক কৃষ্ণ শইকীয়া আৰু ললিতা বাৰিকৰ বিৰুদ্ধে ইটাচালি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

কালি থানাত দিয়া এজাহাৰৰ প্ৰতিলিপি ইতিমধ্যে নগাঁও জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্ৰদান কৰা হৈছে।

আৰক্ষীয়ে বন কৰা পুৰুষ-মহিলাক গেটতে চেণ্ডেল খুলাই অপমান কৰা,মানসিক নিৰ্যাতন কৰাকে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে যদিও প্ৰশাসনে সময়ত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে সেইটোও বিচাৰ্যৰ বিষয় হ’ব বুলি সচেতন মহলে ধাৰণা কৰিছে।

বিদ্যুৎজ্যোতি বৰা

বিদ্যুৎজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd