• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আকৌ আহিব CAB! অসমীয়াক বচাবলৈ এইবাৰ ৰাজপথৰ আন্দোলনেই নহয়, হ’ব আইনী যুঁজো

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 3, 2019 10:08 pm
AMIT-SHAH-PTI7_30_2017

অমিত শ্বাহৰ ফাইল ফটো।উৎস-ইণ্টাৰনেট

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৰা এক ঘোষণাই অসমীয়াক পুনৰ শংকিত কৰি তুলিছে। সেয়া হ’ল এন আৰ চিত নাম বাদ পৰিলেও হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাবই!

অসমৰ খিলঞ্জীয়াৰ বহু প্ৰত্যাশিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক এক প্ৰকাৰ নস্যাৎ কৰি অমিত শ্বাহে ৰাজ্য সভাত ৰখা বক্তব্যৰ পাছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱা ১ জুলাইত ৰাজ্য সভাৰ মজিয়াত তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’বিৰেণে অসমত এন আৰ চিৰ খচৰাৰ পৰা কেইবালাখ বাঙালীৰ নাম কৰ্তন হোৱা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ শ্বাহে যি বক্তব্য ৰাখিলে তাক সহজভাৱে ল’ব পৰা নাই অসমীয়াই।

‘দি হিন্দু’ কাকতত প্ৰকাশ পোৱা অনুসৰি ৰাজ্য সভাত অমিত শ্বাহৰ ঘোষণা, ‘মই এন আৰ চি সম্পৰ্কত আমাৰ স্থিতি সম্পৰ্কে পুনৰ ক’ব বিচাৰিছো। আমি অনুপ্ৰৱেশ বন্ধ কৰিব বিচাৰো আৰু এজন এজন অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰো। কিন্তু হিন্দু শৰনাৰ্থীৰ ক্ষেত্ৰত, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বাবে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম।’

উল্লেখযোগ্য যে তৃণমূলৰ সাংসদ গৰাকীয়ে সদনত অহা ৩১ জুলাইত অসমত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় ২৩ লক্ষ হিন্দু বাঙালীৰ নাম কৰ্তন হোৱাৰ শংকা ব্যক্ত কৰিছিল।

কিন্তু অমিত শ্বাহৰ বক্তব্যৰ পাছতেই অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ পুনাৰাবৃতি ঘটাৰ পূৰ্ণ সম্ভাৱনা স্পষ্ট হৈ পৰিল। ইতিমধ্যে এই বক্তব্য সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ আগত ক্ষোভ ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়, ‘অমিত শ্বাহে এই কথাৰে অসমৰ ৰাইজৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটাকে নস্যাৎ কৰিলে। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছৰ কোনো বিদেশীৰ বোজা অসমে নলয়, সেয়া হিন্দুৱে হওক বা মুছলমানেই হওক। অসম চুক্তি অনুসৰি সকলো অবৈধ বিদেশীয়ে অসম এৰি যাবই লাগিব।’

কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এই মন্তব্যৰে অসম চুক্তিক অৱজ্ঞা কৰাৰ লগতে দেশৰ সংবিধানকো উলংঘা কৰিছে বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

বিজেপিয়ে বিধেয়কখন আনিব বিচাৰিলে ছাত্ৰ সন্থাই পুনৰ আন্দোলন তীব্ৰ ৰূপত গঢ়ি তুলিব বুলিও প্ৰকাশ কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে প্ৰায় দুবছৰ ধৰি সমগ্ৰ উত্তৰ-পূবত আন্দোলন চলিছিল। বিজেপিৰ বিগত কাৰ্য্যকালৰ লোক সভাতৰ অন্তিম অধিৱেশনত বিধেয়কখন গৃহীত কৰোৱাৰ পাছত এই আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। তৎসত্ত্বেও শাসনাধিষ্ঠ বিজেপি চৰকাৰে গণতান্ত্ৰিক আন্দোলনক তিলমানো গুৰুত্ব দিয়া নাছিল। কিন্তু ৰাজ্য সভাত বিজেপিৰ পৰ্য্যাপ্ত সদস্য নথকাত ব্যৰ্থ হৈছিল বিধেয়কখন।

কিন্তু এইবাৰ ৰাজ্যত সভাত বিজেপিৰ আসনৰ সংখ্যা ভালেকেইখন বৃদ্ধি পাইছে। বিজেপিৰ লগত যদি আন কেইটামান দলে বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়ায় তেনেহ’লে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ গৃহীত হোৱাটা নিশ্চিত। লোক সভাত বিজেপিয়ে অনায়াসে গৃহীত কৰিব পাৰিব বিধেয়কখন। তেনেক্ষেত্ৰত বিধেয়কখন ব্যৰ্থ কিদৰে কৰিব আছু, অসমৰ বিধেয়ক বিৰোধী দল-সংগঠন আৰু ৰাইজে?

এই প্ৰশ্নৰ উত্তৰত লুৰিণজ্যোতি গগৈয়ে কয়, ‘এইবাৰ অসমৰ ৰাইজে ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ আদালতৰ মজিয়াতো দেশৰ সংবিধান বিৰোধী বিধেয়কখনৰ বিৰুদ্ধে যুঁজিব লাগিব।’

অৱশ্যে জনতা দল (য়ুনাইটেড), বিজু জনতা দলৰ দৰে চৰকাৰৰ লগত থকা দলসমূহে পূৰ্বৰ দৰেই বিধেয়কখনৰ বিৰোধিতা কৰি যাব বুলি আশা প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

August 16, 2025 8:55 am
ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

ছাগলীৰ মৃত্যুৰ প্ৰতিশোধ, বিষাক্ত মাংস খুৱাই ১২ টা ৰাস্তাৰ কুকুৰক হত্যা!

August 16, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd