দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত নাগৰিক সভা

আমাৰ দেশৰ জটিল সন্ধিক্ষণত অনুষ্ঠিত হৈ থকা সাধাৰণ নিৰ্বাচনত সচেতন নাগৰিকৰ কৰ্তব্য” সম্পৰ্কত আলোচনা কৰিবলৈ এখন নাগৰিক সভাখন আহ্বান কৰা হয়। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা জিলাৰ সদৰত আজিৰ এই সভাখন আয়োজন কৰা হৈছে।

এই নাগৰিক সভা’খনত সভাপতিত্ব কৰে বৰপেটাৰ বিশিষ্ট নাগৰিক ভূপতি ৰঞ্জন মুদৈ ,লগতে সভা’খনৰ উদ্দেশ্য বাখ্যা কৰে অধিবক্তা বিস্ময় দাসে।সভাৰ আৰম্ভণিতে যোৱা ২৭ এপ্ৰিলত বি, জে, পি শাসিত মণিপুৰত কত্তৰ্ব্যৰত CRPF জোৱান নাছিৰুদ্দিন ছৰকাৰৰ উগ্ৰপন্থীৰ হাতত অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। সভাই বৰপেটা জিলাৰ ভেল্লাৰ নিবাসী প্ৰয়াত নাছিৰুদ্দিনৰ অকাল বিয়োগত একমিনিট সময় মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত চলি থকা সাধাৰণ নিৰ্বাচনত আমি নাগৰিক সকলে সঠিক ভূমিকা পালন কৰিব লাগিব। আপোনালোকক নকলেও হয় যে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু অহা ৭ মেত আমাৰ বৰপেটা সমষ্টিত হবলগীয়া ভোটগ্ৰহণৰ দিনা আমি ভোটাধিকাৰৰ সুব্যৱহাৰ কৰি এই সমষ্টিৰ পৰা বৰ্তমানৰ শাসক মিত্ৰ- জোটৰ প্ৰাৰ্থীৰ বিৰুদ্ধে এজন সৎ, প্ৰগতিশীল, অভিজ্ঞ আৰু দক্ষ সাংসদ নিৰ্বাচন কৰি পঠিয়াবৰ বাবে সাজু হোৱাৰ প্ৰয়োজন। আমাৰ ভোটাৰ ৰাইজে বি,জে,পি নেতৃত্বাধীন শাসক মিত্ৰ- জোটৰ কুকৰ্মৰ উচিত শিক্ষা দিয়াৰ এয়ে সঠিক সময়।

আজিৰ নাগৰিক সভাখন অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান,অসমৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। এই সভাত অসম নাগৰিক সমাজৰ সম্পাদক তথা ভাৰত জোড়ো অভিযান, অসমৰ সমন্বয়ক – নিৱন্ধকাৰ আৰু NENOW নিউজ পৰ্টেলৰ মুখ্য সম্পাদক শ্ৰীযুত পৰেশ মালাকাৰ , অসম নাগৰিক সমাজৰ উপ সভাপতি তথা তথ্য- প্ৰযুক্তিবিদ শ্ৰীযুত দীপক গোস্বামী, গুৱাহাটী উচ্চ- ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা শ্ৰীযুত শান্তনু বৰঠাকুৰ বক্তা হিচাপে উপস্থিত থাকে। আৰু লগতে অসম নাগৰিক সমাজৰ আন কেইগৰাকীমান কৰ্মকৰ্তাও উপস্থিত থাকে।

সভাই আহ্বান জনায় যে দেশত গণতন্ত্ৰৰ বিপদ সৃষ্টি কৰা বি, জে, পি আৰু ইয়াৰ মিত্ৰ -জোটৰ দলক পৰাস্ত কৰাৰ বাবে বৰপেটা সমষ্টিত শক্তিশালী,দক্ষ বিৰোধী প্ৰাৰ্থী হিচাপে চি,পি,এমৰ মনোৰঞ্জন তালুকদাৰক সমৰ্থন আগবঢ়োৱাৰ প্ৰয়োজন। বৰপেটা লোকসভাৰ সমষ্টিত বামপন্থী প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰেহে শাসকীয় মিত্ৰ জোটৰ অ,গ,প ৰ প্ৰাৰ্থী গৰাকীক পৰাভূত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে চৰম সুবিধাবাদী অ,গ,প দলৰ প্ৰাৰ্থী জনক পৰাস্ত কৰাৰ বাবে মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত আমি দায়িত্বশীল নাগৰিক সকল ওলাই অহাটো জৰুৰী প্ৰয়োজন হৈ পৰিছে বুলি সভাত বক্তা সকলে সবল যুক্তি প্ৰদৰ্শন কৰে।

খাদ্যদ্ৰব্যৰ আকাশ লঙ্ঘী মূল্যবৃদ্ধি, তীব্ৰ কৰ্মসংস্থানৰ সমস্যা,কৃষক- শ্ৰমিকৰ দুৰ্দশা,সাংবিধানিক অনুষ্ঠান সমূহৰ অৱক্ষয়, মহিলাৰ নিৰাপত্তাৰ সংকট, বে-আইনী কা জাপি দিয়াৰ অপচেষ্টা আদি সম্যসাৰ সঠিক প্ৰত্যুত্তৰ দিয়াৰ এই সুযোগ ভোটাৰ সকলে সতৰ্কতাৰে গ্ৰহন কৰিব বুলি সভা মতামত ব্যক্ত কৰে। লোকসভাৰ নিৰ্বাচনত ভোট দিয়াৰ সময়ত ওপৰত উল্লিখিত কথা কেইটা ভাবি চোৱা উচিত হব ,ভোটাৰ সকলক আবেদন জনায়। শাসক মিত্ৰ জোটৰ চৰকাৰৰ এনেবোৰ অপকৰ্মৰ প্ৰতিবাদ কৰিবলৈ সদল বলে ওলাই আহি বিৰোধীৰ শক্তিশালী, অভিজ্ঞ আৰু দক্ষ বাওঁপন্থী প্ৰাৰ্থীজনক ভোটদান কৰিব লৈ আবেদন জনায়। এই ক্ষেত্ৰত সকলো ভোটাৰ ৰাইজৰ সহযোগিতা কামনা কৰা হয়।