NORTHEAST NOW (Assamese)

ৰাইজৰ পক্ষত থিয় দি ১৭ নৱেম্বৰৰ গণ সমাৱেশ আয়োজনত বাধা প্ৰদান কৰিব চৰকাৰে

October 21, 2018 9:04 am · এন ই নাও নিউজ
Updated: October 21, 2018 9:09 am

অৱশেষত ৰাইজৰ পক্ষত থিয় দি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সমৰ্থনত ২৬ টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ, অসমৰ উদ্যোগত খানাপাৰাত ১৭ নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা গণ সমাৱেশত বাধা প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

প্ৰস্তাৱিত সমাৱেশক কেন্দ্ৰ কৰি আইন-শৃংখলা পৰিস্থিতি ব্যাহত হোৱাৰ আশংকাতে সমাৱেশ আয়োজনত অনুমতি নিদিয়াৰ কথা প্ৰকাশ কৰিছে অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পি পল্লৱ ভট্টাচাৰ্যই। শনিবাৰে অৰ্থাৎ ২০ অক্টোবৰত এক সংবাদমেলৰ জৰিয়তে এই কথা ভট্টাচাৰ্যই সদৰী কৰে।

তাৰোপৰি ভট্টাচাৰ্যই সংবাদমেলত নিৰাপত্তাজনিত কাৰণতে গৃহ বিভাগ আৰু অসম আৰক্ষী প্ৰস্তাৱিত গণ সমাৱেশখনৰ পক্ষত নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন জাতীয় দল-সংগঠনসমূহে ১৭ নৱেম্বৰৰ সমাৱেশখনক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জানই আহিছিল।

তেনে সময়তে শেহতীয়াকৈ চৰকাৰখনে তথা গৃহ বিভাগে এই ক্ষেত্ৰত ৰাইজৰ পক্ষত থিয় দিয়া কথাই বিশেষ গুৰুত্ব বহন কৰিছে।

ইফালে আয়োজক নাগৰিক অধিকাৰ মঞ্চ, অসমে ১৭ নৱেম্বৰৰ সমাৱেশ অনুষ্ঠিত কৰাক লৈ শনিবাৰৰ লৈকে অনুমতি বিচাৰি প্ৰশাসনৰ কাষ চপা নাই বুলিও ভট্টাচাৰ্যই কালিৰ সংবাদমেলত উল্লেখ কৰে।

Related News