• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অমিত শ্বাহৰ ঘোষণাক লৈ আক্ৰমণাত্মক তৰুণ গগৈ ||নাগৰিকত্ব বিধেয়ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2019 3:52 pm
925
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত সোমবাৰে গুৱাহাটীত ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা ঘোষণাক লৈ আক্ৰমণাত্মক হৈ উঠিছে তৰুণ গগৈ।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ মতে, বিলখনক লৈ শ্বাহে কৰা ঘোষণাই “উত্তৰ-পূবৰ জাতীয় জীৱনৰ” ক্ষতি কৰিব; আৰু তেওঁ ইয়াৰ বিৰুদ্ধে জনজাগৰণৰ পোষকতা কৰিছে।

“এতিয়া আমি জাগিবৰ হৈছে। এওঁলোকে এতিয়া আমাক প্ৰলোভন দিব। কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থত আছুয়েই হওক বা সকলো পাহৰি এই সন্ধিখনত মাত মতাটো দৰকাৰ,” মঙলবাৰে সংবাদমেলত গগৈৰ মত।

বিধেয়কবিৰোধী পথত সদৌ অসম ছাত্ৰ সন্থাক লৈ আগবঢ়াৰ প্ৰস্তাৱো আগবঢ়াইছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

“এন আৰ চি আছুক মূল হিচাপে লৈয়ে কৰিছিলো। কেবৰ বিৰুদ্ধে আছুক লগত লৈ আগবাঢ়ি যাব বিচাৰিছো,” এন আৰ চিক লৈ শেহতীয়া মন্তব্যৰে কংগ্ৰেছৰ ভিতৰচ’ৰাতে বিৰোধিতাৰ সন্মুখীন হোৱা বৰ্ষীয়ান নেতাগৰাকীয়ে কয়।

গগৈয়ে শ্বাহৰ ঘোষণাৰ কাৰণে অসমৰ মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক দায়ী কৰিছে।

“মূল দায়ী মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা। বিজেপি দলটোৱে সাহসেৰে যদি ক’লেহেঁতেন এই বিলখনে অসমৰ ক্ষতি কৰিব, তেনেহ’লে তেওঁলোকে (ৰাষ্ট্ৰীয় নেতৃত্বই) অলপ চিন্তা কৰিলে হয়,” গগৈয়ে কয়।

সোণোৱাল-হিমন্ত বিশ্বক সমালোচনাৰ বিপৰীতে অমিত শ্বাহৰ সন্মুখত “কথা ক’বলৈ সাহস কৰা” চুবুৰীয়া মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডৰ মুখ্য মন্ত্ৰীক গগৈয়ে ধন্যবাদ জনাইছে।

বিধেয়কখনৰ বিৰোধিতা কৰি অহা শাসকীয় অংশীদাৰ অগপ সভাপতি অতুল বৰাকো গগৈয়ে টান সমালোচনা কৰিছে।

“আমাৰ কেইজনে ক্ষমতাৰ কাৰণে প্ৰকৃত সত্য কথাটো নক’লে। অগপ দলৰ অতুল বৰাৰো এষাৰ মাতিবলৈ সাহস নহ’ল। এইসকলক বদন বুলি ক’লেও বেয়া নহ’ব,” গগৈৰ মত।

আনহাতে, বিলখন যদি আনিবই লাগে, তেনেহ’লে এন আৰ চিখনক লৈ ভেঁকোভাওনা কিয় কৰিলে বুলিও গগৈয়ে প্ৰশ্ন কৰিছে।

গগৈৰ মতে, এন আৰ চিৰ “বিফলতা”ৰ বাবে চৰকাৰ আৰু গৃহ মন্ত্ৰীৰূপে অমিত শ্বাহ “দায়ী”।

“এন আৰ চিখনত গুৰুত্ব নিদিয়াৰ কাৰণে অমিত শ্বাহ দায়ী। ইয়াত এওঁলোক ফে’ল কৰিলে। গৃহ মন্ত্ৰী এই বিষয়ত ফে’ল কৰিলে,” তেওঁ কয়।

বিধেয়কখনে উত্তৰ-পূবত ৬ষ্ঠ অনুসূচী, সংবিধানৰ ৩৭১ অনুচ্ছেদ আৰু ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাক অকাৰ্য্যকৰী নকৰে বুলি গৃহ মন্ত্ৰী শ্বাহে সোমবাৰে নেডা (North East Democratic Alliance)ৰ সন্মিলনত আশ্বাস দিছিল।

নেডাৰ ৪ৰ্থ সন্মিলনখনত উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল আৰু মিত্ৰ দলৰ মুৰব্বীসকল উপস্থিত আছিল।

Recent News

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd