• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জে পি চিৰ প্ৰতিবেদন অগ্ৰহণযোগ্য, নিস্তাৰ নাপাব সোণোৱালে: আছু

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 29, 2018 9:06 pm
AASU vows to help Indians harassed in NRC update process

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহানগৰীত আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনৰ বিশাল প্ৰতিবাদৰ ফাইল ছবি।

516
VIEWS
Share on FacebookShare on Twitter

আকৌ অসম আন্দোলনৰ ভয়াৱহ পৰিস্থিতি অসমলৈ উভতি আহিব নেকি? সেই পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটিলে তাৰ বাবে দায়ী কোন হ’ব? বছৰটোৰ শেষত সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে?

লগতে পঢ়ক– বছৰৰ অন্তিম দিনটোত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জে পি চিৰ প্ৰতিবেদন সম্পৰ্কীয় বৈঠক

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত যোৱা এটা বছৰতকৈ অধিক সময় অসমত তীব্ৰ আন্দোলন চলাৰ পাছতো এতিয়াও স্থিতি স্পষ্ট কৰিব পৰা নাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসমৰ ‘জাতীয় নায়ক’ হিচাপে জনাজাত মুখ্য মন্ত্ৰী সোণোৱালৰ মৌনতাৰ মাজতেই বছৰটোৰ শেষৰ দিনটোতে সদনত যুটীয়া সংসদীয় সমিতিয়ে সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে।

কিন্তু এই প্ৰতিবেদনক অসম্পূৰ্ণ আৰু আংশিক আখ্যা দিছে সদৌ অসম ছাত্ৰ সন্থাই। ‘অসমৰ স্বাৰ্থ জলাঞ্জলি দি’ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আংশিক প্ৰতিবেদন দাখিল কৰিবলৈ যুটীয়া সংসদীয় সমিতিয়ে যো-জা চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

উল্লেখ্য যে, বিধেয়কখন সন্দৰ্ভত অসমৰ উজনি, নামনি, বৰাক উপত্যকা, উত্তৰ অসম আদি বিভিন্ন স্থানলৈ গৈ ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ যুটীয়া সংসদীয় সমিতিক অনুৰোধ জনাইছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে। কিন্তু যুটীয়া সংসদীয় সমিতি অসমলৈ আহি মাত্ৰ গুৱাহাটীত এদিন আৰু শিলচৰত দুদিন শুনানি গ্ৰহণ কৰিয়ে দিল্লীলৈ উভতি গ’ল। অসমলৈ শুনানি গ্ৰহণৰ বাবে পুনৰ অহাৰ প্ৰতিশ্ৰুতি দিয়ো নাহিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ প্ৰতিৰোধ সংগ্ৰামৰ বিপৰীতে মাত্ৰ কিছু অংশৰ মতামতৰ ভিত্তিতেই যুগুত কৰা প্ৰতিবেদনৰ ভিত্তিত বিধেয়ক গৃহীত কৰিবলৈ আগবাঢ়িলে পৰিণাম ভয়াৱহ হোৱাৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই।

‘অসম চুক্তিক উলংঘা আৰু অসমৰ স্বাৰ্থ জলাঞ্জলি দি এই বিধেয়ক গৃহীত কৰিলে কোনো মুখ্য মন্ত্ৰীকে ধৰি অসমৰ কোনো মন্ত্ৰী-বিধায়কে ইয়াৰ পৰিণামৰ পৰা নিস্তাৰ নাপাব,’ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমক কয়।

একেদৰে, উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ ৰাইজৰ মতামত নোলোৱাকৈ দিল্লীত বহি যুগুত কৰা প্ৰতিবেদন কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি কয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যয়ো।

বিধেয়কখনৰ বাবে অসমত হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে দায়ী অসমৰ মুখ্য মন্ত্ৰীৰ লগতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ হ’ব বুলিও ছাত্ৰ সন্থাৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে।

লগতে ‘অসমৰ ক্ষতি হ’ব পৰা কাম নকৰো’ বুলি কোৱা মুখ্য মন্ত্ৰী সোণোৱালে বিধেয়কখনক লৈ মতামত স্পষ্ট কৰিব পৰা নাই। তেওঁ লগতে ৰাইজৰ মনত সৃষ্টি হোৱা আশংকা আৰু তাৰ ফলত হোৱা প্ৰতিবাদৰ পাছতো নিমাত হৈয়ে আছে। গতিকে আছু নেতৃত্বই মুখ্য মন্ত্ৰী সোণোৱালক মৌনতা ভংগ কৰি স্থিতি স্পষ্ট কৰাৰ বাবে পুনৰ আহ্বান জনায়।

Recent News

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd