NORTHEAST NOW (Assamese)

লালদেংগাক সোঁৱৰাই কেন্দ্ৰক সকীয়নি সহস্ৰ বিক্ষুব্ধ মিজো শিক্ষাৰ্থীৰ

January 24, 2019 7:38 pm · এন ই নাও নিউজ
Updated: January 24, 2019 8:14 pm
আইজলৰ ৱানাপা হলৰ সমীপত বিধেয়ক বিৰোধী প্ৰতিবাদৰ জন সমাগম। সৌজন্য- ফে’চবুক।

ভাৰত ৰাষ্ট্ৰই প্ৰথম আৰু শেষবাৰৰ বাবে স্বদেশৰ নাগৰিকৰ ওপৰত বিমান আক্ৰমণেৰে নিয়ন্ত্ৰণ কৰিব লগা হোৱা লালদেংগা নেতৃত্বাধীন মিজো সশস্ত্ৰ অভ্যুত্থানৰ কাহিনী সোঁৱৰাই নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত কেন্দ্ৰক সকীয়াই দিছে হাজাৰ হাজাৰ মিজো শিক্ষাৰ্থীয়ে।

লালদেংগাৰ পিছত সতীৰ্থ জ’ৰামথাংগাও এতিয়া ভাৰতীয় সংবিধান মানি মিজোৰামৰ মুখ্য মন্ত্ৰী। কিন্তু আজিৰ শান্ত আইজলত মিজো জিৰলাই পল (Mizo Zirlai Pawl)ৰ আহ্বানত নোহোৱা নোপজা ধৰণেৰে বিধেয়কখনৰ বিৰুদ্ধে ওলাই অহা ছাত্ৰ-ছাত্ৰীসকলে মোদী চৰকাৰক সকীয়াই পুনৰ জীৱন্ত কৰি তুলিছে ১৯৬৬ চনৰ মিজো সশস্ত্ৰ অভ্যুত্থানৰ কাহিনী।

“কেন্দ্ৰই ১৯৬৬ৰ মিজো অভ্যুত্থানৰ কথা পাহৰিলে নেকি? যদি কেন্দ্ৰ বিধেয়কক লৈ আগবাঢ়ে, আমিও বিচ্ছিন্নতাৰ আন্দোলন আৰম্ভ কৰিবলৈ কুণ্ঠাবোধ নকৰো,” স্বাধীনতাৰ নিঃসংকোচ প্ৰস্তাৱেৰে ৰাজ্যখনৰ সকলো জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ মূল মঞ্চ মিজো জিৰলাই পলৰ নেতা ৰামদিনলিয়ান ৰেন্থলেইৰ সকীয়নিৰ এই উদ্ধৃতি টেলিগ্ৰাফ-ৰ।

আইজলত বুধবাৰে প্ৰধান মন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহৰ দৃশ্য। সৌজন্য- ফে’চবুক।

ৰাজধানী চহৰখনৰ ৱানাপা হলৰ সমীপত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃ্হ মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিকৃতিও জ্বলাই দিয়ে।

কেৱল ৰাজধানী আইজলেই নহয় ক্ষুদ্ৰ ৰাজ্যখনৰ আটাইকেইখন জিলা সদৰতে বিধেয়কৰ বিৰুদ্ধে ওলাই আহে ছাত্ৰ-ছাত্ৰীৰ লগতে অসংখ্য খিলঞ্জীয়া লোক।

বিধেয়কখন হয় বাতিল, নহয় উত্তৰ-পূবক ইয়াৰ বাহিৰত ৰাখিবলৈ কেন্দ্ৰক স্পষ্টভাৱে আহ্বান জনায় আটাইতকৈ প্ৰভাৱশালী মিজো সংগঠনটোৱে।

ছাত্ৰ নেতা ৰেন্থলেয়ে লগতে কয় যে “কেইবা হাজাৰো ব্ৰু আৰু চাকমা শৰণাৰ্থী” থকা মাত্ৰ ১০ লাখ জনসংখ্যাৰ ৰাজ্যখনত এই বিধেয়ক গৃ্হীত হ’লে “ভয়ংকৰ জনসংখ্যাগত প্ৰভাৱ” পৰিব।

বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত ইতিমধ্যে ৰাজ্যখনৰ এন জি অ’ সমন্বয়ৰক্ষী সমিতি আৰু পি আৰ আই এচ এম (People’s Representation for Identity and Status of Mizoram)এ এইবাৰৰ গণৰাজ্য দিৱস বৰ্জন ঘোষণা কৰিছে।

ৰাজ্যখনত বিজেপি মিত্ৰ এম এন এফ নেতৃত্বাধীন চৰকাৰে বিধেয়কৰ মুকলি বিৰোধিতা কৰিছে। মুখ্য মন্ত্ৰী জ’ৰামথাংগাই এই সন্দৰ্ভত গৃ্হ মন্ত্ৰী সিঙকো সাক্ষাৎ কৰিছে।

Related News