NORTHEAST NOW (Assamese)

দিল্লীত ছাউনি ৰণচণ্ডী অগপৰ, ধাৱমান উত্তৰ-পূবৰ সকলো সেনাপতি

January 31, 2019 10:16 pm · অনিৰ্বাণ পাঠক
Updated: January 31, 2019 11:02 pm
বিধেয়ক সন্দৰ্ভত যোৱা ২৯ জানুৱাৰিত গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূবৰ ৰাজনৈতিক দলসমূহৰ অভিৱৰ্তন। ছবি- ফে’চবুক।

ৰাজ্যসভাত গেৰুৱা দলৰ বিৰুদ্ধে নাগৰিকত্ব বিধেয়কৰ ৰণত বিৰোধীৰ সমৰ্থন গোতোৱাৰ বাবে নতুন দিল্লীৰ ছাউনিত টঙালি বান্ধি গোট খাইছে অগপৰ সকলো শীৰ্ষ নেতা।

অসমৰ আঞ্চলিক দলটোৰ সংগ দিবলৈ শুকুৰবাৰে দেশৰ ৰাজনৈতিক প্ৰাণকেন্দ্ৰ অভিমুখে ৰাওনা হ’ব উত্তৰ-পূবৰ আন ১০টা দলৰ শীৰ্ষ নেতৃত্ব।

লগতে পঢ়ক– কংগ্ৰেছ সদস্যক নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ভোট দিয়াৰ নিৰ্দেশ হাইকমাণ্ডৰ

অগপৰ দলটোত আছে সভাপতি অতুল বৰাৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামী, ফণীভূষণ চৌধুৰীকে ধৰি দলটোৰ আটাইকেইজন জ্যেষ্ঠ নেতা।

বিধেয়ক গ্ৰহণত বদ্ধপৰিকৰ গেৰুৱা দলৰ বিৰুদ্ধে হেঁচা তীব্ৰ কৰাৰ বাবে যোৱা ২৯ জানুৱাৰিত গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূবৰ ১১টা ৰাজনৈতিক দলৰ অভিৱৰ্তনতে সিদ্ধান্ত লোৱা হৈছিল।

লগতে পঢ়ক– ৰুদ্ধদ্বাৰ বৈঠকত দলৰ বিধেয়ক বিৰোধী নেতালৈ কঠোৰ সাৱধান বাণী বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ

মেঘালয় আৰু মিজোৰামৰ শাসনাধীন ক্ৰমে এন পি পি আৰু এম এন এফ এতিয়াও বিজেপি নেতৃত্বাধীন নেদাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ।

দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰীকো সাক্ষাৎ কৰি বিধেয়ক বিধেয়ক বিৰোধিতাৰ কথা স্পষ্টকৈ জনাই দিব উত্তৰ-পূবৰ ৰাজনৈতিক নেতৃত্বই।

ৰাজ্যসভাত এজনো সাংসদ নথকা অগপই জনাই যে সকলো দলৰে সাংসদকে বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে অনুৰোধ জনাব তেওঁলোকে।

জনতা দল (ইউনাইটে’ড), তেলুগু দেশম পাৰ্টি, বিজু জনতা দলকে ধৰি কেইবাটাও দলৰ নেতাক পূৰ্বতেও সাক্ষাৎ কৰিছিল অগপই।

কংগ্ৰেছৰ উপৰি ইতিমধ্যেই দেশৰ বহুকেইটা বিৰোধী ৰাজনৈতিক দলৰ লগতে শাসকীয় এন দি এ’ৰে জে দি (ইউ)কে ধৰি কেইবাটাও অংশীদাৰী দলেও বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰিছে।

Related News