NORTHEAST NOW (Assamese)

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতত ভোটাৰ হবলৈ প্ৰাথমিক চৰ্তসমূহৰ ভিতৰত অন্যতম হল সংশ্লিষ্ট ব্যক্তিজন দেশৰ নাগৰিক হব লাগিব। কিন্তু নাগৰিকত্বৰ বিষয়টোক লৈ ভোটাৰ তালিকাৰ পৰা কাৰোবাৰ নাম বাদ পৰিলেই তেওঁক নাগৰিকৰ সা-সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। তেওঁক ভাৰতীয় নাগৰিক নহয় বুলি ধৰি লব নোৱাৰিব। শুক্ৰবাৰে এক গোচৰৰ শুনানিত এই কথা স্পষ্ট কৰি দিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ খণ্ডপীঠে কয় যে নাগৰিকত্বক লৈ সন্দেহ থাকিলে নিৰ্বাচন আয়োগে কাৰোবাৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিব পাৰে। ভোটাৰ হোৱাৰ আবেদন নাকচ কৰাৰ অধিকাৰ আয়োগৰ আছে। কিন্তু এজন ব্যক্তি নাগৰিক হয় নে নহয়, সেয়া নিৰ্ধাৰণ কৰাটো নিৰ্বাচন আয়োগৰ কাম নহয়।

আয়োগৰ সিদ্ধান্ত অনুসৰি বৰ্তমান দেশৰ কেইবাখনো ৰাজ্যত এছ আই আৰ বা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ কাম চলি আছে। উচ্চতম ন্যায়ালয়ত ৰুজু হোৱা এক গোচৰত অভিযোগ কৰা হৈছিল যে পশ্চিমবংগত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা লোকসকলক চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে। এই গোচৰৰ পৰ্যবেক্ষণত ন্যায়াধীশ জয়মাল্য বাগচীয়ে কয় যে নিৰ্বাচন আয়োগে নাগৰিকত্বৰ ভিত্তিত কাৰোবাৰ নাম তালিকাৰ পৰা বাদ দিলে, তেওঁলোকৰ কাম হব সংশ্লিষ্ট ব্যক্তিজনৰ বিষয়ে সবিশেষ তথ্য উপযুক্ত কৰ্তৃপক্ষ অৰ্থাৎ গৃহ মন্ত্ৰালয়ক জনোৱা।

পশ্চিমবংগৰ বিষয়টোক লৈ আবেদনকাৰী প্ৰশান্ত বসুৰ অধিবক্তা গোপাল শংকৰ নাৰায়ণনে আদালতক জনাইছিল যে ৰাজ্যখনত এতিয়াও ৩৪ লাখ ভোটাৰৰ আবেদনৰ নিষ্পত্তি হোৱা নাই। ন্যায়াধিকৰণসমূহে মাত্ৰ ৩৮ হাজাৰ আবেদনহে নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে দুখন ন্যায়াধিকৰণৰ অধ্যক্ষই পদত্যাগো কৰিছে। তেওঁ আদালতত উল্লেখ কৰে যে ইমান বৃহৎ সংখ্যক আবেদন নিষ্পত্তি নোহোৱাকৈ থকাৰ পিছতো পশ্চিমবংগ চৰকাৰে ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা লোকসকলক ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু অন্নপূৰ্ণা যোজনাৰ সুবিধা প্ৰদানৰ লগতে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ পৰাও বঞ্চিত কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।

অধিবক্তা শংকৰ নাৰায়ণনে কয় যে পূৰ্বৰ শুনানিৰ সময়ত এনেদৰে জনকল্যাণমূলক প্ৰকল্প আৰু নাগৰিকৰ অধিকাৰ বাতিল কৰাৰ বিষয়টো কোনেও অনুমান কৰিব পৰা নাছিল। তেওঁ আদালতক এই বিষয়ত স্পষ্ট নিৰ্দেশনা দিবলৈ অনুৰোধ জনায়। এই আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে উপযুক্ত কৰ্তৃপক্ষই নাগৰিকত্বৰ বিষয়টো নিশ্চিত নকৰালৈকে কাকো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব আৰু তেওঁক ভাৰতৰ নাগৰিক নহয় বুলি ধৰি লব নোৱাৰিব।

Related News