• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 9:00 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঢাকাৰ টিএছচিৰ পৰা আৰম্ভ কৰি জিলা-উপজিলাৰ অলিয়ে-গলিয়ে প্ৰিয় দলৰ খেল চাবলৈ হাজাৰ হাজাৰ মানুহৰ ঢল। কোনোবাই যদি গছৰ ডালত বহিছে, আন কোনোবাই আকৌ চাৰিমহলীয়া ঘৰৰ বাৰাণ্ডাৰ ৰেলিং খামুচি ওলমি আছে। কোনোৱে আকৌ বৈদ্যুতিক খুঁটিৰ কাষত বিশাল পতাকা উৰুৱাই থিয় দি আছে। এই দৃশ্য প্ৰথমবাৰ দেখিলে আচৰিত ঘটনা যেনেই লাগে। কিন্তু তৃতীয়বাৰৰ পৰা মনলৈ আহে বহুতো প্ৰশ্ন। যিখন দেশে কোনো দিনেই ফুটবল বিশ্বকাপ খেলা নাই, তাত ১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ মানুহে কিয় প্ৰাণ হেৰুৱায়? কিয় বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা ভাঙি তহিলং কৰা হয়? কিয় বিদ্যুতৰ তাঁৰত ওলমি কোনো তৰুণৰ জীৱন অকালতে শেষ হৈ যায়?

ফুটবল বহুতৰ বাবে কেৱল এখন খেল নহয়, ই আত্মপৰিচয়ৰো এটা অংশ। সেয়েহে প্ৰিয় দলৰ জয়ক তেওঁলোকে নিজৰ জয় আৰু পৰাজয়ক নিজৰ পৰাজয় বুলি ভাবে। কোনোবাই যদি সেই দলটোক লৈ ঠাট্টা বা অপমান কৰে, তেন্তে তেওঁলোকে সেয়া ব্যক্তিগত অপমান হিচাপে লয়। মনোবিজ্ঞানৰ ভাষাত ইয়াক আইডেন্টিটি ফিউজন বুলি কোৱা হয়। গৱেষক উইলিয়াম বি. ছোৱান জুনিয়ৰৰ মতে, ইয়াৰ অৰ্থ হ’ল দলটোৰ সৈতে নিজৰ পৰিচয় একেবাৰে মিলি যোৱা। তেতিয়া আৰ্জেণ্টিনা বা ব্ৰাজিলৰ হাৰ মানে নিজৰ হাৰ, মেছি বা নেইমাৰক অপমান কৰা মানে নিজক অপমান কৰা যেন অনুভৱ হয়। সেয়ে প্ৰিয় দলক লৈ কোনোবাই ঠাট্টা কৰিলে তেওঁলোক অতি সহজেই খঙত জ্বলি উঠে। সেই খঙৰ পৰাই তৰ্ক, তৰ্কৰ পৰা মাৰপিট আৰু আনকি প্ৰাণহানিৰ দৰে ঘটনাও সংঘটিত হয়।

Apply Now

বাংলাদেশত সাম্প্ৰতিক সময়ত এই প্ৰৱণতা অধিক বৃদ্ধি পাইছে। ইজিপ্ত আৰু আৰ্জেণ্টিনাৰ মেচক কেন্দ্ৰ কৰি টাংগাইলৰ মৌলানা ভাসানী বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় আৰু যশোহৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত সংঘৰ্ষৰ ঘটনা ঘটে। ইয়াত একাধিক ছাত্ৰ আৰু শিক্ষক আহত হোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ সম্পত্তিও নষ্ট কৰা হয়। ইয়াতেই শেষ নহয়, ইজিপ্ত বনাম আৰ্জেণ্টিনাৰ মেচ চলি থকাৰ সময়তে এখন চাহৰ দোকানত সমৰ্থকসকলৰ মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হয়, যি পিছলৈ ভয়ংকৰ সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। আৰ্জেণ্টিনাৰ সমৰ্থক স্থানীয় বাবু আৰু মইন উদ্দিন মালু নামৰ দুজন লোকে শৰিফুল ইছলামৰ মূৰত আঘাত কৰে। স্থানীয় লোকে তেওঁক উদ্ধাৰ কৰি কুমিল্লা মেডিকেল কলেজ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। শৰিফুল পেচাত এজন অটোৰিক্সা চালক আছিল আৰু ব্ৰাজিলৰ সমৰ্থক আছিল যদিও সেইদিনা তেওঁ ইজিপ্তক সমৰ্থন কৰিছিল। ইজিপ্ত এখন মুছলিম প্ৰধান দেশ হোৱাৰ বাবে বাংলাদেশৰ বহু মানুহে দেশখনৰ সৈতে ধৰ্মীয় আৰু সাংস্কৃতিক মিল অনুভৱ কৰে। কিন্তু উদ্বেগৰ বিষয়টো হ’ল যে কিছু ক্ষেত্ৰত ফুটবলক কেৱল খেল হিচাপে চোৱা হোৱা নাই। ইয়াৰ লগত ধৰ্ম, ৰাজনীতি, দলীয় পৰিচয় আৰু অহংকাৰো সাঙোৰ খাই পৰিছে।

মানুহে স্বভাৱগতভাৱেই দলবদ্ধ হৈ থাকিবলৈ ভাল পায়। মনোবিজ্ঞানী জন টুবি আৰু লেডা কছমিডেছে দেখুৱাইছে যে মানুহৰ বাচি থকাৰ ইতিহাসত দলবদ্ধতা সদায়েই আছিল। এই গোষ্ঠীগত মানসিকতাৰ পৰাই আজিও মানুহে অতি সহজেই আমি আৰু সিহঁত নামৰ বিভাজনত অভ্যস্ত হৈ পৰে। অৰ্থনীতিবিদ ছেমুৱেল বোলছ আৰু আচৰণবিজ্ঞানী হাৰবাৰ্ট গিন্টিছে তেওঁলোকৰ গৱেষণাত দেখুৱাইছে যে মানুহে নিজৰ দলৰ প্ৰতি বেছি আনুগত্য দেখুৱায় আৰু প্ৰতিপক্ষক প্ৰতিদ্বন্দ্বী হিচাপে লয়। সমাজমনোবিজ্ঞানী অঁৰি তাজফেলেও কৈছে যে মানুহে খুব সহজেই নিজৰ দলটোক আন দলতকৈ বেছি গুৰুত্ব দিয়ে। সেয়েহে বিশ্বকাপৰ সময়ত বাংলাদেশত বিদেশী দলক লৈ তীব্ৰ সমৰ্থন আৰু আবেগ দেখা যায়। আজিকালি যুদ্ধৰ ময়দান নাই, হাতত বৰ্শাও নাই, তাৰ সলনি আছে স্মাৰ্টফোন আৰু ফেচবুকৰ মন্তব্যৰ ঘৰ। কিন্তু মানসিকতা প্ৰায় একেই ৰৈ গৈছে।

হয়তো এই কাৰণেই উল্লাসৰ মুহূৰ্তই কাঢ়ি নিয়ে কোনো তৰুণৰ প্ৰাণ। যেনে দীপ্ত চৌধুৰী নামৰ ২৩ বছৰীয়া কলেজীয়া ছাত্ৰজন। তেওঁ নেত্ৰকোনা চৰকাৰী কলেজৰ বঙালী বিভাগৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল। বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত আৰ্জেণ্টিনাই জয়লাভ কৰাৰ পিছত নিশা প্ৰায় তিনি বজাত বহু মানুহে হাতত আৰ্জেণ্টিনাৰ পতাকা আৰু ফেষ্টুন লৈ সমদল উলিয়ায়। সেই সময়ত দীপ্তই বন্ধুৰ সৈতে মেচ চাই ঘৰলৈ উভতি আহিছিল। সমদল দেখি ছবি আৰু ভিডিঅ’ ল’বলৈ তেওঁ শ্বহীদ মিনাৰৰ ওচৰৰ এটা ঘৰৰ ছাদত উঠিছিল। আৰু তেতিয়াই ঘটে এক ভয়ংকৰ ঘটনা। অসাৱধানতাবশতঃ বিদ্যুতৰ আঘাত পাই তেওঁ তললৈ পৰি যায় আৰু চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। ফুটবল পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় খেল, যাৰ মূল শক্তি বিভাজন নহয়, বৰঞ্চ সংযোগহে। ১২ হাজাৰ কিলোমিটাৰ দূৰৰ কোনো এখন মেচে যদি আমাৰ প্ৰতিৱেশীক শত্ৰুলৈ ৰূপান্তৰিত কৰে, তেন্তে সমস্যা ফুটবলৰ নহয়, আমাৰ সমাজৰহে। বিশ্বকাপ শেষ হ’ব, পতাকা নামিব আৰু ৰং ম্লান পৰিব। ছচিয়েল মিডিয়াত নতুন বিতৰ্ক আৰম্ভ হ’ব। কিন্তু যি পৰিয়ালে নিজৰ সন্তানক হেৰুৱালে, যি শিক্ষকে ছাত্ৰৰ সংঘৰ্ষ থমাবলৈ গৈ আহত হ’ল, যিগৰাকী মাতৃয়ে আজিও ছাদৰ ফালে চাই অপেক্ষা কৰে, তেওঁলোকৰ চকুলো কোনে মচিব? ফুটবলৰ প্ৰতি থকা ভালপোৱা কোনো জাতিৰ সৌন্দৰ্য হ’ব পাৰে, কিন্তু সেই ভালপোৱা কেতিয়াও জীৱনতকৈ ডাঙৰ হ’ব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd