• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 9:00 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৪২ বছৰৰ আগতে লাডাখৰ জনসাধাৰণৰ অধিকাৰৰ বাবে অনশনত বহিছিল সোণম ৱাংয়াল। তেতিয়া দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজেই লেহত গৈ তেওঁৰ সৈতে কথা পাটি অনশন ভাঙিছিল। চাৰি দশকৰ পাছত এতিয়া তেওঁৰ পুত্ৰ সোণম ৱাংচুকেই একেই পথ অনুসৰণ কৰিছে। শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত তেওঁ যোৱা ২০ দিন ধৰি অনশনত বহি আছে। চিকিৎসকসকলে জানিবলৈ দিছে যে এনেদৰে থাকিলে যিকোনো মুহূৰ্ততে তেওঁৰ শৰীৰৰ অংগসমূহ বিকল হ’ব পাৰে। এই পৰিস্থিতিত কংগ্ৰেছৰ ভিতৰচৰাত পুৰণি ইতিহাসৰ চৰ্চা আৰম্ভ হৈছে। সূত্ৰৰ মতে, ছোনিয়া গান্ধীয়ে দলৰ শীৰ্ষ নেতাসকলক ১৯৮৪ চনৰ সেই ঘটনাৰ কথা মনত পেলাই দি এই আন্দোলনৰ কাষত থিয় দিবলৈ বাৰ্তা দিছে।

সোণম ৱাংচুকৰ পিতৃ সোণম ৱাংয়াল আছিল সেই সময়ৰ জম্মু-কাশ্মীৰৰ এজন পৰিচিত ৰাজনৈতিক নেতা। তেওঁ ১৯৫৭ চনৰ পৰা ১৯৬৭ চনলৈ বিধান পৰিষদৰ সদস্য হোৱাৰ উপৰিও পিছলৈ বিধায়ক আৰু মন্ত্ৰীও হৈছিল। ১৯৮৪ চনত লাডাখৰ বিভিন্ন জনগোষ্ঠীৰ বাবে অনুসূচিত জনজাতিৰ মৰ্যাদা আৰু সংৰক্ষণৰ দাবীত তেওঁ ৫ দিনীয়া অনশন আৰম্ভ কৰিছিল। পৰিস্থিতিৰ গুৰুত্ব বুজি সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজেই লেহলৈ গৈ তেওঁৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু দাবীসমূহ বিবেচনা কৰাৰ আশ্বাস দিছিল। তাৰ পাছতেই ৱাংয়ালে অনশন প্ৰত্যাহাৰ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৮৯ চনত লাডাখৰ ৮টা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ স্বীকৃতি লাভ কৰিছিল। ১৯৯৮ চনত সোণম ৱাংয়ালৰ মৃত্যু হয়।

Apply Now

পিতৃৰ দৰে সক্ৰিয় ৰাজনীতিলৈ নাহিল যদিও সোণম ৱাংচুকে শিক্ষা, পৰিৱেশ আৰু লাডাখৰ অধিকাৰ ৰক্ষাৰ বাবে সদায় মাত মাতি আহিছে। এতিয়া দিল্লীৰ যন্তৰ মন্তৰত তেওঁ চলিত আন্দোলনৰ মূল মুখ হৈ পৰিছে। যোৱা ২৮ জুনৰ পৰা আৰম্ভ হোৱা তেওঁৰ এই অনশনে শুকুৰবাৰে ২০ দিন স্পৰ্শ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ আৰু শিক্ষা ব্যৱস্থাত জবাবদিহিৰ দাবী তুলিছে তেওঁ। চিকিৎসকৰ মতে, ইতিমধ্যে তেওঁৰ ওজন ৯ কিলোগ্ৰামৰো অধিক হ্ৰাস পাইছে আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁৰ স্বাস্থ্য পৰীক্ষা নিয়মীয়াকৈ চলি আছে।

অনশন আৰম্ভ হোৱাৰ পাছত প্ৰথম অৱস্থাত কংগ্ৰেছে মুকলিকৈ কোনো মন্তব্য কৰা নাছিল যদিও পিছলৈ দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু পৱন খেৰাই তেওঁক সমৰ্থন জনায়। কংগ্ৰেছৰ সংসদীয় দলৰ বৈঠকত ছোনিয়া গান্ধীয়ে ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ লেহ ভ্ৰমণৰ কথা উল্লেখ কৰি কয় যে অনশনৰত লোকৰ সৈতে চৰকাৰে কথা পতাটো এক গণতান্ত্ৰিক দায়িত্ব। আনহাতে, বহু বিশিষ্ট ব্যক্তিয়ে অনশন ভাঙিবলৈ অনুৰোধ কৰাৰ পাছতো সোণম ৱাংচুকে নিজৰ সিদ্ধান্ত সলনি কৰা নাই। অহা ২০ জুলাইত হ’বলগীয়া সংসদ অভিযানৰ নেতৃত্ব দিবলৈ তেওঁ অনশন চলাই যাব বুলি ঘোষণা কৰিছে। সমৰ্থকসকলক তেওঁ কেৱল কৈছে যে তেওঁক অনশন ভাঙিবলৈ কোৱাৰ সলনি ২০ জুলাইৰ সংসদ অভিযানত সকলোৱে অংশগ্ৰহণ কৰক, কিয়নো আন্দোলনৰ সফলতা মানুহৰ অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd