আঠবাৰৰ বিধায়ক ফণী ভূষণ চৌধুৰী হায় হায় ধ্বনিত কঁপিল বঙাইগাঁৱৰ আকাশ-বতাহ, কিয়?

jk

বঙাইগাঁও চহৰৰ মহাবীৰস্থানৰ পৰা নিউ বঙাইগাঁও হৈ ডাংতল সংযোগী পথছোৱা দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ হৈ থকাত এতিয়া উক্ত পথছোৱাৰে যাতায়াত কৰা লোকসকলে যমৰ যাতনাত ভুগিবলগীয়া হৈছে ৷

বিভিন্ন দল- সংগঠনে জৰাজীৰ্ণ পথছোৱা পুনৰ নিৰ্মাণৰ দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত ৰে’লৱে বিভাগৰ লগতে জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিৰ নিৰ্বিকাৰ ভূমিকাই ৰাইজক হতাশ কৰি তুলিছে ৷

ইয়াৰ মাজতে পথছোৱা মেৰামতি তথা পুনৰ নিৰ্মাণৰ দাবীত শ্ৰমিক সংগঠন চি আই টি ইউ আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত মহাবীৰস্থানত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

চি আই টি ইউ নেতা পৰিমল চক্ৰৱৰ্তী ,সোমেন দেৱ ,সঞ্জীৱ দেৱৰ লগতে গণতান্ত্ৰিক মহিলা সমিতিৰ নেত্ৰী বিজয়া ৰায় ,ঊৰ্মি সেনগুপ্ত আৰু দোলা দেৱৰ নেতৃত্বত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা সকলে নিউ বঙাইগাঁও- ডাংতল পথটো শীঘ্ৰে পুনৰ নিৰ্মাণ কৰক , ৰাইজৰ সমস্যা আওকাণ কৰা আঠবাৰৰ বিধায়ক ফণী ভূষণ চৌধুৰী হায় হায়,জিলা প্ৰশাসন হায় হায় আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে প্ৰায় সাত কিলোমিটাৰ দীৰ্ঘ এই পথত কেন্দ্ৰীয় বিদ্যালয় ,নিউ বঙাইগাঁও ৰে’লৱে জংচন , নিউ বঙাইগাঁও ৰে’লৱে কাৰখানা , নিউ বঙাইগাঁও ৰে’লৱে হাস্পতাল আছে ৷

ফলত হেজাৰ হেজাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিক – কৰ্মচাৰী, বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ – ছাত্ৰী তথা অভিভাৱক ,অসংখ্য ৰে’লযাত্ৰী আৰু বিভিন্ন বয়সৰ লোকৰ লগতে ৰোগীৰ বাবে এই পথছোৱা একমাত্ৰ পথ ৷

সেইদৰে নিউ বঙাইগাঁও – ডাংতল আৰু সংলগ্ন গ্ৰামাঞ্চলৰ পঁচিশ সহস্ৰাধিক লোকৰ বঙাইগাঁওলৈ অহা- যোৱা কৰাৰ এইটোৱে প্ৰধান পথ ৷

দশকৰ পিছত দশক জুৰি ৰে’ল বিভাগৰ অধীনত থকা পথটো নিৰ্মাণ তথা মেৰামতিৰ নামত কিমান কোটি টকা খৰচ হৈছে তাৰ হিচাপ দিব পাৰিব ৰে’ল কৰ্তৃপক্ষই ৷

কিন্তু সাধাৰণ লোকে এই পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ পৰা কোনো দিনেই মুক্তি নাপালে ৷ প্ৰসৱ- যন্ত্ৰনাত ভুগি থকা মহিলা, বৃদ্ধ, ক’ভিড ৰোগী ,ৰে’ল যাত্ৰী , ছাত্ৰ – ছাত্ৰী , হেজাৰ হেজাৰ ৰে’লৱে শ্ৰমিক – কৰ্মচাৰী আৰু সাধাৰণ লোকসকলে এই কদৰ্য পথৰ বাবে নৰক যন্ত্ৰণাৰ সনিমুখীন হৈ আহিছে ৷

উল্লেখ্য যে বিক্ষোভ কাৰ্যসূচীৰ অন্তত সংগঠনৰ তৰফৰ পৰা বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধকলৈ অতিশীঘ্ৰে এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷স্মাৰক পত্ৰখন জিলা উপায়ুক্তৰ হৈ বিক্ষোভস্থলীত উপস্থিত হোৱা কাৰ্যবাহী দণ্ডাধীশ দীপন বৰ্মনে গ্ৰহণ কৰে আৰু ৰে’ল বিভাগৰ সৈতে জিলা প্ৰশাসনে আলোচনা কৰিব বুলি আশ্বাস দিয়ে ৷

সংগঠন দুটাই পথছোৱাৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ কাম অনতিপলমে আৰম্ভ নকৰিলে বৃহৎ আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দি তাৰ ফলত উদ্ভৱ হ’ব পৰা যি কোনো পৰিস্থিতিৰ বাবে সংগঠন দুটা দায়ী নহ’ব বুলিও স্পষ্ট কৰি দিছে ৷