NORTHEAST NOW (Assamese)

মহানগৰ আৰক্ষীৰ জালত হাৰিয়ানাৰ এটিএম ডকাইত

September 29, 2019 2:11 pm · কল্পজ্যোতি শইকীয়া
আৰক্ষীৰ হাতত ধৃত এটিএম ডকাইত দলৰ সদস্য আৰিফ। ফটো : নৰ্থইষ্ট নাও

মহানগৰ আৰক্ষীৰ জালত পৰিছে হাৰিয়ানাৰ এটা এটিএম ডকাইত। দেওবাৰে কাহিলী পুৱা প্ৰায় ৪ বজাত মহানগৰীৰ লখৰা সাউকুচিৰ এটা এটিএমত ডকাইতি চলাই থকাৰ সময়তে গড়চুক আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই হাতে লোটে ধৰা পেলায় ডকাইতটোক।

ডকাইতটোৰ নাম আৰিফ বুলি জানিব পৰা গৈছে। ধৃত আৰিফৰ ঘৰ হাৰিয়ানাত।

পূৰ্বেও দিল্লীৰ এটা এটিএম লুটৰ সৈতে জড়িত থকা বুলি স্বীকাৰ কৰিছে ধৃত ডকাইতটোৱে। ডকাইতটোৰ পৰা আৰক্ষীয়ে এটা চিলিণ্ডাৰ, গেছ কাটাৰ ,প্লাছৰ লগতে মাক্স আৰু হাত মোজাও জব্দ কৰে।

জানিব পৰা মতে, মাজনিশা উক্ত এটিএমটোত পাঁচজনীয়া ডকাইতৰ দল এটাই এটিএম লুটৰ চেষ্টা চলাইছিল। তেনে সময়তে তহলদাৰী আৰক্ষীৰ দলটো এটিএমটোত উপস্থিত হোৱাত ডকাইত কেইটা পলায়ন কৰে।

ইপিনে, চাহিদ নামৰ হাৰিয়ানাৰ এটা দুৰ্ধৰ্ষ ডকাইতৰ নেতৃত্বত ৫ জনীয়া এটা ডকাইতৰ দলে এটিএম লুটৰ ঘটনা সংঘটিত কৰি আহিছে বুলি সংবাদমাধ্যমৰ আগত স্বীকাৰোক্তি দিছে আৰিফে। বৰ্তমানো চাহিদ পলাতক হৈ আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, দলটোৱে ৮-১০ মিনিটৰ ভিতৰত এটা এটিএম গেছ কাটাৰেৰে কাটি লুট কৰি লৈ যায় বুলি সদৰী কৰে ধৃত আৰিফে। ধৃত আৰিফে ৱেলডিং দোকানত কাম কৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

সম্প্ৰতি লখৰাৰ সাউকুচিৰ এটিএমটো আৰক্ষীয়ে বন্ধ কৰি দিছে।

Related News