• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৪ চেপ্তেম্বৰত গুৱাহাটীত অসম নাগৰিক সমাজৰ ভাৰত জোড়ো অভিযানৰ ৰাজ্যিক অভিবৰ্তন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2023 10:34 am
4.1k
VIEWS
Share on FacebookShare on Twitter

অহা ২৪ চেপ্তেম্বৰত গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অসম নাগৰিক সমাজে ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক অভিবৰ্তনৰ আয়োজন কৰিছে। সেই উপলক্ষে নাগৰিক সমাজে অসমৰ জনসাধাৰণলৈ এক বিশেষ আহ্বান জনাইছে। অসম নাগৰিক সমাজে গণতন্ত্ৰপ্ৰেমী ৰাইজলৈ জনোৱা আহ্বানৰ  পূৰ্ণ পাঠ দাঙি ধৰা হ’ল-

আমাৰ দেশখন আজি এক অভাবনীয় অনিশ্চয়তা আৰু উত্তেজনাৰ সন্মুখীন হৈছে। ক্ষমতাত থাকিবলৈ মোদী চৰকাৰে কেতিয়া কি কৰে কোনো ঠিক নাই। সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহ আজি  ঘোৰতৰ সংকটত। বিজেপিয়ে প্ৰকৃত গণতন্ত্ৰত বিশ্বাস নকৰে। তেওঁলোকে সংখ্যাৰ গণতন্ত্ৰতহে বিশ্বাস কৰে। গণতন্ত্ৰৰ বাবে বিৰোধী দল, বিৰোধ, আলাপ, আলোচনা আৰু ঐক্যমত যে অপৰিহাৰ্য-সেইটো তেওঁলোকে মানি নলয়।

বিজেপিৰ একমাত্ৰ চিন্তা বিভাজনবাদী ৰাজনীতিৰে সংখ্যাগুৰুৰ আবেগ ব্যৱহাৰ কৰি নিৰ্বাচনত জয়ী হৈ কেনেকৈ ক্ষমতাত থাকিব পাৰি। বিজেপিৰ অৰ্থনৈতিক নীতি -নিৰ্বিচাৰ ব্যক্তিগতকৰণ। ৰাজহুৱা সম্পত্তি পানীৰ ভাওত আদানী,আম্বানীৰ দৰে তেওঁলোকৰ ঘনিষ্ঠ কেইজনমান পুঁজিপতিক বিক্ৰী কৰা আৰু ‘নিৰ্বাচনী বণ্ড’ৰ যোগেদি এওঁলোকৰ পৰা নিজৰ নিৰ্বাচনী পুঁজিলৈ বৃহৎ অংকৰ চান্দা লোৱা। সেইকাৰণেই এতিয়া দেশত অভাৱনীয় অৰ্থনৈতিক দুৰৱস্থা, নিবনুৱা সমস্যা আৰু বয়বস্তুৰ জুইচাই দাম।

দেশৰ এই দুৰ্গতিৰ দিনত, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপিৰ বিভাজনৰ ৰাজনীতিৰ বিপৰীতে দেশৰ সকলো অংশৰ জনসাধাৰণক ঐক্যবদ্ধ কৰিবলৈ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ‘ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ দেশৰ ৰাজহুৱা সম্পত্তি আদানী-আম্বানীক গতাই দিয়াৰ প্ৰতিবাদ কৰিছিল, দেশলৈ আইনৰ শাসন ঘূৰাই আনিবলৈ সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ পুনৰুদ্ধাৰ ওপৰত গুৰুত্ব দিছিল।

এই যাত্ৰাই জনসাধাৰণৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল। এশৰো অধিক নাগৰিক সংস্থাইও এই কাৰ্যসূচীলৈ পূৰ্ণ সহযোগ আগবঢ়াইছিল, তাত অংশগ্ৰহণ কৰিছিল। অসম নাগৰিক সমাজ আৰম্ভণিৰে পৰা ‘ভাৰত জোড়ো যাত্ৰা’ৰ লগত জড়িত হৈ আছিল।

ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ পিছত, ইয়াৰ লগত জড়িত নাগৰিক সংস্থা সমূহে ‘ভাৰত জোড়ো যাত্ৰা’ৰ ভাবাদৰ্শ সমগ্ৰ দেশতে বিয়পাই দি তাক আগুৱাই নিবলৈ ‘ভাৰত জোড়ো অভিযান’ নামেৰে এটা উদ্যোগৰ জন্ম দিয়ে। আমি অনুভৱ কৰিছোঁ, ২০২৪-ৰ সাধাৰণ নিৰ্বাচনত যদি আকৌ বিজেপি ক্ষমতালৈ আহে, ভাৰতত নামতো গণতন্ত্ৰ বৰ্তি থাকিবনে নাই সন্দেহ।

সেয়ে, দলমত নিৰ্বিশেষে সকলোৱে একলগ হৈ আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব লাগিব। এই ক্ষেত্ৰত, নাগৰিক সমাজৰ এক বিশেষ ভূমিকা আছে। এতিয়া তেওঁলোকো বিজেপি বিৰোধী ৰাজনৈতিক দলৰ লগত এক হৈ কাম কৰিবলৈ আগবাঢ়ি আহিব লাগিব। কৰ্ণাটক বিধানসভা নিৰ্বাচনত সকলোৱে একলগ হোৱা বাবেহে বিজেপিক পৰাজিত কৰাটো সম্ভৱ হৈছিল। তাতো নাগৰিক সমাজে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অসমৰ পৰিস্থিতি দেশৰ পৰিস্থিতিতকৈ বেলেগ নহয়। বিজেপিয়ে ইয়াত কি দৌৰাত্ম্য কৰি আছে সেইটো আমি সকলোৱে দেখিছোঁ। চৰকাৰৰ এই দৌৰাত্ম্যৰ বিৰুদ্ধে দল, সংগঠনেও বিভিন্ন ধৰণৰ প্ৰতিবাদ আন্দোলন, আদি কৰি আহিছে। কিন্তু, এই সকলো বিক্ষোভ, অসন্তোষ, আন্দোলনৰ বৰ্শামুখৰ লক্ষ্য হ’ব লাগিব ২০২৪ৰ সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনত বিজেপিক পৰাজিত কৰিব পাৰিলেহে ভাৰতত সাংবিধানিক প্ৰমূল্য পুনৰ প্ৰতিষ্ঠা কৰি গণতান্ত্ৰিক অনুষ্ঠানসমূহ পুনৰুদ্ধাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব, যিটো ২০২৪ৰ পিছতো চলি থাকিব লাগিব।

এইবোৰ বিষয় আলোচনা কৰিবলৈ, সৰ্বভাৰতীয় নাগৰিক মঞ্চ ‘ভাৰত জোড়ো অভিযান’ৰ লগত সংগতি ৰাখি, অসমত, ২৪ চেপ্তেম্বৰৰ দিনা ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে। গুৱাহাটী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাশও প্ৰতিনিধিয়ে অভিবৰ্তনত যোগদান কৰিব। যোগেন্দ্ৰ যাদবকে ধৰি ভাৰত জোড়ো অভিযানৰ কেন্দ্ৰীয় নেতৃত্বইও অভিবৰ্তনত অংশগ্ৰহণ কৰিব।

এই অভিবৰ্তনখন সফল কৰি তুলিবলৈ অসমৰ গণতন্ত্ৰপ্ৰেমী সকলো নাগৰিকলৈ অসম নাগৰিক সমাজৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে অজিত কুমাৰ ভূঞা আৰু পৰেশ মালাকাৰে আহ্বান জনাইছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd