• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৪ চেপ্তেম্বৰত গুৱাহাটীত অসম নাগৰিক সমাজৰ ভাৰত জোড়ো অভিযানৰ ৰাজ্যিক অভিবৰ্তন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2023 10:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৪ চেপ্তেম্বৰত গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অসম নাগৰিক সমাজে ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক অভিবৰ্তনৰ আয়োজন কৰিছে। সেই উপলক্ষে নাগৰিক সমাজে অসমৰ জনসাধাৰণলৈ এক বিশেষ আহ্বান জনাইছে। অসম নাগৰিক সমাজে গণতন্ত্ৰপ্ৰেমী ৰাইজলৈ জনোৱা আহ্বানৰ  পূৰ্ণ পাঠ দাঙি ধৰা হ’ল-

আমাৰ দেশখন আজি এক অভাবনীয় অনিশ্চয়তা আৰু উত্তেজনাৰ সন্মুখীন হৈছে। ক্ষমতাত থাকিবলৈ মোদী চৰকাৰে কেতিয়া কি কৰে কোনো ঠিক নাই। সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহ আজি  ঘোৰতৰ সংকটত। বিজেপিয়ে প্ৰকৃত গণতন্ত্ৰত বিশ্বাস নকৰে। তেওঁলোকে সংখ্যাৰ গণতন্ত্ৰতহে বিশ্বাস কৰে। গণতন্ত্ৰৰ বাবে বিৰোধী দল, বিৰোধ, আলাপ, আলোচনা আৰু ঐক্যমত যে অপৰিহাৰ্য-সেইটো তেওঁলোকে মানি নলয়।

বিজেপিৰ একমাত্ৰ চিন্তা বিভাজনবাদী ৰাজনীতিৰে সংখ্যাগুৰুৰ আবেগ ব্যৱহাৰ কৰি নিৰ্বাচনত জয়ী হৈ কেনেকৈ ক্ষমতাত থাকিব পাৰি। বিজেপিৰ অৰ্থনৈতিক নীতি -নিৰ্বিচাৰ ব্যক্তিগতকৰণ। ৰাজহুৱা সম্পত্তি পানীৰ ভাওত আদানী,আম্বানীৰ দৰে তেওঁলোকৰ ঘনিষ্ঠ কেইজনমান পুঁজিপতিক বিক্ৰী কৰা আৰু ‘নিৰ্বাচনী বণ্ড’ৰ যোগেদি এওঁলোকৰ পৰা নিজৰ নিৰ্বাচনী পুঁজিলৈ বৃহৎ অংকৰ চান্দা লোৱা। সেইকাৰণেই এতিয়া দেশত অভাৱনীয় অৰ্থনৈতিক দুৰৱস্থা, নিবনুৱা সমস্যা আৰু বয়বস্তুৰ জুইচাই দাম।

Apply Now

দেশৰ এই দুৰ্গতিৰ দিনত, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপিৰ বিভাজনৰ ৰাজনীতিৰ বিপৰীতে দেশৰ সকলো অংশৰ জনসাধাৰণক ঐক্যবদ্ধ কৰিবলৈ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ‘ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ দেশৰ ৰাজহুৱা সম্পত্তি আদানী-আম্বানীক গতাই দিয়াৰ প্ৰতিবাদ কৰিছিল, দেশলৈ আইনৰ শাসন ঘূৰাই আনিবলৈ সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ পুনৰুদ্ধাৰ ওপৰত গুৰুত্ব দিছিল।

এই যাত্ৰাই জনসাধাৰণৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল। এশৰো অধিক নাগৰিক সংস্থাইও এই কাৰ্যসূচীলৈ পূৰ্ণ সহযোগ আগবঢ়াইছিল, তাত অংশগ্ৰহণ কৰিছিল। অসম নাগৰিক সমাজ আৰম্ভণিৰে পৰা ‘ভাৰত জোড়ো যাত্ৰা’ৰ লগত জড়িত হৈ আছিল।

ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ পিছত, ইয়াৰ লগত জড়িত নাগৰিক সংস্থা সমূহে ‘ভাৰত জোড়ো যাত্ৰা’ৰ ভাবাদৰ্শ সমগ্ৰ দেশতে বিয়পাই দি তাক আগুৱাই নিবলৈ ‘ভাৰত জোড়ো অভিযান’ নামেৰে এটা উদ্যোগৰ জন্ম দিয়ে। আমি অনুভৱ কৰিছোঁ, ২০২৪-ৰ সাধাৰণ নিৰ্বাচনত যদি আকৌ বিজেপি ক্ষমতালৈ আহে, ভাৰতত নামতো গণতন্ত্ৰ বৰ্তি থাকিবনে নাই সন্দেহ।

সেয়ে, দলমত নিৰ্বিশেষে সকলোৱে একলগ হৈ আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব লাগিব। এই ক্ষেত্ৰত, নাগৰিক সমাজৰ এক বিশেষ ভূমিকা আছে। এতিয়া তেওঁলোকো বিজেপি বিৰোধী ৰাজনৈতিক দলৰ লগত এক হৈ কাম কৰিবলৈ আগবাঢ়ি আহিব লাগিব। কৰ্ণাটক বিধানসভা নিৰ্বাচনত সকলোৱে একলগ হোৱা বাবেহে বিজেপিক পৰাজিত কৰাটো সম্ভৱ হৈছিল। তাতো নাগৰিক সমাজে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অসমৰ পৰিস্থিতি দেশৰ পৰিস্থিতিতকৈ বেলেগ নহয়। বিজেপিয়ে ইয়াত কি দৌৰাত্ম্য কৰি আছে সেইটো আমি সকলোৱে দেখিছোঁ। চৰকাৰৰ এই দৌৰাত্ম্যৰ বিৰুদ্ধে দল, সংগঠনেও বিভিন্ন ধৰণৰ প্ৰতিবাদ আন্দোলন, আদি কৰি আহিছে। কিন্তু, এই সকলো বিক্ষোভ, অসন্তোষ, আন্দোলনৰ বৰ্শামুখৰ লক্ষ্য হ’ব লাগিব ২০২৪ৰ সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনত বিজেপিক পৰাজিত কৰিব পাৰিলেহে ভাৰতত সাংবিধানিক প্ৰমূল্য পুনৰ প্ৰতিষ্ঠা কৰি গণতান্ত্ৰিক অনুষ্ঠানসমূহ পুনৰুদ্ধাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব, যিটো ২০২৪ৰ পিছতো চলি থাকিব লাগিব।

এইবোৰ বিষয় আলোচনা কৰিবলৈ, সৰ্বভাৰতীয় নাগৰিক মঞ্চ ‘ভাৰত জোড়ো অভিযান’ৰ লগত সংগতি ৰাখি, অসমত, ২৪ চেপ্তেম্বৰৰ দিনা ভাৰত জোড়ো অভিযানৰ অসম ৰাজ্যিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে। গুৱাহাটী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাশও প্ৰতিনিধিয়ে অভিবৰ্তনত যোগদান কৰিব। যোগেন্দ্ৰ যাদবকে ধৰি ভাৰত জোড়ো অভিযানৰ কেন্দ্ৰীয় নেতৃত্বইও অভিবৰ্তনত অংশগ্ৰহণ কৰিব।

এই অভিবৰ্তনখন সফল কৰি তুলিবলৈ অসমৰ গণতন্ত্ৰপ্ৰেমী সকলো নাগৰিকলৈ অসম নাগৰিক সমাজৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে অজিত কুমাৰ ভূঞা আৰু পৰেশ মালাকাৰে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd