গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে ‘The Brahmaputra Valley, Assam: Environment, Society and Culture’ শীৰ্ষক মূল বক্তৃতা প্ৰদান কৰে। বক্তৃতাত তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাকৃতিক পৰিৱেশ, সমাজ-জীৱন আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বিভিন্ন দিশৰ লগতে এই অঞ্চলটোৰ স্বকীয় বৈশিষ্ট্যসমূহৰ বিষয়ে আলোকপাত কৰে।
মূল বক্তৃতাত অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূগোল, পৰিৱেশতন্ত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ বিভিন্ন দিশৰ বিশ্লেষণ আগবঢ়ায়। নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ ইংৰাজী ভাষা শিকাৰ প্ৰাৰম্ভিক দিনবোৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু অসমীয়া আঞ্চলিক ভাষাৰ বৈশিষ্ট্যৰ সৈতে ইংৰাজীৰ সমন্বয় ঘটাই নিজৰ ভাব প্ৰকাশ কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰে। “যদি ভাৰতীয় ইংৰাজী থাকিব পাৰে, তেন্তে কামৰূপীয়া ইংৰাজীও থাকিব পাৰে” বুলি মন্তব্য কৰি তেওঁ ভাষিক পৰিচয়, আত্মবিশ্বাস আৰু আঞ্চলিক ভাষাৰ স্বকীয়তাৰ স্বীকৃতিৰ গুৰুত্ব দাঙি ধৰে।
চাৰিকড়িয়া নদী আৰু মহঘুলি চাপৰিৰ দৰে নদীকেন্দ্ৰিক ভূ-প্ৰকৃতিৰ প্ৰসংগ উত্থাপন কৰি অধ্যাপক ভাগৱতীয়ে হোমেন বৰগোহাঞিৰ সাহিত্যত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ পাৰিপাৰ্শ্বিক প্ৰাকৃতিক পৰিৱেশৰ প্ৰতিফলনৰ বিষয়ে আলোচনা কৰে। ব্ৰহ্মপুত্ৰত এসময়ত প্ৰচুৰ পৰিমাণে উপলব্ধ মাছ আৰু গংগা নদীৰ শিহুৰ সংখ্যা হ্ৰাস পোৱাক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ প্ৰাকৃতিক আৰু পাৰিস্থিতিক বৈচিত্ৰ্যৰ বিষয়েও তেওঁ বিশেষভাৱে উল্লেখ কৰে। তেওঁৰ মতে, বিশ্ববিদ্যালয়ৰ চৌহদটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক ক্ষুদ্ৰ প্ৰতিচ্ছবিৰ দৰে, য’ত বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি আৰু অন্যান্য জীৱ-জন্তুৰ উপস্থিতিয়ে অঞ্চলটোৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰ পৰিচয় দাঙি ধৰে।
ইয়াৰ লগতে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক তথা সংঘাতৰ প্ৰসংগত অধ্যাপক ভাগৱতীয়ে মাজুলী দ্বীপৰ উদাহৰণ দাঙি ধৰে। এই অঞ্চলসমূহৰ বাসিন্দাসকলে প্ৰাকৃতিক প্ৰত্যাহ্বানৰ সৈতে নিৰন্তৰ যুঁজ দি জীৱন নিৰ্বাহ কৰিবলগীয়া হয় বুলি তেখেতে উল্লেখ কৰে। অসমৰ বড়ো, কাৰ্বি আৰু মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গৃহ-নিৰ্মাণ পদ্ধতিৰ বিষয়েও তেওঁ আলোকপাত কৰে। প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰা আৰু স্থানীয় পৰিৱেশৰ সৈতে খাপ খুৱাই চলাৰ ক্ষেত্ৰত এই জনগোষ্ঠীসমূহৰ পৰম্পৰাগত জ্ঞান, অভিজ্ঞতা আৰু নিৰ্মাণশৈলীৰ গুৰুত্ব তেওঁ বিশেষভাৱে দাঙি ধৰে।
অসমত শেহতীয়াকৈ সংঘটিত বানপানীৰ প্ৰসংগ উল্লেখ কৰি অধ্যাপক ভাগৱতীয়ে স্থানীয় নদীসমূহৰ প্ৰকৃতি আৰু নদীকেন্দ্ৰিক পৰিস্থিতিতন্ত্ৰৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ আহ্বান জনায়। বক্তৃতাৰ দ্বাৰা তেখেতে আশাবাদী দৃষ্টিভংগীৰে বাৰে বাৰে হোৱা বানপানী, নদীৰ গৰাখহনীয়া, হাতীৰ মৃত্যু আৰু জৈৱ-বৈচিত্ৰ্যৰ ক্ৰমাগত অৱক্ষয়ৰ দৰে সমস্যাসমূহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৱিষ্যতক লৈ গভীৰ চিন্তা-চৰ্চাৰ অৱকাশ সৃষ্টি কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক লালন কিশোৰ সিঙে হোমেন বৰগোহাঞিৰ জীৱন, কৰ্ম আৰু সাহিত্য-সাংবাদিকতালৈ আগবঢ়োৱা অনন্য অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ উদ্বোধন কৰে। হোমেন বৰগোহাঞিৰ সৈতে থকা ব্যক্তিগত সম্পৰ্কৰ স্মৃতি ৰোমন্থন কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, “হোমেন বৰগোহাঞিদেৱে মোকে ধৰি বহু লোকলৈ সংবাদপত্ৰত প্ৰবন্ধ লিখিবলৈ উৎসাহিত কৰি চিঠি লিখিছিল। এগৰাকী আদৰ্শ শিক্ষক, ভাল সাংবাদিক আৰু গদ্যলেখক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰতি তেওঁৰ গভীৰ আকাংক্ষা আছিল। অসমীয়া গদ্য সাহিত্যৰ উৎকৰ্ষ সাধন আৰু ইয়াৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো তেওঁ আছিল একান্তভাৱে দায়বদ্ধ। সমসাময়িক অসমীয়া সাহিত্যত গদ্যৰ মান ক্ৰমাৎ হ্ৰাস পোৱাক লৈও তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল।”
উক্ত অনুষ্ঠানতে বিশিষ্ট সাংবাদিক, লেখক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্ৰ গুপ্ত কাশ্যপে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানতে তেওঁক পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বঁটাৰে সন্মানিত কৰা হয়।
ড° সমুদ্ৰ গুপ্ত কাশ্যপে হোমেন বৰগোহাঞিৰ সাংবাদিকতাত সততা, নিষ্ঠা আৰু নৈতিকতাৰ গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায়। তথ্য আৰু মতামতৰ মাজত স্পষ্ট পাৰ্থক্য বজাই ৰখাৰ ক্ষেত্ৰত বৰগোহাঞিৰ দৃঢ় স্থিতিৰ কথা উল্লেখ কৰি তেওঁ বৰ্তমান সময়ত সাংবাদিকতাৰ মান অৱনতি আৰু সংবাদ মাধ্যমৰ প্ৰতি জনসাধাৰণৰ আস্থা হ্ৰাস পোৱাৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে। সংবাদ মাধ্যমক সমাজৰ প্ৰহৰী হিচাপে অভিহিত কৰি তেওঁ কয় যে সাংবাদিকতাই সমাজৰ বাস্তৱ ছবিখন নিৰপেক্ষতা আৰু দায়বদ্ধতাৰে জনসাধাৰণৰ সন্মুখত দাঙি ধৰিব লাগে।
অনুষ্ঠানৰ সামৰণি ভাষণত হোমেন বৰগোহাঞিৰ পুত্ৰ অধ্যাপক প্ৰদীপ্ত বৰগোহাঞিয়ে তেওঁৰ পিতৃ-মাতৃৰ ইংৰাজী শিক্ষাৰ অভিজ্ঞতা আৰু পিতৃৰ গভীৰ অধ্যয়নশীলতা তথা পঠন-অভ্যাসৰ বিষয়ে উল্লেখ কৰে। বৰ্তমান সমাজত কিতাপ পঢ়াৰ অভ্যাস ক্ৰমাৎ হ্ৰাস পোৱাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰাৰ লগতে সাহিত্য চৰ্চা, অধ্যয়ন আৰু বৌদ্ধিক পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাহিত্যিক আৰু বৌদ্ধিক ঐতিহ্যৰ মূল্যৱান সম্পদসমূহ যাতে সময়ৰ সোঁতত হেৰাই নাযায়, তাৰ বাবে সেইসমূহ সংৰক্ষণ কৰি পৰৱৰ্তী প্ৰজন্মৰ মাজলৈ সঞ্চাৰিত কৰাৰ আহ্বানেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।




