লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বিৰোধী মিত্ৰজোঁট ‘INDIA bloc’য়ে প্ৰস্তাৱ কৰা ‘দিল্লী চলো’ কাৰ্যসূচীত যোগদান কৰিবলৈ দেশৰ সকলো ছাত্ৰ সংগঠনক আহ্বান জনাইছে। দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী মিত্ৰজোঁটে সমাৱেশৰ আহ্বান দিছে।
ৰাহুলে কয় যে এই কাৰ্যসূচী কোনো ৰাজনৈতিক দলৰ নহয়, বৰঞ্চ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ যুঁজ। একে সময়তে তেওঁ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক আৰক্ষীৰ বাধা বা লাঠি-চাৰ্জৰ আশংকা নকৰাকৈ আন্দোলনত যোগদান কৰিবলৈ বাৰ্তা প্ৰদান কৰে।
ভিডিঅ’ বাৰ্তাযোগে ৰাহুলে অভিযোগ কৰে যে দেশত ‘ভোট চুৰি হৈছে’ আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। তেওঁ দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ ভূমিকাত অসন্তুষ্ট সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰক। কিন্তু ভোট চুৰিৰ অভিযোগ আৰু নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ ৰাজনৈতিক বিতৰ্কৰ মাজতে বিৰোধীৰ কাৰ্যসূচীৰ পৰৱৰ্তী গতিপথ এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে।
বিৰোধী মিত্ৰজোঁট ‘INDIA bloc’ৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত অহা ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত এক সভা অনুষ্ঠিত হ’ব। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে দেশৰ সকলো ছাত্ৰ সংগঠনক এই কাৰ্যসূচীত যোগদান কৰিবলৈ আহ্বান জনাইছে। বৃহস্পতিবাৰে প্ৰকাশ পোৱা এক ভিডিঅ’ বাৰ্তাত তেওঁ আৰক্ষীৰ বাধা বা লাঠিচাৰ্জৰ ভয় নকৰিবলৈ বাৰ্তা প্ৰদান কৰে। বিৰোধীৰ অভিযোগ অনুসৰি ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (SIR) আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। সেই অভিযোগ মনত ৰাখি বিৰোধী শিবিৰে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ আহ্বান জনাইছে।
কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত হওক বা নহওক, ছাত্ৰ সংগঠনসমূহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে বুলি ৰাহুল গান্ধীয়ে আহ্বান জনাইছে। দেশৰ গণতন্ত্ৰ, সংবিধান আৰু জনসাধাৰণৰ মতামত প্ৰকাশৰ অধিকাৰ ৰক্ষাৰ বিষয়ত সকলোৱে একত্ৰিত হ’ব লাগে বুলিও মন্তব্য কৰে।
আৰক্ষীৰ ভূমিকাক লৈও সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতাগৰাকী। পূৰ্বেও নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছিল। সেই প্ৰেক্ষাপটত ৰাহুলৰ বাৰ্তা হৈছে আৰক্ষীৰ বাধা বা লাঠিচাৰ্জৰ ভয়ত কোনেও পিছুৱাই নাযাব।
নিৰ্বাচন আয়োগৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াক লৈ যথেষ্ট দিনৰ পৰা বিৰোধী দলসমূহে সৰৱ হৈ আহিছে। কংগ্ৰেছকে ধৰি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ কেইবাজনো নেতাই ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰা আৰু সংশোধন প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ ভিত্তিত বিৰোধীয়ে মুখ্য নিৰ্বাচন আয়ুক্তক অপসাৰণৰ দাবী জনাইছে।
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলা আন্দোলনক লৈ কংগ্ৰেছ আৰু ককৰোচ জনতা পাৰ্টিৰ মাজত সমন্বয়ৰ সম্ভাৱনাও চৰ্চা হৈছে। শেহতীয়াকৈ চিজেপি নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ কাষত থিয় হৈ ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিল যে যন্তৰ মন্তৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো অপৰাধ হ’ব নোৱাৰে। আনহাতে, প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে চিজেপিয়েও ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ ১ নৱেম্বৰৰ কাৰ্যসূচীক সমৰ্থন কৰিছে।
কিন্তু দুয়োটা দলৰ মাজত সমর্থন থকাৰ পাছতো দেওবাৰৰ সমাৱেশত চিজেপিৰ শীর্ষ নেতৃত্ব পোনপটীয়াকৈ উপস্থিত থাকিব নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ ইয়াৰ পূৰ্বে দুয়োটা শিবিৰত একেটা দাবীতে পৃথক পৃথক কাৰ্যসূচী অনুষ্ঠিত হৈছিল। এইবাৰ একেদিনাই আন্দোলন অনুষ্ঠিত কৰি দুয়োপক্ষৰ মাজত কিমানখিনি সমন্বয় ঘটে সেয়া ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ।
नमस्कार,
चलो दिल्ली रामलीला मार्च, लोकतंत्र को बचाने का, वोट चोरी को रोकने का, संविधान को बचाने का मार्च है।
यह किसी एक राजनीतिक पार्टी का मार्च नहीं – यह हिंदुस्तान की आत्मा का मार्च है।
सब लोग जो नरेंद्र मोदी, अमित शाह, ज्ञानेश कुमार से तंग हैं। सब लोग जो लोकतंत्र को बचाना चाहते हैं, संविधान की रक्षा करना चाहते हैं, आप सब आइए।
एक ही protest है – देश का protest है।
Don’t worry about the police, don’t worry about lathis – the BJP will not have the guts to try any of their antics.
Come march with us – we will walk together to protect the Constitution, to protect the Indian nation.
घबराने की जरूरत नहीं है।
I urge all student groups, regardless of your political affiliation – if you feel that India is under attack, if you feel you are under attack, your expression, your ideas, your way of thinking is under attack, come and join us.
It will be a fantastic march, and it’s a march for the soul of this country.
Looking forward to seeing all of you there.
🗓️ 1 नवंबर
📍 रामलीला मैदान, नई दिल्ली#ChaloDilli
— Rahul Gandhi (@RahulGandhi) October 29, 2026
বিৰোধী মিত্ৰজোঁটৰ ঘোষিত কাৰ্যসূচী অনুসৰি অহা ১ নৱেম্বৰ দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত ‘দিল্লী চলো’ শোভাযাত্ৰা আৰু সমাৱেশ অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে ৩০ অক্টোবৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতীকী ‘ৰাজহুৱা অভিযোগনামা’ (পাব্লিক ইমপীচমেন্ট) কাৰ্যসূচীৰ আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে।
দেওবাৰৰ এই সমাৱেশত বিৰোধী মিত্ৰজোঁটৰ ছাত্ৰ সংগঠন, নাগৰিক সমাজ আৰু বিৰোধী মিত্ৰজোঁটৰ বিভিন্ন দলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। ৰাহুল গান্ধীৰ আহ্বানৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে কিমানখিনি সঁহাৰি জনায় সেয়া সমাৱেশৰ দিনা স্পষ্ট হ’ব।




