বুধবাৰে উত্তৰ গুৱাহাটীৰ ফুলুঙৰ জিটিচি ফুটবল একাডেমীত অনুষ্ঠিত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ৰ কামৰূপ মেট্ৰ’ জিলা ৰাউণ্ডত গিৰিজানন্দ স্প’ৰ্টছ ক্লাব আৰু এএছইবি স্প’ৰ্টছ ক্লাবে মসৃন জয় সাৱ্যস্ত কৰে।
প্ৰথমখন খেলত এএছইবি স্প’ৰ্টছ ক্লাবে চন্দন বৰ্মনৰ হেট্ৰিকেৰে গ্ৰীণফিল্ড এফ চিক ৫-০ গ’লত পৰাস্ত কৰে। ১৭, ৬৬ আৰু ৬৮ মিনিটত বৰ্মনে গ’ল দি এএছইবিক সুদৃঢ় নিয়ন্ত্ৰণত ৰাখে।
৫৯ মিনিটত ফাল্গুনি বসুমতাৰীয়ে চতুর্থটো গ’ল সংযোজন কৰাৰ বিপৰীতে ৮৭ মিনিটত ৰোহিত ফুকনে গ’ল দি ব্যৱধান সম্পূর্ণ কৰে৷
দ্বিতীয়খন খেলত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবে গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰে।
প্ৰথমাৰ্ধত গ’লবিহীন খেলৰ অন্তত ৬৭ মিনিটত গিৰিজানন্দ এছ চিৰ হৈ জয়ন্ত বাগলাৰীয়ে গ’লৰ আৰম্ভণি কৰে। ইয়াৰ চাৰি মিনিটৰ পাছত নিতুল দাসে অগ্ৰগতি বৃদ্ধি কৰাৰ পাছত নাৰায়ণ ৰাভাই ৭৩ আৰু ৮২ মিনিটত দুটা গ’ল দি জয় নিশ্চিত কৰে।
ষ্টপেজ টাইমৰ দ্বিতীয় মিনিটত গুৱাহাটী চিটি এফ চিৰ হৈ ডিছপাট চিৰলিয়াঙে এটা সান্ত্বনামূলক গ’ল দিয়ে।



