বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ হৈছে তিনি ভাতৃ-ভগ্নীৰ মৃতদেহ। মৃতসকলৰ ভিতৰত এজন কেন্সাৰ ৰোগী। বৃহস্পতিবাৰে পুৱা মুম্বাইৰ ভিৰাৰৰ এটা ফ্লেটৰ পৰা উদ্ধাৰ কৰা হয় তেওঁলোকৰ মৃতদেহ।
বন্ধ ফ্লেটটোৰ পৰা দুৰ্গন্ধ পোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়ে স্থানীয় বাসিন্দাই। আৰক্ষীয়ে গৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে অনুমান কৰিছে যে তিনিওজনে আত্মহত্যা কৰিছে। কমেও চাৰিদিন পূৰ্বে তেওঁলোকৰ মৃত্যু হৈছিল।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত কেইগৰাকীৰ নাম হ’ল কুমাৰ মেহতা (৫০), দিপেশ মেহতা (৫২) আৰু খেভানা মেহতা (৪৮)। তিনিজন ভাই-ভনীৰ ভিতৰত এজন কেন্সাৰ ৰোগত আক্ৰান্ত আছিল। এজন পক্ষাঘাতগ্ৰস্ত হৈছিল।
মৃত্যুৰ পূৰ্বে তেওঁলোকে গুজৰাটী ভাষাত এটা ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। তাত তেওঁলোকে তেওঁলোকৰ শাৰীৰিক অসুস্থতা আৰু আৰ্থিক সংকটৰ কথা উল্লেখ কৰিছিল। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব নোৱাৰি তিনিওজনে চৰম পন্থা গ্ৰহণ কৰিলে।
স্থানীয় সূত্ৰ অনুসৰি তিনিওজনে মুম্বাইৰ বলিঞ্জ থানাৰ ভিৰাৰ অঞ্চলৰ গ্ল’বেল চিটিৰ এটা ফ্লেটত বাস কৰিছিল। ২০২৫ চনৰ পৰা ভাড়াত লৈ আহিছিল ফ্লেটটো।
বলিঞ্জ আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক প্ৰকাশ কাৱালেই জনোৱা মতে, বাসগৃহৰ বাসিন্দাসকলৰ পৰা তথ্য লাভ কৰাৰ লগে লগে বৃহস্পতিবাৰে পুৱতি নিশা বন্ধ ফ্লেটটোৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰি তিনিওজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ মতে কমেও তিনি-চাৰিদিন পূৰ্বে তেওঁলোকৰ মৃত্যু হৈছিল। কেনেদৰে মৃত্যু হয় সেই বিষয়ে জানিবলৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি তিনিওগৰাকীৰ আন এগৰাকী ভগ্নীয়ে তেওঁলোকক আৰ্থিক সমস্যাত ভুগি থকা বুলি কয়। ভগ্নীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, কিছুদিন পূৰ্বে ফোন কৰি ৫০ হাজাৰ টকা ধাৰ বিচাৰিছিল। এই টকাখিনি ফ্লেটৰ ভাড়া আৰু দৈনিক খৰচ পূৰণ কৰিবলৈ বিচাৰিছিল।
প্ৰাৰম্ভিক তদন্তত এই ঘটনাক আত্মহত্যা বুলি গণ্য কৰা হৈছে যদিও আৰক্ষী বিষয়াসকলে সকলো দিশ পৰীক্ষা কৰি থকা বুলিও জনাইছে।




