আৰক্ষীৰ জিম্মাত নিৰ্যাতন তথা দমন-উৎপীড়ন এতিয়াও এক সামাজিক সমস্যা: দেশৰ মুখ্য ন্যায়াধীশ

ramana-new-750x375

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না। ফাইল ফটো।

আৰক্ষীৰ জিম্মাত নিৰ্যাতন তথা দমন-উৎপীড়নৰ ঘটনা এতিয়াও এক সামাজিক সমস্যা। দেওবাৰে লিগেল চাৰ্ভিচেছ অথৰিটিৰ এটি অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্তব্য আগবঢ়ায় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই।

মুখ্য ন্যায়াধীশগৰাকীৰ মতে এতিয়াও বিভিন্ন থানাসমূহত মানৱাধিকাৰ লংঘন তথা শাৰীৰিক নিৰ্যাতনৰ ঘটনা অধিক ঘটিছে।

এই সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে।

আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ কথা উল্লেখ কৰি  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়,’’সাংবিধানিক ঘোষণা তথা গেৰান্টি থকা সত্ত্বেও থানাত কাৰ্যকৰী আইনী প্ৰতিনিধিত্বৰ অভাৱ গ্ৰেপ্তাৰ বা আটক হোৱা ব্যক্তিৰ বাবে এক ডাঙৰ ক্ষতি।‘’

তেওঁ লগতে কয় যে আৰক্ষীয়ে যাতে উদ্ধতালি কৰিব নোৱাৰে তাৰ বাবে বিনামূলীয়া আইনী সাহায্য পৰিসেৱাৰ উপলব্ধতা সম্পৰ্কে প্ৰচাৰৰ প্ৰয়োজন। প্ৰতিখন থানা তথা কাৰাগাৰত ডিছপ্লে বোৰ্ড আৰু আইটডোৰত হৰ্ডিং লগাই এই সম্পৰ্কীয় আইন তথা নীতিৰ বিষয়ে সজাগ কৰা প্ৰয়োজন।

আনহাতে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আইনী সাহায্য পৰিসেৱা এপ সকলোৰে মোবাইলত বাধ্যতামূলকভাৱে ইনষ্টল কৰাৰ প্ৰয়োজন। ইয়াৰ ফলত দেশৰ যিকোনো স্থানৰ পৰা যিকোনো ব্যক্তিয়ে কেই ছেকেণ্ডমানৰ ভিতৰতে আইনৰ সাহায্যৰ বাবে আবেদন জমা দিব পাৰিব।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে কৰ’না অতিমাৰীৰ চলি থকাৰ মাজতো সফলতাৰে আইনী পৰিসেৱা আগবঢ়োৱা হৈছে। উক্ত এপ আৰম্ভ হোৱাৰ ফলত আইনী সাহায্য পোৱাৰ ক্ষেত্ৰত আৰু বাধা নাথাকিব।