মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ সমৰ্থন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ

CJI NV Ramana asks women to seek 50% 'Representation' in judiciary

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এনভি ৰমনাই দেওবাৰে ন্যায়পালিকাত মহিলাসকলৰ বাবে ৫০ শতাংশ সংৰক্ষণ আৰু সমগ্ৰ দেশৰ আইন মহাবিদ্যালয়সমূহত একে ধৰণৰ সংৰক্ষণৰ দাবীক সমৰ্থন কৰিছে।

উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তাসকলক সম্বোধন কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়, “ ন্যায়পালিকা আৰু আইন মহাবিদ্যালয়ত সংৰক্ষণ আপোনালোকৰ অধিকাৰ। আপোনালোকে সেই দাবী কৰাৰ অধিকাৰ আছে।”

“ন্যায়পালিকাত মহিলাসকলৰ বাবে আমাক ৫০ শতাংশ সংৰক্ষণৰ প্ৰয়োজন।এইটো হাজাৰ হাজাৰ বছৰৰ অৱদমনৰ বিষয়। ন্যায়পালিকাৰ নিম্ন স্তৰত ৩০ শতাংশতকৈও কম ন্যায়াধীশ মহিলা আছে। উচ্চ ন্যায়ালয়ত ইয়াৰ পৰিমাণ ১১.৫ শতাংশ। উচ্চতম ন্যায়ালয়ত মাত্ৰ ১১-১২ শতাংশ মহিলা।” তেওঁ কয়।

“দেশৰ ১.৭ নিযুত অধিবক্তাৰ ভিতৰত মাত্ৰ ১৫ শতাংশ মহিলা। ৰাজ্যিক বাৰ পৰিষদত মাত্ৰ দুই শতাংশ নিৰ্বাচিত প্ৰতিনিধি মহিলা। মই এই বিষয়টো উত্থাপন কৰিছিলো যে ইণ্ডিয়া নেচনেল কমিটিৰ বাৰ কাউন্সিলত কিয় এগৰাকীও মহিলা প্ৰতিনিধি নাই” বৈঠকত এইদৰে মন্তব্য কৰে এনভি ৰমনে।

তেওঁ এই বিষয়বোৰ জৰুৰীভাৱে সংশোধন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দাৰ্শনিক কাৰ্ল মাৰ্ক্সৰ উদ্ধৃতিৰে তেওঁ কয় যে বিশ্বৰ মহিলাসকল একত্ৰিত হোৱা প্ৰয়োজন।মহিলা সকলৰ হেৰুৱাবলৈ একো নাই, কিন্তু পাবলৈ অনেক আছে।

তেওঁ লগতে “মহিলা উকীলসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান”ৰ ওপৰত আলোকপাত কৰে, যাৰ ভিতৰত আছে অস্বস্তিকৰ কামৰ পৰিৱেশ, মহিলাৰ বাবে ৱাছৰুমৰ দৰে আন্তঃগাঁথনিৰ অভাৱ আৰু কৰ্মৰত মাতৃসকলৰ বাবে শিশুগৃহ।

মুখ্য ন্যায়াধীশৰ মন্তব্যক ন্যায়াধীশ বিভি নাগাৰাথনে সমৰ্থন কৰে আৰু উচ্চ প্ৰসংশা কৰে।

উল্লেখ্য যে বিভি নাগাৰাথন ১ ছেপ্টেম্বৰত শীৰ্ষ আদালতৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা তিনিগৰাকী মহিলাৰ ভিতৰত অন্যতম আছিল।

২০২৭ চনত ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পাবলগীয়া ন্যায়াধীশ নাগাৰাথনাই কয় যে ন্যায়পালিকাত মহিলাৰ অংশগ্ৰহণ আগবঢ়োৱাটোৱে আন ক্ষেত্ৰতো লিংগ সমতাক উদগনি দিয়ে।

মহিলাৰ ন্যায়িক নিযুক্তিয়ে লিংগ গতানুগতিকতা সলনি কৰিব পাৰে, যাৰ ফলত পুৰুষ আৰু মহিলাৰ উপযুক্ত ভূমিকাৰ বিষয়ে মনোভাৱ আৰু ধাৰণা সলনি হ’ব পাৰে। ন্যায়িক বিষয়া হিচাপে মহিলাৰ দৃশ্যমানতাই অন্যান্য সিদ্ধান্ত লোৱাৰ স্থিতিত অধিক প্ৰতিনিধিত্বৰ পথ প্ৰশস্ত কৰিব পাৰে বুলি মন্তব্য কৰে নাগাৰাথনাই।

প্ৰচলিত পৰিকাঠামো ভাঙি মহিলাসকলে আগবাঢ়ি যাবলৈ চেষ্টা কৰাৰ সময় আহি পৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই নাগাৰাথনাই।

স্মৰ্তব্য যে, এই মাহত দ্বিতীয়বাৰৰ বাবে দেশৰ মুখ্য ন্যায়াধীশে দেশৰ ন্যায়িক ব্যৱস্থাত মহিলাৰ প্ৰতিনিধিত্বৰ বিষয়টো উত্থাপন কৰিছে।

ভাৰতীয় বাৰ কাউন্সিলৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত তেওঁ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত সকলো স্তৰতে মহিলাৰ বাবে কমেও ৫০ শতাংশ প্ৰতিনিধিত্ব থকা প্ৰয়োজন বুলি বক্তব্য আগবঢ়াইছিল।

বিগত ১ ছেপ্টেম্বৰত তিনিগৰাকী মহিলাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল, ইয়াক বহুতে “ঐতিহাসিক” মুহূৰ্ত বুলি অভিহিত কৰিছিল।

আৰম্ভণিৰে পৰা খুব কম সংখ্যক মহিলাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে। ১৯৮৯ চনত এম ফাতিমা বীভিৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো মাত্ৰ আঠগৰাকী মহিলাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

বৰ্তমান উচ্চতম ন্যায়ালয়ত মহিলা ন্যায়াধীশ হিচাপে কেৱল চাৰিগৰাকী মহিলা আছে। এওঁলোক হৈছে ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী, ন্যায়াধীশ বিভি নাগাৰাথনা, ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু ন্যায়াধীশ হিমা কোহলী আছে।

ন্যায়াধীশ নাগাৰাথনা ২০২৭ চনত ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’বলৈ সাজু হৈছে।