গোচৰ নিষ্পত্তিত বিলম্বৰ বাবে আদালতসমূহক দোষাৰোপ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

ranjan-gogoi2-768x480-1-1140x570

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে সোমবাৰে উচ্চ ন্যায়ালয়সমূহে গোচৰ নিষ্পত্তিত কৰা বিলম্বৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে জামিনযোগ্য অভিযুক্ত ব্যক্তিসকলে তেওঁলোকৰ গোচৰৰ চূড়ান্ত শুনানিৰ পূৰ্বে ২০-২৫ বছৰ অপেক্ষা কৰিবলগীয়া হয়।

মুখ্য ন্যায়াধীশগৰাকীয়ে ব্যক্ত কৰে যে ‘’এইবোৰেই হৈছে প্ৰকৃত সমস্যা যিয়ে আমাক চিন্তিত কৰা উচিত।‘’

‘’ তাৰ পৰিৱৰ্তে আমি কি কৰি আছো? প্ৰতিদিনে মাত্ৰ নৈমিত্তিকভাৱে কাম কৰি গৈছো.’’তেওঁ কয়।

২০১৭ চনত কৌশাম্বী সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ গোচৰত অভিযুক্ত কৰা এজন ব্যক্তিৰ এক জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতখনে এই বক্তৱ্য প্ৰদান কৰে।

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ব্যক্তিজন তেতিয়াৰে পৰা কাৰাগাৰাত বন্দী হৈ আছে।

অভিযুক্তৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা দেৱদত্ত কামাটে যুক্তি প্ৰদৰ্শন কৰি কয় যে গোচৰটোৰ আন অভিযুক্তৰ জামিন মঞ্জুৰ কৰা হৈছে যদিও এলাহবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ ক্লায়েন্টক কোনো কাৰণ দৰ্শোৱাৰ বিপৰীতে জামিন প্ৰত্যাখ্যান কৰিছিল।

আবেদনখনত লগতে কোৱা হৈছিল যে এলাহাবাদ উচ্চ ন্যায়ালয়ত ২০ বছ পুৰণি আবেদনো পৰি আছে আৰু আবেদনকাৰীৰ আবেদন অচিৰেই শুনানিৰ বাবে গ্ৰহণ কৰাৰ কোনো সম্ভাৱনা নাই।

‘’আমি কি কৰিব পাৰো? সেইটোৱে হৈছে বাস্তৱ। কিন্তু কেবল মাত্ৰ দীৰ্ঘদিন ধৰি তেওঁলোকৰ আবেদন পৰি থকাৰ বাবেই সকলো অভিযুক্তকে মুকলি কৰি দিব নোৱাৰো,’’-বিচাৰপীঠখনে কয়।

আদালতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু জ্যেষ্ঠ অধিবক্তা তথা দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰ এছ ছোধীক বিষয়টোত আদালতক সহায় কৰিবলৈ আহ্বান জনায়।