বোজা বাঢ়িছে, পৰ্যাপ্ত আদালত হ’লেহে ন্যায় পোৱা সম্ভৱ: দেশৰ মুখ্য ন্যায়াধীশ ৰামানা

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা।

দেশৰ ন্যায় ব্যৱস্থাৰ বিলম্বক লৈ দীৰ্ঘদিনীয়া অভিযোগ আছে। এইবাৰ এই বিষয়টোকলৈ মুখ খুলিছে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই। ন্যায়াধীকৰণসমূহৰ খালী পদৰ সমস্যাটো দাঙি ধৰি মুখ্য ন্যায়াধীশগৰাকীয়ে দাবী কৰে যে ন্যায় ব্যৱস্থাত বোজা বৃদ্ধি পাইছে।

মুখ্য ন্যায়াধীশ ৰামানাই কয় যে গোচৰ নিষ্পত্তি কৰাৰ বাবে পৰ্যাপ্ত আদালত থাকিলেহে ন্যায় পোৱাটো সম্ভৱ।

তেলেংগানা ষ্টেট জুডিচিয়েল অ’ফিচাৰ্ছ কনফাৰেন্স-২০২২ৰ উদ্বেধনী অধিৱেশনত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ’’ন্যায় বিভাগৰ আন্তৰ্গাঁথনি আৰু খালীপদ পূৰণৰ বিষয়টো অত্যন্ত উদ্বেগজনক। ন্যায় বিচাৰ তেতিয়াহে পোৱাটো সম্ভৱ যেতিয়া আমাৰ পৰ্যাপ্ত সংখ্যক আদালত থাকিব। ইতিমধ্যে আমাৰ বিচাৰ প্ৰক্ৰিয়াত অতিৰিক্ত বোজা বৃদ্ধি পাইছে।‘’

মুখ্য ন্যায়াধীশ গৰাকীয়ে বিচাৰ প্ৰক্ৰিয়াৰ আন্তৰ্গাঁথনিৰ অভাৱৰ কথা উল্লেখ কৰে। চলিত বছৰৰ আৰম্ভণিতে বিভিন্ন ন্যায়াধীকৰণত খালী পদ পূৰণৰ বাবে উচ্চতম ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছিল। কিন্তু সেয়া বাস্তৱায়িত নোহোৱাত তাকলৈ তেওঁ প্ৰশ্ন তোলে। তেওঁৰ মতে সৰ্বোচ্চ আদালতৰ নিৰ্দেশক আমোলাতন্ত্ৰই খুউব সাধাৰণভাৱে লৈছে’।

২০১১ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে ন্যায়াধীকৰণ সংস্কাৰ অধ্যাদেশ-২০২১ বাতিল কৰিছিল। এই অধ্যাদেশত বিভিন্ন ন্যায়াধীকৰণৰ সদস্যসকলৰ পৰিসেৱা তথা ম্যাদৰ চৰ্তসমূহ নিৰ্দ্ধাৰণ কৰিব বিচৰা হৈছিল।

ইয়াৰ পিছত ন্যায়াধীকৰণৰ খালীপদ পূৰণৰ সমস্যাটো তুলি ধৰা আবেদনৰ শুনানিৰ সময়ত সৰ্বোচ্চ আদালতখনে একাধিকবাৰ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

যোৱা বছৰৰ আগষ্টত এইটো উনুকিয়াই দি মুখ্য ন্যায়াধীশগৰাকীয়ে কৈছিল, ’’আমি যি ধাৰণা লাভ কৰিছো সেয়া হ’ল আমোলাতন্ত্ৰই ন্যায়াধীকৰণ নিবিচাৰে।‘’

মুখ্য ন্যায়াধীশগৰাকীয়ে দাবী কৰিছিল যে চৰকাৰে তেওঁৰ ধৈৰ্ষৰ পৰীক্ষা লৈছে।