তদন্ত কমিটিৰ সন্মুখত হাজিৰ হ’ল ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ অনা প্ৰাক্তন মহিলা কৰ্মচাৰী
দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তোলা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন কৰ্মচাৰীগৰাকীয়ে শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়খনৰ নিজাকৈ গঠন কৰা তদন্ত কমিটিৰ সন্মুখত হাজিৰ হয়।
ন্যায়াধীশ এছ এ ববদেৰ নেতৃত্বত তিনিজনীয়া সদস্যৰে গঠিত কমিটিখনৰ ইয়াৰ কক্ষত অনুষ্ঠিত প্ৰথমখন বৈঠকৰ সময়ত মহিলাগৰাকী আৰু সৰ্বোচ্চ ন্যায়ালখনৰ সচিব প্ৰধান গৰাকী ইয়াৰ সন্মুখত উপস্থিত হয়। এগৰাকী বিষয়াৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানে এই বাতৰি প্ৰকাশ কৰিছে।
সূত্রটোৱে কয় যে সচিব প্ৰধান গৰাকীয়ে সকলো নথিপত্ৰ আৰু সামগ্ৰী লৈ দুগৰাকী মহিলা ন্যায়াধীশ ইন্দু মালহোত্ৰা আৰু ইন্দিৰা বেনাৰ্জী থকা কমিটিখনৰ সন্মুখত হাজিৰ হৈছিল।
শুনানিৰ সময়ত কেৱল মহিলাগৰাকী উপস্থিত আছিল আৰু সচিব প্ৰধান গৰাকী প্ৰক্ৰিয়াটোত অন্তৰ্ভুক্ত নাছিল। সৰ্বোচ্চ ন্যায়ালয়খনলৈ মহিলাগৰাকীৰ লগত যোৱা অধিবক্তা গৰাকীও প্ৰক্ৰিয়াটোত ৰখা হোৱা নাছিল বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে। আনহাতে, জানিব পৰা মতে, পৰৱৰ্তী শুনানিৰ দিনটো কমিটিখনে সোনকালেই স্থিৰ কৰিব।
যোৱা ২৩ এপ্ৰিলত ন্যায়াধীশ ববদেই সাংবাদিকৰ আগত কৈছিল যে এইটো এটা আনুষ্ঠানিক ন্যায়িক প্ৰক্ৰিয়া নোহোৱাৰ বাবে ‘ইন হাউছ’ প্ৰক্ৰিয়াটোত পাৰ্টিৰ হৈ অধিবক্তাৰ প্ৰতিনিধিৰ উপস্থিতি নিবিচাৰে।
‘’ এইটো এক ইন হাউছ বিচাৰ প্ৰক্ৰিয়া য’ত পাৰ্টিৰ হৈ অধিবক্তা প্ৰতিনিধিক বিচৰা নহয়। এয়া আনুষ্ঠানিক ন্যায়িক বিচাৰ প্ৰক্ৰিয়া নহয়,’’-তেওঁ কয়।
তেওঁ স্পষ্ট কৰি দিয়ে যে তদন্তটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো সময় বন্ধা নাই আৰু ভৱিষ্যত কৰ্মপদ্ধতি নিৰ্ভৰ কৰিব ‘’তদন্তত কি ওলায় তাৰ ওপৰত’’ যিটো হ’ব ‘অত্যন্ত গোপন’।