শনিবাৰে পুৱাৰে পৰাই দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে অনা যৌন নিৰ্যাতনৰ এক অভিযোগক লৈ সংবাদ মাধ্যমত ব্যাপক চৰ্চা অব্যাহত আছে।
ইপিনে, এই অভিযোগ সন্দৰ্ভত স্বয়ং মুখ্য ন্যায়াধীশগৰাকীৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰা এক শুনানিৰ পাছত ৰঞ্জন গগৈয়ে কয় যে ন্যায়পালিকা এতিয়া গভীৰ সংকটত। অৱশ্যে, উক্ত বিচাৰপীঠখনে গোচৰটোক লৈ কোনো নিৰ্দেশনা জাৰি কৰা নাই।
আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত তেওঁ নহয়, আন জ্যেষ্ঠ ন্যায়াধীশেহে কৰিছে।
এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ গৰাকীয়ে মন্তব্য কৰি কয়, ‘’এইদৰে লক্ষ্য হৈ পৰিলে ভাল মানুহ কেতিয়াও ন্যায়াধীশ হ’ব নোৱাৰে। ন্যায়পালিকা এতিয়া গভীৰ সংকটত। মই সৰ্বোচ্চ আসনৰ পৰা এই কথা কোৱাৰ বাবে বিচাৰপীঠ গঠন কৰিবলগীয়া হৈছে।‘’
বাতৰি অনুসৰি অভিযোগকাৰী মহিলাগৰাকীয়ে দাখিল কৰা শপতনামাখন কিছু তথ্য প্ৰমানসহ উচ্চতম ন্যায়ালয়ৰ ২২ গৰাকী ন্যায়াধীশৰ হাতত অৰ্পণ কৰিছে।
সম্পূৰ্ণ অনাকাংক্ষিত এই ঘটনাটোৰ বাবেই উচ্চতম ন্যায়ালয়ে আজি পুৱাই বিশেষ বিচাৰপীঠ বহুৱাবলৈ বাধ্য হয় য’ত মুখ্য ন্যায়াধীশগৰাকীয়ে দৃঢ়তাৰে বিষয়টো অস্বীকাৰ কৰে।
অতি মৰ্মাহত হৈ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে মন্তব্য কৰে যে ইয়াৰ আঁৰত এক বৃহৎ শক্তি আছে যিয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ক নিষ্ক্ৰিয় কৰিব বিচাৰিছে। তদুপৰি, তেওঁ উল্লেখ কৰে যে টকাৰ প্ৰলোভনেৰে তেওঁক বলে নোৱাৰি এতিয়া মানুহে এনে বাট বিচাৰি উলিয়াইছে।
মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পৰৱৰ্তী সপ্তাহত কেইটামান গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি থকাৰ পূৰ্বেই এই অভিযোগ অনা হৈছে।
‘’মই এই আসনত বহিয়েই কোনো শংকাহীনভাৱে মোৰ ন্যায়িক কামকাজ চলাই যাম। … ঘটনাবোৰ বহু দূৰলৈ গতি কৰিছে। ন্যায়পালিকাক বলিৰ পঠা সজাব নোৱাৰি,’’-গগৈয়ে কয়।
‘ন্যায়াধীশ হিচাপে ২০ বছৰীয়া নিঃস্বাৰ্থ সেৱাৰ অন্তত আজি মোৰ বেংকত জমা টকা মাত্ৰ ৬ লাখ ৮০ হাজাৰ। মোৰ পিয়নজনৰ মোতকৈ সম্পত্তি আৰু টকা বেছি। ২০ বছৰ সেৱাৰ পাছত মুখ্য ন্যায়াধীশ গৰাকীৰ বাবে এয়া কি এক পুৰস্কাৰ,’’-ৰঞ্জন গগৈয়ে লগতে কয়।
আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে অভিযোগ অনা মহিলাগৰাকীৰ অপৰাধৰ নজিৰ আছে আৰু তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ দুটা গোচৰো আছে।
এই সন্দৰ্ভত মহাধিবক্তা তুষাৰ মেহতাই কয় যে অভিযোগসমূহ ব্লেকমেইলৰ কৌশল যেন দেখা গৈছে।
এই অভিযোগৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু সঞ্জীৱ খান্নাই কয়, ‘’যদি ন্যায়াধীশসকলক এনেদৰে আক্ৰমণ চলাই থকা হয়, তেন্তে ন্যায়ালয়ে কেতিয়াও সূচাৰুৰূপে কাম কৰিব নোৱাৰিব।‘’
তেওঁলোকে সংযম তথা দায়বদ্ধতাৰে সৈতে বাতৰি পৰিৱেশন কৰাৰ বাবে বিষয়টো সংবাদমাধ্যমৰ ওপৰতে এৰি দিছে।