• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়পালিকা এতিয়া গভীৰ সংকটত: যৌন নিৰ্যাতনৰ অভিযোগ অস্বীকাৰ কৰি মুখ্য ন্যায়াধীশ গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2019 4:35 pm
APW to file fresh affidavit in SC over NRC ranjan gogoi

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে পুৱাৰে পৰাই দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে অনা যৌন নিৰ্যাতনৰ এক অভিযোগক লৈ সংবাদ মাধ্যমত ব্যাপক চৰ্চা অব্যাহত আছে।

ইপিনে, এই অভিযোগ সন্দৰ্ভত স্বয়ং মুখ্য ন্যায়াধীশগৰাকীৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰা এক শুনানিৰ পাছত ৰঞ্জন গগৈয়ে কয় যে ন্যায়পালিকা এতিয়া গভীৰ সংকটত। অৱশ্যে, উক্ত বিচাৰপীঠখনে গোচৰটোক লৈ কোনো নিৰ্দেশনা জাৰি কৰা নাই।

Apply Now

আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰিছে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত তেওঁ নহয়, আন জ্যেষ্ঠ ন্যায়াধীশেহে কৰিছে।

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ গৰাকীয়ে মন্তব্য কৰি কয়, ‘’এইদৰে লক্ষ্য হৈ পৰিলে ভাল মানুহ কেতিয়াও ন্যায়াধীশ হ’ব নোৱাৰে। ন্যায়পালিকা এতিয়া গভীৰ সংকটত। মই সৰ্বোচ্চ আসনৰ পৰা এই কথা কোৱাৰ বাবে বিচাৰপীঠ গঠন কৰিবলগীয়া হৈছে।‘’

বাতৰি অনুসৰি অভিযোগকাৰী মহিলাগৰাকীয়ে দাখিল কৰা শপতনামাখন কিছু তথ্য প্ৰমানসহ উচ্চতম ন্যায়ালয়ৰ ২২ গৰাকী ন্যায়াধীশৰ হাতত অৰ্পণ কৰিছে।

সম্পূৰ্ণ অনাকাংক্ষিত এই ঘটনাটোৰ বাবেই উচ্চতম ন্যায়ালয়ে আজি পুৱাই বিশেষ বিচাৰপীঠ বহুৱাবলৈ বাধ্য হয় য’ত মুখ্য ন্যায়াধীশগৰাকীয়ে দৃঢ়তাৰে বিষয়টো অস্বীকাৰ কৰে।

অতি মৰ্মাহত হৈ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে মন্তব্য কৰে যে ইয়াৰ আঁৰত এক বৃহৎ শক্তি আছে যিয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ক নিষ্ক্ৰিয় কৰিব বিচাৰিছে। তদুপৰি, তেওঁ  উল্লেখ কৰে যে টকাৰ প্ৰলোভনেৰে তেওঁক বলে নোৱাৰি এতিয়া মানুহে এনে বাট বিচাৰি উলিয়াইছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পৰৱৰ্তী সপ্তাহত কেইটামান গুৰুত্বপূৰ্ণ  গোচৰৰ শুনানি থকাৰ পূৰ্বেই এই অভিযোগ অনা হৈছে।

‘’মই এই আসনত বহিয়েই কোনো শংকাহীনভাৱে মোৰ ন্যায়িক কামকাজ চলাই যাম। … ঘটনাবোৰ বহু দূৰলৈ গতি কৰিছে। ন্যায়পালিকাক বলিৰ পঠা সজাব নোৱাৰি,’’-গগৈয়ে কয়।

‘ন্যায়াধীশ হিচাপে ২০ বছৰীয়া নিঃস্বাৰ্থ সেৱাৰ অন্তত আজি মোৰ বেংকত জমা টকা মাত্ৰ ৬ লাখ ৮০ হাজাৰ। মোৰ পিয়নজনৰ মোতকৈ সম্পত্তি আৰু টকা বেছি। ২০ বছৰ সেৱাৰ পাছত মুখ্য ন্যায়াধীশ গৰাকীৰ বাবে এয়া কি এক পুৰস্কাৰ,’’-ৰঞ্জন গগৈয়ে লগতে কয়।

আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে অভিযোগ অনা মহিলাগৰাকীৰ অপৰাধৰ নজিৰ আছে আৰু তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ দুটা গোচৰো আছে।

এই সন্দৰ্ভত মহাধিবক্তা তুষাৰ মেহতাই কয় যে অভিযোগসমূহ ব্লেকমেইলৰ কৌশল যেন দেখা গৈছে।

এই অভিযোগৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু সঞ্জীৱ খান্নাই কয়, ‘’যদি ন্যায়াধীশসকলক এনেদৰে আক্ৰমণ চলাই থকা হয়, তেন্তে ন্যায়ালয়ে কেতিয়াও সূচাৰুৰূপে কাম কৰিব নোৱাৰিব।‘’

তেওঁলোকে সংযম তথা দায়বদ্ধতাৰে সৈতে বাতৰি পৰিৱেশন কৰাৰ বাবে বিষয়টো সংবাদমাধ্যমৰ ওপৰতে এৰি দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd