মণিপুৰৰ ভুৱা সংঘৰ্ষত জড়িত আৰক্ষীৰ লোকৰ বিপক্ষে অভিযোগনামা দাখিল বিশেষ অনুসন্ধান কমিটীৰ

ষড়যন্ত্ৰমূলক হত্যাকাণ্ডৰ ৪ অভিযুক্ত আৰক্ষীৰ লোকক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

Fake-encounter

আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ ওপৰত পূব ইম্ফলৰ মুখ্য ন্যায়িক দণ্ডাধীশে বিৱেচনা কৰিছে আৰু এই সন্দৰ্ভত অনুসন্ধান কৰাৰ বাবে নতুন দিল্লীস্থ ভাৰতীয় অনুসন্ধান সংস্থাৰ (SIT)  এটা বিশেষ অনুসন্ধান গোট গঠন কৰি দিছে। ২০০৮ চনত সংঘটিত ভুৱা এনকাউণ্টাৰৰ সৈতে সম্পৰ্কীত তথ্য উদ্ঘাটন কৰাৰ বাবে এই বিশেষ অনুসন্ধানকাৰী গোটটোক দায়িত্ব প্ৰদান কৰা হৈছে।

প্ৰতিৱেদনত প্ৰকাশিত হোৱা অনুসৰি, ২০০৮ চনৰ ১৫ ফেব্ৰুৱাৰিৰ দিনা আবেলি কংপকপীৰ বাসিন্দা এছ কামিনীৰ পুত্ৰ ছোৰাম ৰঞ্জীত সিঙক এটা আৰক্ষীৰ লোকৰ দলে ভুৱা এনকাউণ্টাৰৰ গইনা লৈ হত্যা কৰিছিল। ঘটনাটো সংঘটিত কৰা হৈছিল হাতা (Hatta) নামৰ স্থানত।

প্ৰতিৱেদন অনসৰি, অভিযোগনামাত তদানিন্তন হেড কনষ্টেবল ছাংগাইয়ুমফাম পাৰ্ট-২ৰ বাসিন্দা মহঃ ছৌকত আলী, নাম্বল থিয়াম লেইকাইৰ কনষ্টেবল থিয়াম ব্ৰজেন, লিলঙৰ মহঃ ৱাহাজুদ্দিন খান আৰু লিলং তুৰেল অহানবিৰ বাসিন্দা মহঃ আনৱাৰ হুছেইনৰ নাম সন্নিবিষ্ট কৰা হৈছে।

উল্লেখ্য যে মণিপুৰত সেনা, অৰ্ধসামৰিক বাহিনী, আৰু মণিপুৰ আৰক্ষীয়ে সংঘটিত কৰা ১৫২৮টা আইন বহিৰ্ভুত হত্যাকাণ্ডৰ ওপৰত অনুসন্ধান কৰাৰ বাবে যোৱা বছৰ ১৪ জুলাইত চিবিআয়ে গঠন কৰি দিয়া বিশেষ অনুসন্ধান কমিটীয়ে দাখিল কৰা এইখন সপ্তম অভিযোগনামা।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে চিবিআয়ে দাখিল কৰা অভিযোগনামাখনত উল্লেখ কৰা আছে, ‘‘নথিভুক্ত সা-সামগ্ৰী আৰু সাক্ষীসকলৰ জৱানবন্দী আৰু এই ঘটনাৰ সৈতে জড়িত আৰক্ষীৰ লোকসকলৰ বক্তব্যৰ পৰা পৰা উক্ত আৰক্ষীৰ লোককেইগৰাকী উক্ত হত্যাকাণ্ডত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে।

এই ঘটনাৰ সৈতে জড়িত আৰক্ষীৰ দলটোৱে এই অজান উগ্ৰপন্থী সংগঠনৰ সৈতে এনকাউণ্টাৰৰ এটা মিছা কাহিনী সৃ্ষ্টি কৰি নিজকে ঘটনাৰ আঁৰত ৰাখিবলৈ চেষ্টা কৰাৰো প্ৰমাণ পোৱা গৈছে। এই আৰক্ষীৰ লোককেইগৰাকী তেওঁলোকৰ অপৰাধৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১২০-বিআৰ/ডব্লিউ ৩০২ আৰ/ ডব্লিউ ৩৪ ধাৰাত  দোষী সাব্যস্ত হ’ব পাৰে।

ইতিমধ্যে, ঘটনাত জড়িত আৰক্ষীৰ লোককেইগৰাকীক ২১ ডিচেম্বৰত উক্ত আদালতত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে।