• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্দেহৰ আৱৰ্তত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰ, ‘বিজ্ঞানী’ কৌস্তভ বি আৰ্য্যৰ দাবী

এমেৰিকান ফিজিকেল ছ’চাইটিৰ সন্মিলনলৈ আমন্ত্ৰিতৰ তালিকাত নাই নাম; এ পি এছে জনালে মেইলযোগে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 11:20 am
Kaustav B arya

কৌস্তভ বি আৰ্য্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৌস্তভ বি আৰ্য্য নামৰ অসমৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰই বিজ্ঞানৰ একাধিক গুৰুত্বপূৰ্ণ তত্ত্ব আৱিষ্কাৰ কৰা বুলি যি দাবী কৰি আহিছে, সেয়া এতিয়া সন্দেহৰ আৱৰ্তত। ছাত্ৰজন আৰু তেওঁৰ অভিভাৱকে অলপতে বিশ্বৰ সৰ্ববৃহৎ বিজ্ঞান সন্মিলন এমেৰিকান ফিজিকেল ছ’চাইটিৰ সন্মিলন, ২০১৯-অলৈ (৪ মাৰ্চৰ পৰা ৮ মাৰ্চলৈ) তেওঁ এজন গৱেষক বক্তা হিচাপে আমন্ত্ৰণ পোৱা বুলি যি দাবী কৰিছিল সেয়াও সত্য নহয় বুলি প্ৰমাণতি হৈছে। কৌস্তভ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ।

মঞ্জিল শইকীয়া নামৰ এজন লোকে কৌস্তভৰ দাবীৰ সত্যতাত সন্দেহ প্ৰকাশ কৰি কিছু দিন পূৰ্বে তেওঁৰ দাবীবোৰৰ অন্তঃসাৰশূন্যতা উদঙাই দিয়াৰ পিছত আন এজন লোকে এমেৰিকান ফিজিকেল ছ’চাইটিৰ সন্মিলনৰ কথাটোৰ অসত্যতা ফাদিল কৰিছে।

দুৰ্লভ গগৈ নামৰ এজন লোকে ফেইচবুকত এটা পোষ্টৰ জৰিয়তে জনাইছে যে তেওঁ এমেৰিকান ফিজিকেল ছ’চাইটিৰ সন্মিলন, ২০১৯-অৰ আয়োজকলৈ মেইল কৰি এই প্ৰশ্ন সুধিছিল যে কৌস্তভ বি আৰ্য্য নামৰ কোনো লোকক তেওঁলোকে বক্তা বা গৱেষক বক্তা বা আন কোনো ধৰণে আমন্ত্ৰণ কৰিছে নেকি সন্মিলনলৈ?

উত্তৰ হিচাপে আয়োজকে তেওঁলোকে আমন্ত্ৰণ কৰা বিভিন্ন দেশৰ বক্তাসকলৰ নামৰ দীঘল তালিকা এখন প্ৰেৰণ কৰে গগৈলৈ, য’ত কৌস্তভ বি আৰ্য্য নামৰ কোনো বক্তাৰ নাম নাই।

উল্লেখযোগ্য যে কৌস্তভ বি আৰ্য্য নামৰ এই ছাত্ৰজনক এই সন্মিলনখনলৈ এজন গৱেষক বক্তা হিচাপে আমন্ত্ৰণ কৰা বুলি ছাত্ৰজন আৰু তেওঁৰ অভিভাৱকে কৰা দাবীৰ ভিত্তিত কিছু সংখ্যক সংবাদ মাধ্যমত বাতৰি পৰিৱেশিত হৈছিল।

ছাত্ৰজনে এমেৰিকান ফিজিকেল ছ’চাইটিৰ সন্মিলনলৈ আমন্ত্ৰণ পোৱা বুলি কৰা দাবীৰ উপৰি তেওঁ ‘Theory of direction’ আৰু ‘Naval vest’ নামৰ দুটা ‘তত্ত্ব’ বিকাশ কৰা বুলি দাবী কৰি আহিছে। যোৱা বছৰ ক্ৰমে ফিনলে্ণ্ড আৰু ইটালিত হোৱা পদাৰ্থ বিজ্ঞানীৰ দুখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ আমন্ত্ৰণ পোৱা বুলিও ছাত্ৰজনে দাবী কৰিছিল, যাৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰজনক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দনো যাচিছিল।

ছাত্ৰজন তথা অভিভাৱক আৰু তেওঁৰ গাইডৰ এই দাবী সন্দৰ্ভত মঞ্জিল শইকীয়াই এজন প্ৰৱাসী অসমীয়া মানৱেন্দ্ৰ চহৰীয়াৰ উদ্ধৃতিৰে যোৱা বছৰৰ অক্টোবৰতে ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল। পোষ্টটোৰ আৰম্ভণিতে শইকীয়াই ইয়াৰ উদ্দেশ্য এজন হাইস্কুলীয়া ছাত্ৰক আক্ৰমণ কৰা নহয়, বৰং এই জাৰ্নেল, সন্মিলনবোৰে এই পদ্ধতি ব্যৱহাৰেৰে কৰি অহা লুণ্ঠনবোৰ সম্পৰ্কত বৃহত্তৰ জনাংশক সতৰ্ক কৰি দিয়াহে বুলি উল্লেখ কৰিছে।

এমেৰিকান ফিজিকেল ছ’চাইটিয়ে এজন আণ্ডাৰগ্ৰেজুৱেট গৱেষক সদস্য হিচাপে ছাত্ৰজনক অন্তৰ্ভুক্ত কৰা বুলি কৰা দাবী সন্দৰ্ভত নিজৰ পোষ্টত শইকীয়াই কয়, এমেৰিকান ফিজিকেল ছ’চাইটিত undergraduate research member বুলি কোনো মেম্বাৰ নাই। “তাৰোপৰি আপোনালোক সকলোৱে জানে যে যিকোনো এজন লোকেই এনেকুৱা সংস্থা, ছ’চাইটিৰ সদস্য হ’ব পাৰে। কিছুমান সংস্থাত বিনামূলীয়াকৈ আৰু কিছুমানত প্ৰথমবাৰৰ বাবে হওঁতে ২৫ ডলাৰ বা তেনেকুৱা এটা পৰিমাণ দি সদস্য হ’ব পাৰি।” পোষ্টটোত মঞ্জিল শইকীয়াই কয়।

একেদৰে ছাত্ৰজনে ফিণ্ডলেণ্ড আৰু ইটালিৰ যি দুখন সন্মিলনলৈ আমন্ত্ৰণ পোৱা বুলি দাবী কৰিছিল, সেই দুয়োখনেই লুণ্ঠনৰ ফন্দি পতা সন্মিলন (Both of them are predatory conferences.) বুলি দাবী কৰে শইকীয়াই।

পোষ্টটোত শইকীয়াই ছাত্ৰজনে ষ্টেনফ’ৰ্ড আৰু গুগলে তেওঁক আমন্ত্ৰণ কৰা বুলি কৰা দাবীৰ বিশ্বাসযোগ্যতা সন্দৰ্ভতো প্ৰশ্ন তোলে।

শইকীয়াৰ পোষ্টটোৰ দৰে দুৰ্লভ গগৈয়েও কোনো ঈৰ্ষাজনিত আৰু হেয় কৰাৰ উদ্দেশ্যৰ দ্বাৰা পৰিচালিত নহয় বুলি উল্লেখ কৰি এমেৰিকান ফিজিকেল ছ’চাইটিৰ পৰা পোৱা তথ্যখিনি দাঙি ধৰিছে ৫ মাৰ্চৰ এটা ফেইচবুক পোষ্টত। তেওঁ ছাত্ৰজনে মিছা কৈছে বুলি পোনপটীয়াকৈ কোৱা নাই। বৰং কথাটোত অস্পষ্টতাৰ জাল গুচোৱা দৰকাৰ আছে বুলি কয়।

“মই একেষাৰে এই দাবী কৰিব খোজা নাই যে তেওঁৰ প্ৰতিভা নাই (কাৰণ মই তেওঁক নাজানো), আৰু এই দাবীও নকৰো যে তেওঁক আমন্ত্ৰণ জনোৱা নাই।” গগৈয়ে পোষ্টটোত লিখে। এইবুলি উল্লেখ কৰাৰ লগতে গগৈয়ে এমেৰিকান ফিজিকেল ছ’চাইটিৰ পৰা পোৱা আমন্ত্ৰিত বক্তাসকলৰ তালিকাখনো গাঁঠি দিয়ে, য’ত কৌস্তভৰ নাম পোৱা নগ’ল।

এমেৰিকান ফিজিকেল ছ’চাইটিৰ সন্মিলন, ২০১৯-অৰ আয়োজকৰ পৰা পোৱা আমন্ত্ৰিত বক্তাসকলৰ নামৰ তালিকাখন চাবৰ বাবে এই লিংকটোত ক্লিক কৰক।

উল্লেখ কৰা প্ৰয়োজন যে বিগত সময়ত অসমৰ কেইবাজনো ছাত্ৰই তেওঁলোকে ন’ৱেল কমিটি, নাছা আদিৰ পৰা পত্ৰ পোৱা, আমন্ত্ৰণ পোৱা বুলি দাবী কৰিছিল। প্ৰচাৰ পোৱাৰ লোভত আৰু জ্যেষ্ঠ লোকৰ প্ৰৰোচনাত তেওঁলোকে সেয়া কৰিছিল যদিও পিছত সেই আটাইবোৰেই মিছা প্ৰমাণিত হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd