শিৱসাগৰতো নতুন SOP মানি বিদ্যালয়সমূহত আৰম্ভ হ’ল দশম শ্ৰেণীৰ পাঠদান

class 10th standard start

ফটো: নৰ্থইষ্ট নাও।

নতুন এছঅ’পি মানি শিৱসাগৰতো বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি সকলো বিদ্যালয়তে সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান।

ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-কৰ্মচাৰী সকলেও কভিড প্ৰ’টকল মানি বিদ্যালয়ত প্ৰৱেশ কৰাৰ লগতে পাঠ দান আৰম্ভ কৰিছে।

ছাত্ৰ-ছাত্ৰী সকলে মাস্ক পৰিধান কৰাৰ উপৰিও প্ৰতিগৰাকীৰ হাত ছেনিটাইজ কৰাৰ লগতে থ্ৰামকলৰ সহায়ত উষ্ণতা পৰীক্ষা কৰি শ্ৰেণী কোঠাত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে।

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলেও ইতিমধ্যে ক’ভিড ভেকচিন গ্ৰহণ কৰা বুলি সদৰি কৰিছে।

ৰাজ্যখনত ক’ভিড পৰিস্থিতি উন্নতি ঘটালৈ চাই চৰকাৰে প্ৰাৰম্ভিক পৰ্যায়ত দশম, দ্বাদশ আৰু স্নাতক-স্নাতকোত্তৰৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহ মুকলি সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Also read : ৰাজ্যত পূজাৰ বাবে নতুন SOP : কেনেদৰে উদযাপন কৰিব পাৰিব পূজা?

সেই অনুসৰি, বাকী শ্ৰেণীসমূহ ইতিমধ্যে আৰম্ভ হৈছে যদিও দশম শ্ৰেণীৰ পাঠদান আজিৰে পৰা আৰম্ভ কৰা হৈছে।