ইনাৰ লাইন পাৰ্মিট, খিলঞ্জীয়াৰ সংজ্ঞাৰ ভিত্তিবৰ্ষ ১৯৫১ কৰাৰ পৰামৰ্শ অসম চুক্তিৰ ৬ নং দফা সমিতিৰ

High-level-committee-members-of-the-Implementation-of-Clause-6-of-Assam-Accord-in-Silchar-meeting-various-organizations-and-individuals-on-Friday-750x375

অসম চুক্তিৰ ৬নং দফা সমিতিৰ বৈঠকৰ এখন ফাইল ফটো।

অসম চুক্তিৰ ৬ নং দফা সমিতিয়ে অসমৰ ইনাৰ লাইন পাৰ্মিট (আই এল পি)প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্যখনত ‘খিলঞ্জীয়া’ লোকৰ সংজ্ঞা নিৰ্দ্ধাৰণৰ বাবে ভিত্তিবৰ্ষ ১৯৫১চন কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত ১৪ জনীয়া সমিতিখনে ইটাৰ প্ৰতিবেদন সম্পূৰ্ণ কৰিছে আৰু প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে দাখিল কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ বিচাৰি অপেক্ষা কৰিছে।

সূত্ৰসমূহে কয় যে সমিতিয়ে সৰ্বসন্মতভাৱে পৰামৰ্শ আগবঢ়াইছে যে ১৯৫১ চনত যিসকল অসমত বসবাস কৰি আছিল আৰু তেওঁলোকৰ বংশ পৰিয়াল যিকোনো সম্প্ৰদায়, বৰ্ণ, ভাষা, ধৰ্ম বা ঐতিহ্যৰ হ’লে ৰাজ্যখনত তেওঁলোকক ‘খিলঞ্জীয়া’ হিচাপে বিবেচনা কৰা হ’ব।

বৰ্তমানলৈকে অসমত খিলঞ্জীয়া লোকৰ পৰিচয়ৰ বাবে ভিত্তিবৰ্ষ সন্দৰ্ভত মতৰ ভিন্নতা দেখা গৈছিল।

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়া অসমত ১৯৭১ ভিত্তিবৰ্ষ হিচাপে সম্পন্ন কৰা হৈছে।

উন্নীতকৰণ কৰা এন আৰ চিখন অৱশ্যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে আপাতত: গ্ৰহণ কৰা নাই।

সূত্ৰসমূহৰ মতে, সমিতিৰ সদস্যসকলে  লগতে পৰামৰ্শ দিয়ে যে ইনাৰ লাইন পাৰ্মিট অসমত প্ৰৱৰ্তন কৰিব লাগে যাতে বাহিৰৰ পৰা হোৱা অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশ্যন, ১৮৭৩ৰ অধীনত জাৰি কৰা ইনাৰ লাইন পাৰ্মিট অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত প্ৰৱৰ্তন হৈ আছে।

ইনাৰ লাইন পাৰ্মিট থকা অঞ্চলত কোনো লোকে ভ্ৰমণ কৰিবলৈ কৰ্তৃপক্ষৰ পৰা আগতীয়া অনুমতি ল’ব লাগে।

প্ৰতিবেদখন সম্পৰ্কে অৱগত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াই কয় যে সমিতিয়ে অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিত খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষণৰ বাবে দুটা ভিন্ন পৰামৰ্শ দিয়ে।

জানিব পৰা মতে ইয়াত খিলঞ্জীয়া লোকৰ বাবে ৬৭ শতাংশ সংৰক্ষণৰ পৰামৰ্শ দিয়া হৈছে।

তদুপৰি, সমিতিয়ে ইয়াৰ প্ৰতিবেদনত খিলঞ্জীয়া লোকৰ বাবে ৬৭ শতাংশ আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে ১৬ শতাংশ সংৰক্ষণৰ পৰামৰ্শ আগবঢ়োৱা বুলি সূত্ৰসমূহে জানিবলৈ দিছে।

চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সমিতিয়ে ৮০ শতাংশ স্থানীয় লোকৰ বাবে সংৰক্ষণৰ পৰামৰ্শ দিছে।

অসমীয়া তথা আন খিলঞ্জীয়া ভাষাৰ সুৰক্ষা তথা বিকাশৰ বাবেও আন কিছুমান পৰামৰ্শ আগবঢ়োৱা হৈছে।

সূত্ৰসমূহে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শীঘ্ৰেই অহা ২০ বা ২১ ফেব্ৰুৱাৰিত নতুন দিল্লীত সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰিব।