“আছু বৰ্জিত” বৈঠকৰ পিছতে দিল্লীত ঘোষণা : এই মাহতে প্ৰতিবেদন দিব ৬ নং দফা ৰূপায়ণ পৰামৰ্শ কমিটীয়ে

"যিসকলে অসমীয়া ভাষাটো কয়, কেৱল সেইসকলেই অসমীয়া নহয়", দিল্লীত বিপ্লৱ শৰ্মাৰ মন্তব্য

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ পৰামৰ্শ কমিটীয়ে এই মাহৰ ভিতৰতে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব বুলি কমিটীখনৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই জানিবলৈ দিছে।
আজি কমিটীখনৰ সদস্যসকলে শৰ্মাৰ নেতৃত্বত গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি প্ৰতিবেদনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে।

কমিটীখনৰ সৈতে গৃহ মন্ত্ৰীৰ বৈঠক ১২ জানুৱাৰিতে আছিল যদিও গৃহ মন্ত্ৰীয়ে সময় নিদিয়াত আজিহে বৈঠক সম্ভৱ হয়।

আনহাতে CAA-ক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ৰুষ্ট হৈ থকা আছু নেতৃত্ব এই বৈঠকৰ পৰা আঁতৰি থাকে।

“আমাক গৃহ মন্ত্ৰীয়ে আজি পুৱা মাতিছিল। প্ৰতিবেদনখনৰ বিভিন্ন দিশ সম্পৰ্কে গৃহ মন্ত্ৰীৰ সৈতে আলোচনা কৰা হয়। প্ৰতিবেদনখন দাখিল কৰিবলৈ আৰু দুই-এদিনৰ প্ৰয়োজন হ’ব পাৰে। এই মাহৰ অন্তিমফালে দাখিল কৰাৰ আশা কৰিছো”, বৈঠকৰ পিছতে শৰ্মাই কয়।

তেওঁ কমিটীখনে অসমীয়াৰ সংজ্ঞা উলিয়াবৰ বাবেও কাম চেষ্টা কৰিছে বুলিও মন্তব্য কৰে।

“যিহেতু “অসমীয়া” শব্দটো চৰ্তাৱলীত ব্যৱহাৰ কৰা হৈছে, এইটো স্পষ্ট যে যিসকলে অসমীয়া ভাষাটো কয়, কেৱল সেইসকলেই নহয়, এই “খিলঞ্জীয়া” জ্ঞাটোৰ ভিতৰত আনসকলো পৰিব”, সংবাদ মাধ্যমক শৰ্মাই কয়।

প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে কমিটীৰ সদস্যসকলে অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে আৰু বহু দল-সংগঠন, ব্যক্তিক লগ কৰিছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে পৰামৰ্শ দিবলৈ ১৩জনীয়া কমিটীখন যোৱা জুলাই মাহত গঠন কৰা হৈছিল। ইয়াৰ পূৰ্বেও গৃহ মন্ত্ৰ্যালয়ে একেটা উদ্দেশ্যত এখন কমিটী গঠন কৰিছিল যদিও অধিকাংশ সদস্যই থাকিবলৈ অস্বীকাৰ কৰাত সেয়া অকামিলা হয়।

অসম চুক্তিৰ ৬ নং দফাটোত অসমীয়াক সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনিক সুৰক্ষা দিয়াৰ কথা উল্লেখ আছে। ইয়াত অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য অটুট ৰখা আৰু সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ আছে।