এতিয়া বিভিন্ন পূজা-অৰ্চনাৰ বতৰ : ব্যস্ততা বাঢ়িছে মৃৎ ভাস্কৰ্য শিল্পীৰ

puja nagaon.photo

মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎ শিল্পী। ফটো : নৰ্থইষ্ট নাও

শৰতৰ স্নিগ্ধ আকাশত ৰেশ বিয়পাই আৰু শেৱালি ফুলৰ সুৱাস লৈ দুষ্টক দমন কৰাৰ মানসেৰে শক্তিদায়িনী দেৱী দুৰ্গাই ধৰালৈ নামি আহিছে। দেহ-মন উজ্লাই তোলা শৰতৰ উপস্থিতিৰে ধৰাৰ পৰিবেশ মোহনীয় কৰি ৰখাৰ এই সময়খিনি যেন সকলোৰে বাবে বহু আকাংক্ষিত ৰং-ৰহইচৰ বতৰ৷ কাৰণ এতিয়া আৰম্ভ হৈছে পূজাৰ বতৰ।

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আধ্যাত্মিক তথা পবিত্ৰতাৰে ভৰা বিভিন্ন প্ৰকাৰৰ পূজা-পাৰ্বণৰ বতৰ এতিয়া। প্ৰকৃততে বিগত পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তি তিথিৰ দিনটোতে প্ৰান্তে প্ৰান্তে আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হৈ যোৱা বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ দ্বাৰাই আনুষ্ঠানিকভাবে শুভাৰম্ভ  ঘটে পূজাৰ বতৰৰ।

উল্লেখ্য যে, বছৰটোৰ ভাদ মাহত মাহজুৰি চলা নাম-কীৰ্তনৰ অন্তত সংক্ৰান্তি তিথিত পালিত বিশ্বকৰ্মা পূজাৰ পৰাই সাধাৰণতে হিন্দু ধৰ্মীয় পূজাসমূহৰ আৰম্ভণি হৈ পৰ্যায়ক্ৰমে পৰম্পৰাগতভাবে দূৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, কাৰ্তিক পূজা, মনসা পূজা, ছট পূজা, গোৱৰ্দ্ধন পূজা, জগদ্ধাত্ৰী পূজা, শিৱ পূজাকে আদি কৰি চ’ত মাহৰ গংগা পূজালৈকে এটাৰ পিছত এটাকৈ নিৰৱিচ্ছিন্নকৈ চলি থাকে বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা।

পৰম ভক্তিৰে অনুষ্ঠিত কৰা এই পূজা-পাৰ্বণত আৰাধনাৰ বাবে প্ৰয়োজন হয় দেৱ-দেৱীৰ মৃন্ময় মূৰ্তিৰ। গতিকে বৰ্তমান ভক্তসকলৰ পূজা-অৰ্চনাৰ প্ৰস্তুতিৰ সমান্তৰালকৈ খুব ব্যস্ততা বাঢ়িছে মৃৎ ভাস্কৰ্য শিল্পীসকলৰো। এই শিল্পীসকল দিনে-নিশাই ব্যস্ত হৈ পৰিছে মাটিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা দেৱ-দেৱীৰ মূৰ্তিত  প্ৰাণ দিবলৈ।

আনকি বহু কষ্ট স্বীকাৰ কৰি নানা বাধা-বিঘিনি নেওচি হ’লেও বছৰটোৰ বাৰ মাহে অনুষ্ঠিত হোৱা বিভিন্ন পূজাৰ উপযোগীকৈ মৃন্ময় মূৰ্তি তৈয়াৰ কৰাটোৱেই বৃত্তি হিচাপে বাছি লৈছে এইসকল শিল্পীয়ে আৰু ইয়াৰ পৰা উপাৰ্জিত ধনেৰে পৰিয়াল পোহ-পাল দিয়াৰ লগতে আপ্ৰাণ চেষ্টাৰে এই মৃৎ ভাস্কৰ্য শিল্পটোক জীয়াই ৰাখিছে।

একাংশ এনে শিল্পীয়ে জনোৱা মতে, পূৰ্বতে কেৱল বিশ্বকৰ্মা, সৰস্বতী, কালী আৰু শিৱ পূজাতহে মাটিৰ প্ৰতিমা অধিক বিক্ৰী হৈছিল যদিও আজিকালি উক্ত পূজাকেইটাৰ বাহিৰেও বছৰটোৰ প্ৰতিটো মাহতে কিবা নহয় কিবা এটা পূজা লাগি থকাৰ বাবে অনবৰতে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তিৰ চাহিদা বাঢ়িছে।

সেয়ে তেওঁলোকে মূৰ্তি বনোৱা কামটোক এক ব্যৱসায়ৰ মাত্ৰা দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে, কেতিয়াবা তৈয়াৰ কৰা সকলোবোৰ মূৰ্তি বিক্ৰী নহ’লে অৰ্থনৈতিকভাৱে চৰম দুৰ্দশাগ্ৰস্ত হ’বলগীয়া হয় যদিও একমাত্ৰ শিল্প কৰ্মটোৰ মোহত পৰিয়েই লাভজনক আন ব্যৱসায়লৈ মন মেলিব পৰা নাই বুলি আন একাংশই মত প্ৰকাশ কৰিছে।