স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত মাৰ্ঘেৰিটাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান
দেশত গুটকা জাতীয় সামগ্ৰীৰ প্ৰচলন বন্ধ কৰিব লাগে কিয়নো এনে সামগ্ৰীয়ে যুৱ প্ৰজন্মক পংঙ্গু কৰাৰ লগতে গুটকাৰ পেকেটসমূহ মাটিত মিহলি হৈ উৰ্বৰা মাটিকো নষ্ট কৰি আহিছে, এই আহ্বান মাৰ্ঘেৰিটাৰ একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ।
আজি মাৰ্ঘেৰিটাৰ কিডজী ছানচাইন হাইস্কুল আৰু টাউন হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে মাৰ্ঘেৰিটা হিলভিউস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এলেকা আৰু টাউন হাইস্কুল খেলপথাৰত এক চাফাই অভিযান চলাই লগতে কয় যে স্বছ ভাৰত মিছন কেৱল বেনাৰ-শ্ল’গানত থাকিলেই নহ’ব, প্ৰকৃতে হাতে কামে কৰিব লাগিব।
আজিৰ উক্ত কাৰ্যসূচীক নেতৃত্ব দিয়া কিডজী ছানচাইন হাইস্কুলৰ পৰিচালন সঞ্চালিকা পাপৰী বৰুৱা গগৈয়ে কয় যে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এয়া বিদ্যালয়খনৰ এক ক্ষুদ্ৰ প্ৰয়াস। নিজৰ অঞ্চলটো পৰিষ্কাৰ কৰি ৰখাৰ শিক্ষা সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত দিব পাৰিলেহে দেশৰ স্বচ্ছ ভাৰত মিছন সফল হ’ব, তেওঁ কয়।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মাৰ্ঘেৰিটা ব্যৱসায় সন্থাৰ উদ্যোগত টাউন হাইস্কুল খেলপথাৰত বহাগী উৎসৱ অনুষ্ঠিত কৰাৰ পাছতে বিদ্যালয় তথা পথৰ কাষৰ অঞ্চলটোত এক অপৰিষ্কাৰ ৰূপ লয়, বিহু সমিতিয়ে যিদৰে পৰিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তাক নকৰাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ লোকসকল অপৰিষ্কাৰ পৰিৱেশৰ সন্মুখিন হ’ব লগা হৈছে।