‘স্বচ্ছতাই সেৱা’ অভিযানৰ অধীনত নামৰূপত চাফাই কাৰ্যসূচী

Namrup town

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুযায়ী নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলি ফাৰটিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড চমুকৈ বি ভি এফ চি এল কৰ্তৃপক্ষৰ উদ্যোগত নগৰখনত ‘স্বচ্ছতাই সেৱা’ অভিযানৰ অধীনত চাফাই কাৰ্যসূচী চলি আছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৫ ছেপ্টেম্বৰত মুকলি কৰা উক্ত অভিযানৰ অংশ হিচাপে নামৰূপটো উদ্যোগটোৰ উপ মহা প্ৰবন্ধক ৰোহিণী কান্ত শৰ্মা আৰু মুখ্য প্ৰশাসনিক বিষয়া প্ৰণৱ কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত জে চি অ, শ্ৰমিক য়ুনিয়ন আৰু কৰ্মচাৰীসকলে নামৰূপ চহৰৰ বিভিন্ন স্থানত চাফাই অভিযান চলায়।

বি ভি এফ চি এল এলেকাৰ অন্তৰ্গত নগা দলং, ডিস্ক বজাৰ, কালীবাৰী, চেক্টৰ এফ, চেক্টৰ বি, নামৰূপ নগৰ সমিতিৰ এলেকাৰ অন্তৰ্গত সোনাৰী তিনিআলি, নামৰূপ শাখা সাহিত্য সভা চৌহদ আদি বিভিন্ন স্থানত চাফাই কাৰ্যসূচী ৰূপায়ন কৰে।

আজি সাহিত্য সভা প্ৰাংগণত এই কাৰ্যসূচী ৰূপায়িত কৰি উদ্যোগটোৰ মুখ্য প্ৰশাসনিক বিষয়া ভট্টাচাৰ্যই কয় যে উদ্যোগ কৰ্তৃপক্ষই নামৰূপত স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে, তেওঁ লগতে ৰাইজক এই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। অহা ২ অক্টোবৰত এই কাৰ্যসূচীৰ অন্ত পৰিব।