মোদীয়ে নুশুনিলে দাবী : ২১ দিনৰ মূৰত অনশন ভংগ কৰিলে সোণম ৱাংচুকে

‘থ্ৰী ইডিয়টছ’ চিনেমাখনৰ কথা নিশ্চয় মনত আছে। লাডাখৰ এগৰাকী বিশিষ্ট জলবায়ু কৰ্মী তথা শিক্ষা সংস্কাৰক সোণম ৱাংচুকক লৈ নিৰ্মান কৰা হৈছিল সেই চিনেমাখন। চিনেমাখন মুক্তি পোৱাৰ সময়ত তেওঁক লৈ বহুত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল।

এইগৰাকী সোণম ৱাংচুকে যোৱা ২১ দিন নিমখ পানীৰ বাহিৰে একোৱেই খোৱা নাই। লাডাখ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ লগতে হিমালয়ৰ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ বাবে তেওঁ অনশন কৰিছিল। ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।

কিন্তু মোদী চৰকাৰে তেওঁৰ কথা নুশুনিলে। অৱশেষত মঙলবাৰে (২৬ মাৰ্চ) তেওঁ অনশন ভংগ কৰিলে। অৱশ্যে ইমান দিনে অনশন কৰি থকা দাবীৰ বাবে যুঁজি যাব বুলিও তেওঁ কয়। লাডাখৰ পৰিৱেশ ৰক্ষাৰ লগতে লাডাখৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ বাবে মই যুঁজ দি যাব বুলি কয় সোণমে।

উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যখন দুটা ভাগত বিভক্ত কৰি জম্মু-কাশ্মীৰ আৰু লাডাখ নামেৰে কেন্দ্ৰীয় শাসিত অঞ্চল দুটা গঠন কৰে।

অদূৰ ভৱিষ্যতে জম্মু-কাশ্মীৰক পুনৰ ৰাজ্যৰ ৰূপ দিয়া হ’ব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। অৱশ্যে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল হৈ থাকিব বুলি কেন্দ্ৰই জানিবলৈ দিয়ে।

আজিৰ দিনটোতে সোণম ৱাচুকৰ অনশনত গুৰুত্ব দি কেন্দ্রীয় শাসিত অঞ্চলৰ বিভিন্ন প্রান্তত হাজাৰ হাজাৰ লোক সমবেত হয়৷ তেওঁলোকে ৱাচুকৰ সৈতে সংহতি প্ৰকাশ কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলা সংগঠনসমূহেও কয় যে এতিয়া তেওঁলোকেও একে দাবীৰে অনশন আৰম্ভ কৰিব।

ৱাংচুকে লাডাখক ৰাজ্যৰ মৰ্যাদা দিয়াৰ লগতে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। সংবিধানৰ ষষ্ঠ অনুসূচীত দেশৰ জনজাতীয় অঞ্চলসমূহক ভূমি সুৰক্ষা আৰু স্বায়ত্তশাসনৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। অৰ্থাৎ অনুসূচিত এলেকাসমূহত জনজাতীয় লোকৰ বাহিৰে আন কোনোৱে মাটি কিনিব নোৱাৰে। সোণমে লেহ আৰু কাৰ্গিল জিলাৰ বাবে সুকীয়া লোকসভাৰ আসন বিচাৰিছে। ভূমি আৰু চাকৰিৰ একচেটিয়া অধিকাৰ আৰু লোকসেৱা আয়োগ গঠনৰ দাবী উত্থাপন কৰিছে সোণমে।