Climate Change : জলবায়ু পৰিবৰ্তনৰ ভয়াৱহ প্ৰভাৱ : কাৰ্বি আংলঙত হ্ৰাস পাইছে সুমথিৰাৰ উৎপাদন, অসহায় খেতিয়ক

Climate Change : গোলকীয় উষ্ণতাৰ বাবে হোৱা জলবায়ুৰ পৰিৱৰ্তনে দেশৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে ৷ জলবায়ুৰ ভয়ংকৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাই এতিয়া বাৰুকৈয়ে প্ৰভাৱিত কৰিছে অসমৰ কৃষকক ৷

বিশেষকৈ ৰাজ্যখনৰ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ সুমথিৰা খেতিত এইবাৰ বাৰুকৈয়ে লোকচান ভৰিব লগা হৈছে সুমথিৰাৰ কৃষকে ৷

কাৰ্বি আংলং জিলাৰ কালিয়নী, চাচেন টংৰি আৰু দৈগ্ৰোং নদীৰ উপত্যকাৰ বিভিন্ন স্থানত উৎপাদিত হোৱা সুমথিৰাই সাধাৰণতে স্থানীয় বজাৰ খনৰ চাহিদা পুৰণ কৰি আহিছিল ৷

কিন্তু এইবাৰ সুমথিৰা ফুলাৰ বতৰ আৰু ফল লগাৰ সময়তে হোৱা জলবায়ুৰ পৰিৱৰ্তন আৰু প্ৰচণ্ড উত্তাপৰ বাবে বেছি ভাগ সুমথিৰা টেঙা কলিতেই নষ্ট হয় ৷ যাৰ বাবে মুৰে কপালে হাত দিব লগা হৈছে কাৰ্বি আংলং জিলাৰ সুমথিৰা খেতিয়কে ৷ বহু টকাৰ লোকচান ভৰিব লগা হৈছে ৷

অঞ্চলটোৰ চাৰিসুঁতি, বৰলাংচ’, চাচেন টংঙৰি বা খানাৰি আদি অঞ্চলৰ সুমথিৰা বাগান বোৰে স্থানীয় লোকক আৰ্থিক ভাৱে স্বাৱলম্বন কৰাৰ লগতে কাৰ্বি আংলঙৰ জৈৱ তন্ত্ৰতো গুৰুত্বপুৰ্ণ ভুমিকা লৈ আহিছিল ৷ এই ব্যক্তিগত সুমথিৰা বাগিচাবোৰ ৰক্ষাৰ বাবে কাৰ্বি আংলং জিলাৰ প্ৰশাসন বা জিলা কৃষি বিভাগে কোনো আঁচনিয়েই হাতত নল’লে ৷

Also read : Covid Update ৰাজ্যত নতুনকৈ কোভিডত কিমান আক্ৰান্ত হ’ল; ২৪ ঘন্টাত মৃত্যু কিমানজনৰ?

কেতিয়াবা যদি লৈছিলো তেনেবোৰ আঁচনিয়ে ঢুকিয়েই নাপালে এই বোৰ অঞ্চলৰ সুমথিৰাৰ খেতিয়কক ৷ এই অঞ্চলবোৰৰ পথ যোগাযোগ অতি পুতৌজনক ৷ তাৰ মাজতে অতি কষ্টৰে বছৰ বছৰ ধৰি সুমথিৰা উৎপাদন কৰি আহিছে স্থানীয় লোকে ৷

পৰম্পৰাগত কৃষি পদ্ধতিৰেই পাহাৰৰ বুকুত সুমথিৰা উৎপাদন কৰি আহিছিল ৷ পথৰ কোনো ব্যৱস্থা নাথাকিলেও স্থানীয় বজাৰলৈ উলিয়াই দিছিল সুমথিৰা ৷ এই বাৰ যেন তাৰ ব্যতিক্ৰম ৷ বাগিচাবোৰত নাই সুমথিৰা ৷

কাৰ্বি আংলং জিলাৰ সুমথিৰা উৎপাদিত অঞ্চল বোৰত আস্বভাৱিক ভাৱে সুমথিৰা নোহোৱাৰ ঘটনাই এতিয়া চিন্তাত পেলাইছে কৃষকক ৷ জলবায়ু পৰিবৰ্তনৰ বাবে হোৱা লোকচানৰ পিচত বহু খেতিয়কে সুমথিৰা খেতিৰ পৰিৱৰ্তে আন কোনো কৃষিৰ পৰিকল্পনাও কৰিছে ৷

হাজাৰ হাজাৰ বিঘা সুমথিৰা বাগিচাৰ পৰা সুমথিৰা অপসাৰিত হৈ অন্য কোনো কৃষিয়ে স্থান দখল কৰিলে কাৰ্বি আংলং জিলাৰ জৈৱতন্ত্ৰ আৰু পাৰি পাৰ্শ্বিকতাৰ ওপৰতো প্ৰভাৱ পেলোৱাৰ পুৰ্ণ সম্ভাৱনা আছে ৷

Also read : দলৰ গোপন তথ্য বুকীক যোগান ধৰি নিষিদ্ধ হ’ল প্ৰশিক্ষকৰ দায়িত্বত থকা এইজন তাৰকা ক্ৰিকেটাৰ