NORTHEAST NOW (Assamese)

বাতৰিৰ পোনপটীয়া সম্প্ৰচাৰ চলি থকাৰ মাজতে ভাঙি পৰিল দলং,কি কৰিলে মহিলা সাংবাদিকে

November 16, 2020 7:11 am · এন ই নাও নিউজ
Updated: November 16, 2020 7:12 am

টেলিভিছনত তেতিয়া দলং এখনৰ বিষয়ে পোনপটীয়াকৈ বাতৰি সম্প্ৰচাৰ কৰা হৈছিল।

দলঙৰ তলেৰে বৈ গৈছে এখন খৰ স্ৰোতা নৈ। পানীৰ সোঁতৰ খুন্দাত দলং খনৰ এটা অংশ খহি  পৰো খহি পৰো অৱস্থাত আছে।

মহিলা সাংবাদিক এগৰাকীয়ে দলং খনৰ বিধ্বস্ত ৰূপটো দেখুৱাবলৈ দলঙৰ হালি যোৱা অংশটোৰ নিচেই কাষলৈ গৈ সেই বিষয়ে বৰ্ণনা দিয়াত ব্যস্ত।

সেই সময়তে হঠাতে খহি পৰিল দলং খনৰ হালি যোৱা অংশটো। সৌভাগ্যক্ৰমে মহিলা সাংবাদিক গৰাকী নৈ খনত পৰি নোহোৱাকৈ থাকিল।

শিহৰণ সৃষ্টিকাৰী এই ঘটনাটো সংঘটিত হৈছে আমেৰিকাত। আমেৰিকাৰ উত্তৰ কেৰোলিনাৰ আলেকজাণ্ডা প্ৰদেশৰ  বিস্তীৰ্ণ অঞ্চল এতিয়া প্ৰলংকৰী বানৰ কৱলত পৰিছে।

বানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে হিডেনিট সেঁতু। সেই দলং খনৰ বিষয়েই বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল ‘ফক্স ৪৬’ নামৰ টেলিভিছন চেনেলটোৰ মহিলা সাংবাদিক আম্বাৰ ৰবাৰ্টছ।

দলং খনৰ হালি পৰা অংশটো ভাগি পৰাৰ পিছতো অলপো শংকিত নহৈ সাংবাদিক গৰাকীয়ে মাত্ৰ কৈছে’ এইখন ভাগি পৰিল’। ইয়াৰ পিছতে পুনৰ পূৰ্বৰ ভংগীতে মহিলা সাংবাদিক গৰাকীয়ে চলাই গ’ল তেওঁৰ অনুষ্ঠান।

মহিলা সাংবাদিক গৰাকীৰ এনে পেছাদাৰিত্বক বহুতে প্ৰশংসা কৰিছে যদিও বহুতে আকৌ প্ৰাণৰ সংশয় থকাৰ পিছতো সেই ঠাইলৈ যোৱাৰ বাবে মহিলা সাংবাদিক গৰাকীক তিৰস্কাৰ কৰাও দেখা গৈছে।

যি কি নহওঁক,কামৰ সময়ত আহি পৰা বাধাক যে কেতিয়াও গুৰুত্ব দিব নালাগে সেই কথাৰ উদাহৰণ সাংবাদিক আম্বাৰ ৰবাৰ্টছে ভালদৰেই দাঙি ধৰিবলৈ সক্ষম হৈছে।

সাংবাদিক গৰাকীয়ে দলং ভাগি পৰাৰ দৃশ্য তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে।

Related News