বড়ো সশস্ত্ৰ সংগঠনৰ অস্ত্ৰ সম্বৰণ আৰু মূল সুতিলৈ প্ৰত্যাৱৰ্তন অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

Sonowal

অস্ত্ৰ সম্বৰণ অনুষ্ঠানত সোণোৱাল

বড়ো জনগোষ্ঠী হ’ল অত্যন্ত সাহসী আৰু কষ্ট সহিষ্ণু। মই আজি অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ প্ৰত্যাৱৰ্তন কৰা এন ডি এফ বিৰ সকলো কেইটা গোটৰ সদস্য সকলক আন্তৰিক আদৰণি জনাইছো। লগতে তেওঁলোকক ৰাজ্যখনৰ তথা বিটিচি অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে ঐকান্তিকতাৰে কৰ্মত অৱতীৰ্ণ হোৱাৰ বাবে আহ্বান জনাইছো। কাৰণ বড়ো জনগোষ্ঠীৰ উন্নয়ন মানে অসমৰ সামগ্ৰিক উন্নয়ন,’’ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এন ডি এফ বিৰ সকলো কেইটা গোটৰ সদস্যৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

উল্লেখযোগ্য যে, আজি এন ডি এফ বিৰ সকলো কেইটা গোটৰ ১৬১৫ গৰাকী সদস্যই অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ উভতি আহিছে। ইয়াৰ ভিতৰত ৮৩৬ গৰাকী হ’ল এন ডি এফ বি (পি), ৫৭৯ গৰাকী এন ডি এফ বি (আৰ ডি) আৰু ২০০ গৰাকী হ’ল এন ডি এফ বি (এছ)ৰ সদস্য।

জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭২ সংখ্যক মৃত্যু দিৱসৰ দিনা এই অস্ত্ৰ সম্বৰণ কাৰ্য্যসূচী অনুষ্ঠিত হৈছে বুলি উল্লেখ কৰি আজিৰ দিনটোক মুখ্য মন্ত্ৰীয়ে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে।

এই অস্ত্ৰ সম্বৰণ কৰি মূল সুতিলৈ উভতি অহা পদক্ষেপে বৃহত্তৰ বিটিচি অঞ্চলত শান্তি আৰু উন্নয়নৰ এক নতুন অধ্যয়ৰ সূচনা কৰিব বুলিও সোণোৱালে কয়।

‘‘আত্ম সমৰ্পনকাৰী উগ্ৰপন্থী সকলক নিয়োজনৰ সুবিধা প্ৰদানৰ বাবে এক সংহত পুনৰ সংস্থাপন নীতি প্ৰস্তুত কৰা হ’ব যাতে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত এই মূল সুতিলৈ উভতি অহা উগ্ৰপন্থী সকলে অৰ্থৱহ অৰিহণা যোগাব পাৰে,’’ সোণোৱালৰ মন্তব্য।

আনহাতে, অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত স্থায়ী শান্তি স্থাপনৰ দিশত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে লোৱা পদক্ষেপৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি বড়ো শান্তি চুক্তিৰ দিশত ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা ইত্যাদি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে লোৱা সক্ৰিয় পদক্ষেপৰ শলাগ লয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু আবছুৰ সভাপতি প্ৰমোদ বড়োই শান্তি চুক্তিয়ে বিটিচি অঞ্চলত স্থায়ী শান্তি আৰু উন্নয়নৰ লগতে ৰাজ্যখনত উন্নয়নত বিশেষভাবে সহায় কৰিব বুলি উল্লেখ কৰি তেওঁলোকে আত্ম সমৰ্পণকাৰী সদস্য সকলৰ বিপৰীতে থকা গোচৰ সমূহৰ শীঘ্ৰে সমাধানৰ পদক্ষেপ  ল’বলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, প্ৰমীলা ৰাণী ব্ৰহ্ম, নৱ কুমাৰ দলেকে ধৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বহু কেইগৰাকী ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় বিষয়ববীয়া উপস্থিত থাকে।