NORTHEAST NOW (Assamese)

কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত অংশ ল’বলৈ আহি ক’লা পতাকাৰ সন্মুখীন হ’ল মুখ্য মন্ত্ৰী সোণোৱাল

January 13, 2019 8:36 pm · স্মিতা ভট্টাটাৰ্য
ফটো : যু বি

নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত মুখ বন্ধ ৰখা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাজিৰঙা বিশ্ববিদ্যালয়ৰ পঞ্চমবাৰ্ষিক সমাবৰ্তনত অংশ ল’বলৈ আহি সন্মুখীন হ’বলগীয়া হয় তীব্ৰ প্ৰতিবাদৰ।

কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ক’লা পতাকা প্ৰদৰ্শনেৰে মুখ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে কাজিৰঙা বিশ্ববিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ সময়তে প্ৰতিবাদকাৰীসকলে কৰাইখোৱা এ টি ৰ’ডত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে নাগৰিকত্ব বিধেয়কক লৈ সৰ্বত্ৰে তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাজনিত কাৰণত সভাস্থলৰ ওচৰে পাজৰে আৰক্ষীয়ে কোনো লোককে প্ৰৱেশ কৰিব দিয়া নাছিল। ইয়াৰ উপৰি বিশ্ববিদ্যালয়ৰ পৰিসৰৰ বাহিৰৰ কোনো ছাত্ৰ-ছাত্ৰীকে আজি প্ৰৱেশ কৰিব নিদিলে।

ইফালে বিশ্ববিদ্যালয়খনৰ সমাবৰ্তনৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে ছবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন মেৰী কম। মেৰী কমে নিজৰ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনন্য প্ৰতিভা লুকুৱাই থাকে বুলি তাৎপৰ্যমূলক মন্তব্য কৰে। তদুপৰি ক্ৰীড়া ক্ষেত্ৰত আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক শিক্ষানুষ্ঠান কৰ্তৃপক্ষই অনুপ্ৰেৰণা যোগাব লাগে বুলিও কয়।

ইফালে আজিৰ এই সমাবৰ্তন অনুষ্ঠানতে কাজিৰঙা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৰণ্য মানৱ যাদব পায়েং আৰু ২০০৮ অলিম্পিক গেইমছত ১০ মিটাৰ শ্বুটিং ইভেণ্টত সোণৰ পদক অৰ্জন কৰা অভিনৱ বিন্দ্ৰাক ডক্টৰেট উপাধি প্ৰদান কৰে।

Related News