• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত অংশ ল’বলৈ আহি ক’লা পতাকাৰ সন্মুখীন হ’ল মুখ্য মন্ত্ৰী সোণোৱাল

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
January 13, 2019 8:36 pm
Jorhat- Various Organisation protest (2)

ফটো : যু বি

6.4k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত মুখ বন্ধ ৰখা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাজিৰঙা বিশ্ববিদ্যালয়ৰ পঞ্চমবাৰ্ষিক সমাবৰ্তনত অংশ ল’বলৈ আহি সন্মুখীন হ’বলগীয়া হয় তীব্ৰ প্ৰতিবাদৰ।

কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে ক’লা পতাকা প্ৰদৰ্শনেৰে মুখ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে কাজিৰঙা বিশ্ববিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰাৰ সময়তে প্ৰতিবাদকাৰীসকলে কৰাইখোৱা এ টি ৰ’ডত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে নাগৰিকত্ব বিধেয়কক লৈ সৰ্বত্ৰে তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাজনিত কাৰণত সভাস্থলৰ ওচৰে পাজৰে আৰক্ষীয়ে কোনো লোককে প্ৰৱেশ কৰিব দিয়া নাছিল। ইয়াৰ উপৰি বিশ্ববিদ্যালয়ৰ পৰিসৰৰ বাহিৰৰ কোনো ছাত্ৰ-ছাত্ৰীকে আজি প্ৰৱেশ কৰিব নিদিলে।

ইফালে বিশ্ববিদ্যালয়খনৰ সমাবৰ্তনৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে ছবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন মেৰী কম। মেৰী কমে নিজৰ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনন্য প্ৰতিভা লুকুৱাই থাকে বুলি তাৎপৰ্যমূলক মন্তব্য কৰে। তদুপৰি ক্ৰীড়া ক্ষেত্ৰত আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক শিক্ষানুষ্ঠান কৰ্তৃপক্ষই অনুপ্ৰেৰণা যোগাব লাগে বুলিও কয়।

ইফালে আজিৰ এই সমাবৰ্তন অনুষ্ঠানতে কাজিৰঙা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৰণ্য মানৱ যাদব পায়েং আৰু ২০০৮ অলিম্পিক গেইমছত ১০ মিটাৰ শ্বুটিং ইভেণ্টত সোণৰ পদক অৰ্জন কৰা অভিনৱ বিন্দ্ৰাক ডক্টৰেট উপাধি প্ৰদান কৰে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd