সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা মুখ্য মন্ত্ৰীৰ, দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

Rajen Deka

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক ৰাজেন ডেকা। ফটো : নৰ্থ-ইষ্ট নাও

দৈনিক অসমৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা আৰু তিনিচুকীয়াত ৪ যুৱকে এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীক দুৰ্বৃত্তই কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি এক বিবৃতিযোগে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা অতিশয় নিন্দনীয় আৰু গৰিহণাযোগ্য। মুখ্য মন্ত্ৰীয়ে কয় যে সাংবাদিক সকলৰ সুৰক্ষাৰ বাবে চৰকাৰে দায়বদ্ধ আৰু এনে ধৰণৰ ঘটনাৰ বিৰুদ্ধে চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিব। মুখ্য মন্ত্ৰীয় লগতে কয় এ চৰকাৰে সাংবাদিকৰ বিৰুদ্ধে ঘটা এনেকুৱা ঘটনা কোনোপধ্যে সহ্য নকৰে। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে।

একেদৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থায়ো সাংবাদিক আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। সন্থাৰ সভাপতি ড০ ঋষি দাস আৰু সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে এক প্ৰেছ বিবৃতিৰ জৰিয়তে অভিযুক্তক কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ দাবী জনোৱাৰ লগতে সংবাদ মাধ্যমৰ ওপৰত এনে আক্ৰমণে ৰাজ্যখনৰ আইন শৃংখলা অটুট ৰখাত চৰকাৰখন ব্যৰ্থ হোৱাটোকে প্ৰতিপন্ন কৰে বুলি মতপ্ৰকাশ কৰে।

ৰাজ্যখনৰ সকলো দল-সংগঠন তথা গণতন্ত্ৰত বিশ্বাসী ৰাইজক এই ঘটনাৰ বিৰুদ্ধে সন্মিলিতভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনায় সংগঠনটোৱে। লগতে মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থাৰ লগতে ন্যূনতম ৫ লাখ টকা ক্ষতিপূৰণ আগবঢ়াবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

আনহাতে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো দৈনিক অসমৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে লগতে ৰাজেন ডেকাৰ আশু আৰোগ্য কামনা কৰে।

বিৰোধী দলপতিগৰাকীয়ে আক্ৰমণকাৰী দুৰ্বৃত্তক আটক কৰি উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।