NORTHEAST NOW (Assamese)

নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰিবলৈ সাহস নাই মুখ্যমন্ত্ৰীৰ: ডি ৱাই এফ আই

September 19, 2023 4:59 pm · এন ই নাও নিউজ, গুৱাহাটী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানে অস্বীকাৰ নকৰক কিয় তেওঁৰ সমষ্টিত প্ৰকাশ পোৱা নিযুক্তি প্ৰক্ৰিয়াৰ অনিয়মে প্ৰমাণ কৰিছে সমগ্ৰ ৰাজ্যখনতে নিযুক্তিৰ নামত ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে।– এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ডি ৱাই এফ আয়ে।

ডি ৱাই এফ আইৰ দাবী, কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিতেই নহয়, পূৰ্বে হোৱা শিক্ষা আৰু স্বাস্থ্য বিভাগৰ নিযুক্তিটো অনিয়ম হোৱাৰ অভিযোগ উঠিছে। জালুকবাৰী সমষ্টিৰ হোৱা বাবেই চাকৰিৰ বয়সৰ সৰ্বোচ্চ সীমা অতিক্ৰম কৰা ৫৬ বছৰীয়া ব্যক্তিও চাকৰি পাবলৈ সক্ষম হৈছে।

এক বিবৃতিত সংগঠনটোৱে কয়, জালুকবাৰী সমষ্টিৰ জোনালী ভড়ালী দাস, বয়স ৪৮ বছৰ; নিপজ্যোতি বৈশ্য, বয়স ৪৬; সৈত্যেন্দ্ৰ দাস, বয়স ৫১ বছৰ; হৰকান্ত বৈশ্য, বয়স ৫৬ বছৰ; অজিত দাস, বয়স ৫৬ বছৰ আৰু সুকুমাৰ দাস নামৰ বয়স উৰ্ধৰ ব্যক্তি এজনে চাকৰি ল’বলৈ সক্ষম হৈছে।

“আচৰিত কথাটো হৈছে অভিযোগ উঠা এইসকল ব্যক্তি মুখ্যমন্ত্ৰীৰ চিনাকী হোৱাৰ লগতে শাসকীয় দলটোৰ মণ্ডল সভাপতিৰ অঙহী-বঙহী বুলি বাতৰি প্ৰকাশ পাইছে। নিজৰ ৰাজনৈতিক কেৰিয়াৰ সুৰক্ষিত কৰাৰ স্বাৰ্থতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে এই গুৰুতৰ অনিয়ম কৰিছে এই সম্পৰ্কে কোনো দ্বিমত থাকিব নালাগে।”— বিবৃতিটোত ডি ৱাই এফ আয়ে লগতে কয়।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰে হোৱা নিযুক্তি কেলেংকাৰীৰ ন্যায়িক তদন্ত দাবী কৰাৰ লগতে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনাইছে।

সংগঠনটোৱে কয়, অসম বিধান সভাত নিযুক্তি প্ৰক্ৰিয়াত হোৱা কেলেংকাৰীৰ প্ৰশ্নত উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কৈছিল যে এটা অনিয়ম দেখুৱাই দিব পাৰিলে চি বি আই তদন্ত দিব। ইয়াৰ পূৰ্বে দম্ভ মাৰি কৈছিল যে নিযুক্তি পোৱা সকলো প্ৰাৰ্থী নাম-ঠিকনা প্ৰকাশ কৰিব আৰু কোনোবাই বিচাৰিলে প্ৰাৰ্থীসকলৰ ওচৰলৈ গৈ সত্যা-সত্যতা বিচাৰ কৰিব পাৰিব।

কিন্তু এতিয়া বিয়োগোম কেলেংকাৰী প্ৰকাশ হোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কোনো পদক্ষেপ ল’বলৈ সাহস কৰা নাই বুলি ডি ৱাই এফ আয়ে দাবী কৰে। বাচনী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা প্ৰাৰ্থীও লক্ষিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি পাইছে বুলি গুৰুতৰ অভিযোগ উঠিছে বুলি বিবৃতিটোত উল্লেখ কৰে ডি ৱাই এফ আয়ে।

মুখ্যমন্ত্ৰীৰ জ্ঞাতসাৰেই যে নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে সেয়া শেহতীয়াকৈ প্ৰকাশ পোৱা অভিযোগসমূহে প্ৰমাণ কৰে বুলি উল্লেখ কৰি ডি ৱাই এফ আয়ে লগতে মুখ্যমন্ত্ৰীয়ে এই অভিযোগৰ পৰা পলায়ন কৰিলে নহ’ব বুলি দাবী কৰিছে।

লাখ লাখ যুৱক-যুৱতীৰ ভবিষ্যত জীৱনৰ লগত জড়িত বিষয়টোৰ ন্যায়িক তদন্ত দিবলৈ আৰু শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনাইছে ডি ৱাই এফ আয়ে। সংগঠনটোৱে দোহাৰে যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত প্ৰায় ১২ লক্ষাধিক যুৱক যুৱতীয়ে বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু তেওঁলোকক আজিও সঠিক ফলাফল দিয়া নহ’ল।

জালুকবাৰী সমষ্টিৰ ৫৬ বছৰীয়া ব্যক্তিয়ে সহজে চাকৰি পোৱাৰ সময়তে দিব্যাংগ প্ৰাৰ্থীসকলক বাৰে বাৰে শাৰীৰিক পৰীক্ষাৰ নামত হাৰাশাস্তি কৰা হ’ল বুলিও অভিযোগ কৰে সংগঠনটোৱে।

অভিযোগ দিয়াৰ পাছতো চতুৰ্থ বৰ্গৰ পদ উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে নিযুক্তি পোৱা বিষয়টোৰ কোনো তদন্ত কৰা নহ’ল আৰু এয়াই স্বচ্ছ আৰু নিকা নিযুক্তিৰ উদাহৰণ বুলি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ডি ৱাই এফ আয়ে।

Related News