NORTHEAST NOW (Assamese)

মোডীৰ নিৰ্দেশো ‘অমান্য’ হিমন্তৰ! পাঠানক লৈ তাণ্ডৱৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰশ্ন-‘কোন শ্বাহৰুখ খান’?

January 22, 2023 10:46 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰসিদ্ধ অভিনেতা শ্বাহৰুখ খানক চিনি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শ্বাহৰুখ খান অভিনীত পাঠানক লৈ হোৱা বিতৰ্ক আৰু প্ৰতিবাদৰ সন্দৰ্ভত সোধাত মুখ্যমন্ত্ৰীয়ে ওলোটাই প্ৰশ্ন কৰে, “কোন শ্বাহৰুখ খান?” মুখ্যমন্ত্ৰীৰ দাবী কৰে যে তেওঁ শ্বাহৰুখ খানক চিনি নাপায় আৰু পাঠান সম্পৰ্কেও তেওঁ নাজানে।

ইয়াৰ পূৰ্বে, বিজেপিৰ কৰ্মসমিতিৰ এখন সভাত প্ৰধানমন্ত্ৰী মোডীয়ে স্পষ্টভাৱে নিৰ্দেশ দিছিল যে দলৰ কৰ্মী আৰু সমৰ্থকসকলে চলচ্চিত্ৰৰ দৰে বিষয়ত যাতে “অপ্ৰাসংগিক” মন্তব্য নিদিয়ে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: চীনক ৰঙা চকু দেখুৱাই ভাৰতৰ ‘প্ৰলয়’! এইবাৰ উত্তৰ-পূবৰ চীন সীমান্তত বায়ু সেনাৰ অনুশীলনৰ প্ৰস্তুতি

বজৰং দলৰ সদস্যসকলে শুকুৰবাৰে ‘পাঠান’ ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অভিযোগ কৰা হৈছিল যে ছবিখনৰ পোষ্টাৰ ফলাৰ লগতে জ্বলাই দিয়া  হৈছিল। এই সন্দৰ্ভতে হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে তেওঁ শ্বাহৰুখক চিনি নাপায়।

ইপিনে, ‘শ্বাহৰুখ খান কোন’ বুলি সোধাৰ পিছতো মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদৰ বিষয়ে মুখ খোলে। তেওঁ কয় যে “শ্বাহৰুখ খানে মোক ফোন কৰা নাই। কিন্তু যদি তেওঁ ফোন কৰে মই ইয়াক চাম। যদি আইন-শৃংখলা উলংঘন হয় তেন্তে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘’

আনহাতে, অসমৰ ৰাইজে অসমীয়া চিনেমাৰ কথা ক’ব লাগে বুলি মন্তব্য কৰে। অসমীয়া ছবি ‘ডাঃ বেজবৰুৱা পাৰ্ট ২’ সোনকালেই মুক্তি পাব। তেওঁ সকলোকে চিনেমাখন চাবলৈ আহ্বান জনায়।

শেহতীয়াকৈ, বিজেপিৰ কেইবাজনো নেতাই অপ্ৰাসংগিক বিষয়ত তৰল মন্তব্য কৰিছে। শ্বাহৰুখ খানৰ ছবি ‘পাঠান’কলৈয়ো বিতৰ্কিত মন্তব্যৰ বাবেও বহুতো বিজেপি নেতা-মন্ত্ৰীয়ে শিৰোনাম দখল কৰিছে। মোডীৰ মতে ইয়াৰ ফলত বিজেপি অস্বস্তিৰ সন্মুখীন হ’ব লগা হৈছে।

লগতে পঢ়ক: প্ৰেমত ঘুৰিছে ভূমণ্ডল! ৯৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল মহাকাশচাৰী বাজ এলড্ৰিন

মোডীৰ মতে এই বিতৰ্কৰ বাবে দলটোৰ প্ৰচাৰ কৌশল ভাগি পৰিছে। বিজেপিৰ উন্নয়নমূলক প্ৰচাৰ পিছ পৰি ৰৈছে। সেয়েহে, মোডীয়ে নিৰ্দেশ দিছিল যে চিনেমাৰ দৰে অপ্ৰাসংগিক বিষয়ত কোনো অপ্ৰয়োজনীয় মন্তব্য কৰিব নালাগে। কিন্তু মোডীৰ সেই নিৰ্দেশক একপ্ৰকাৰ অমান্য কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  শ্বাহৰুখ খান চিনি নোপোৱাৰ কথা কৈ বিতৰ্কত নতুন ৰং সানিছে।

Related News