• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনৰ ঘৰতে FBIৰ অভিযান; মাৰাথন তালাচীত উদ্ধাৰ বহু গোপন নথি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2023 12:03 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড’নাল্ড ট্ৰাম্পৰ পিছত FBI য়ে এইবাৰ স্বয়ং ৰাষ্ট্ৰপতি জো বিডেনৰ ঘৰত অভিযান চলাইছে। শনিবাৰে ১৩ ঘণ্টা ধৰি মাৰাথন তালাচী চলিছিল। তালাচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ উইলমিংটনৰ বাসগৃহৰ পৰা আধা ডজন গোপনীয় নথি উদ্ধাৰ কৰা হৈছে। সেইবোৰ ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায়পালিকাক হস্তান্তৰ কৰা হৈছে। পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে ডেমক্ৰেটসকলে এই তালাচীক লৈ শক্তিশালী আক্ৰমণৰ সন্মুখীন হ’ব লাগিব।

ইপিনে, বিডেনৰ অধিবক্তাই কৈছে যে এই গোপনীয় নথিপত্ৰবোৰ বহুত পুৰণি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়েই এফবিআইক সেইবোৰ বিচাৰি উলিয়াবলৈকে তালাচী চলাবলৈ কৈছিল। তথাপি, এফবিআইৰ অভূতপূৰ্ব তালাচীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত এক আলোড়নৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: চীনক ৰঙা চকু দেখুৱাই ভাৰতৰ ‘প্ৰলয়’! এইবাৰ উত্তৰ-পূবৰ চীন সীমান্তত বায়ু সেনাৰ অনুশীলনৰ প্ৰস্তুতি

Apply Now

বাতৰি অনুসৰি, জো বিডেন চিনেটৰ আৰু উপ-ৰাষ্ট্ৰপতি হৈ থাকোতে উইলমিংটনৰ বাসগৃহৰ পৰা কাম কৰিছিল। এফবিআই-য়ে পুথিভঁৰালৰ পৰা সেই সময়ৰ ছয়খন নথি পত্ৰ উদ্ধাৰ কৰিছে যাৰ ওপৰত ‘শ্ৰেণীবদ্ধ’ বুলি লিখা আছে।

জানিব পৰা মতে, এফবিআইৰ ওচৰত এই তালাচীৰ বাবে হেনো কোনো চাৰ্চ ৱাৰেন্ট নাছিল। অৱশ্যে ৰাজনৈতিক মহলৰ ধাৰণা যে এই তালাচী অভিযানৰ গুৰুত্ব কম নহ’ব। আনহাতে, তেওঁলোকৰ বিশ্বাস যে ড’নাল্ড ট্ৰাম্পৰ দলে এই গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ আৰু তালাচীক অস্ত্ৰ হিচাপ ব্যৱহাৰ কৰি ডেম’ক্ৰেটসকলৰ বিৰুদ্ধে প্ৰচাৰ অভিযানত ধুমুহাৰ সৃষ্টি কৰিব। মধ্যৱৰ্তী নিৰ্বাচনত ডেম’ক্ৰেটসকল বিপাঙত পৰিছিল। এনে পৰিস্থিতিত ৰিপাব্লিকানসকলৰ এই আক্ৰমণৰ ধুমুহা চম্ভালা তেওঁলোকৰ বাবে কঠিন হ’ব।

জো বিডেনৰ অধিবক্তা বব বাৱাৰে এক বিবৃতিত জনায় যে তালাচীৰ সময়ত বিডেন অনুপস্থিত আছিল। চিনেটৰ আৰু উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ কাৰ্যকালৰ দস্তাবেজসমূহ উদ্ধাৰ কৰা হৈছে। এই সন্দৰ্ভত মন কৰিব লগীয়া যে বিডেন ডেলাৱেৰৰ চিনেটৰ (১৯৭৩-২০০৯) আছিল। বাৰাক অবামা ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেওঁ উপ ৰাষ্ট্ৰপতি আছিল। এই সময়ৰ নথিপত্ৰ জব্দ কৰা হৈছে। বিডেনৰ অধিবক্তাই কয় যে তেতিয়াৰ উপ ৰাষ্ট্ৰপতিয়ে ঘৰৰ পৰা বহুতো কাম কৰিছিল, সেয়েহে এই নথিপত্ৰ তাত ৰৈ গৈছে।

লগতে পঢ়ক: প্ৰেমত ঘুৰিছে ভূমণ্ডল! ৯৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল মহাকাশচাৰী বাজ এলড্ৰিন

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জো বিডেনে কয়, “মোৰ অধিবক্তাই মোক যি কৰিবলৈ পৰামৰ্শ দিছে মই সেইটো অনুসৰণ কৰি আছোঁ।‘’ কিন্তু প্ৰশ্ন উত্থাপিত হ’বলৈ আৰম্ভ কৰিছে যে বিডেনে কিয় গুৰুত্বপূৰ্ণ চৰকাৰী নথিপত্ৰ তেওঁৰ ঘৰত ৰাখিছিল?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd