• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাপত ওমৰ আব্দুল্লা, চৰকাৰ পতন ঘটোৱাৰ ভাবুকি ২৫ গৰাকী শাসকীয় দলৰ বিধায়কৰ! ১৪ দিনৰ সময়সীমা

এই বিদ্ৰোহৰ সমান্তৰালকৈ নেচনেল কনফাৰেন্সে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, শ্ৰীনগৰৰ সাংসদ আঘা চৈয়দ ৰুহুল্লা মেহদীয়ে পদত্যাগৰ ঘোষণা কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 2, 2026 10:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ দলৰ ভিতৰৰ পৰাই এক প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। নেচনেল কনফাৰেন্সৰ ২৫ জন অসন্তুষ্ট বিধায়কে ১৪ দিনৰ সময়সীমা বান্ধি দি এই সময়সীমাৰ ভিতৰত দাবী পূৰণ নকৰিলে চৰকাৰৰ পৰা তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ হুংকাৰ দিছে।

বিধায়কসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত দলৰ হাইকমাণ্ডে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজভৱনলৈ গৈ আনুষ্ঠানিকভাৱে সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলি সকীয়াই দিছে। ‘বিদ্ৰোহী’ বিধায়কসকলে চৰকাৰৰ আমূল পৰিৱৰ্তনৰ দাবী জনাইছে। ইয়াৰ ভিতৰত বৰ্তমানৰ সকলো মন্ত্ৰীক পদৰ পৰা অপসাৰণ আৰু তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীৰ উপদেষ্টাক অপসাৰণ কৰাৰ দাবীও অন্তৰ্ভুক্ত।

২৫জন ‘বিদ্ৰোহী’ বিধায়কৰ দাবীসমূহ কি?

* মূল দাবী হৈছে বৰ্তমানৰ সকলো মন্ত্ৰীকে ১৪ দিনৰ ভিতৰত পদৰ পৰা অব্যাহতি দিব লাগে। লগতে মুখ্যমন্ত্ৰীৰ উপদেষ্টাজনক শীঘ্ৰে অপসাৰণৰ দাবী উত্থাপন কৰে।
* স্বচ্ছতা আৰু যোগ্যতাৰ ভিত্তিত নতুন মন্ত্ৰীসভা গঠনৰ দাবী জনাইছে ‘বিদ্ৰোহী’সকলে। লগতে কেৱল কেইজনমান ব্যক্তিৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ নকৰি মন্ত্ৰী নিযুক্তিৰ ক্ষেত্ৰত সমগ্ৰ বিধায়িনী দলৰ সদস্যসকলৰ পৰামৰ্শ ল’ব লাগে।
* দলৰ মতাদৰ্শগত স্থিতি আৰু নিৰ্বাচনী ইস্তাহাৰক লৈও উদ্বেগ প্ৰকাশ কৰে বিধায়কসকলে। তেওঁলোকে বিচাৰে যে চৰকাৰে ৩৭০ অনুচ্ছেদ, ৩৫এ অনুচ্ছেদ আৰু অন্যান্য সাংবিধানিক সুৰক্ষা ব্যৱস্থা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত অধিক শক্তিশালী স্থিতি গ্ৰহণ কৰক।
* এইবোৰ বিষয়ত কোনো ধৰণৰ আপোচ মানি ল’বলৈ অনিচ্ছুক ‘বিদ্ৰোহী’ গোট। তেওঁলোকে বিচাৰে যে চৰকাৰে এই দাবীসমূহ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দৃঢ়তাৰে দাখিল কৰক।
১৪ দিনৰ সময়সীমা শেষ হোৱাৰ পূৰ্বে যদি নেতৃত্বই কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ নকৰে তেন্তে বিধায়কসকলে ৰাজভৱনলৈ গৈ সমৰ্থন প্ৰত্যাহাৰ কৰিব।

এই বিদ্ৰোহৰ সমান্তৰালকৈ নেচনেল কনফাৰেন্সে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, শ্ৰীনগৰৰ সাংসদ আঘা চৈয়দ ৰুহুল্লা মেহদীয়ে পদত্যাগৰ ঘোষণা কৰিছে। ৩ নৱেম্বৰত নেচনেল কনফাৰেন্সে আৰু লোকসভা দুয়োটাৰে পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিব বুলি উল্লেখ কৰি ৰুহুল্লাই দলৰ নেতৃত্বই নিজৰ মতাদৰ্শগত স্থিতিৰ পৰা বিৰত থকাৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

তেওঁ নিৰ্বাচনৰ সময়ত লাভ কৰা জনতাৰ ৰায় ৰক্ষা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগো উত্থাপন কৰিছে। বিশেষকৈ ২০১৯ চনৰ ৫ আগষ্টৰ পৰা কাৰ্যকৰী হোৱা সাংবিধানিক পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিত পিছুৱাই যোৱাৰ বাবে তেওঁ দলটোক তীব্ৰ সমালোচনা কৰিছে।

দলৰ বাহিৰৰ পৰা তেওঁৰ সমালোচনা আৰু ২৫ জন বিধায়কৰ মাজত থকা অসন্তুষ্টিয়ে নেচনেল কনফাৰেন্সৰ নেতৃত্বক চাপত পেলাইছে।

২৫ জন ‘বিদ্ৰোহী’ বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ভাবুকিৰ খবৰে ৯০ জনীয়া জম্মু-কাশ্মীৰ বিধানসভাত চৰকাৰৰ স্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

নেচনেল কনফাৰেন্সৰ ৪১ গৰাকী বিধায়ক আছে। যদি ২৫ জন বিধায়কে একত্ৰিত হৈ সমৰ্থন প্ৰত্যাহাৰ কৰে তেন্তে চৰকাৰৰ প্ৰতি দলৰ সমৰ্থন যথেষ্ট হ্ৰাস পাব, যাৰ ফলত বিধানসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ আশংকা আহিব পাৰে। এনে পৰিস্থিতিত নিৰ্দলীয় আৰু অন্যান্য মিত্ৰৰ সমৰ্থন থাকিলেও ওমৰ আব্দুল্লাৰ নেতৃত্বাধীন প্ৰশাসনৰ বৰ্তি থকাটো কঠিন হ’ব পাৰে।

আব্দুল্লাৰ নেতৃত্বৰ সন্মুখত এতিয়া ডাঙৰ প্ৰত্যাহ্বান হৈছে দলৰ বিধায়কসকলৰ অসন্তুষ্টি দূৰ কৰা, ‘বিদ্ৰোহী’ বিধায়কসকলৰ দাবী পূৰণ কৰা আৰু দলৰ ভিতৰত বিভাজন ৰোধ কৰা।

১৪ দিনীয়া সময়সীমা আৰু ৩ নৱেম্বৰত ৰুহুল্লাৰ পদত্যাগ ঘোষণাৰ পৰিপ্ৰেক্ষিতত আগন্তুক দিনবোৰ নেচনেল কনফাৰেন্স আৰু ওমৰ আব্দুল্লা চৰকাৰৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাপত ওমৰ আব্দুল্লা, চৰকাৰ পতন ঘটোৱাৰ ভাবুকি ২৫ গৰাকী শাসকীয় দলৰ বিধায়কৰ! ১৪ দিনৰ সময়সীমা

চাপত ওমৰ আব্দুল্লা, চৰকাৰ পতন ঘটোৱাৰ ভাবুকি ২৫ গৰাকী শাসকীয় দলৰ বিধায়কৰ! ১৪ দিনৰ সময়সীমা

November 2, 2026 10:40 am
জেনেভাত ৩৪ কোটি টকাৰ এপাৰ্টমেণ্ট; কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীতকৈও অধিক সম্পত্তি পত্নীৰ

জেনেভাত ৩৪ কোটি টকাৰ এপাৰ্টমেণ্ট; কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীতকৈও অধিক সম্পত্তি পত্নীৰ

November 2, 2026 8:52 am
ঘন জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰিল বিলাসী ব্যক্তিগত বিমান; ফ্ল’ৰিডাত ৯ জন লোকৰ মৃত্যু

ঘন জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰিল বিলাসী ব্যক্তিগত বিমান; ফ্ল’ৰিডাত ৯ জন লোকৰ মৃত্যু

November 2, 2026 7:56 am
নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

November 1, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাপত ওমৰ আব্দুল্লা, চৰকাৰ পতন ঘটোৱাৰ ভাবুকি ২৫ গৰাকী শাসকীয় দলৰ বিধায়কৰ! ১৪ দিনৰ সময়সীমা

চাপত ওমৰ আব্দুল্লা, চৰকাৰ পতন ঘটোৱাৰ ভাবুকি ২৫ গৰাকী শাসকীয় দলৰ বিধায়কৰ! ১৪ দিনৰ সময়সীমা

November 2, 2026 10:40 am
জেনেভাত ৩৪ কোটি টকাৰ এপাৰ্টমেণ্ট; কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীতকৈও অধিক সম্পত্তি পত্নীৰ

জেনেভাত ৩৪ কোটি টকাৰ এপাৰ্টমেণ্ট; কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীতকৈও অধিক সম্পত্তি পত্নীৰ

November 2, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd